তুমি আহিবা বুলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, December 1, 2021

তুমি আহিবা বুলি

 তুমি আহিবা বুলি 

মিনু হাজৰিকা 

কাহিলীপাৰা , গুৱাহাটী 



খবৰত হঠাৎ পাইছিলো 

তুমি আৰু নাই !

গানৰ এটি যুগৰ 

পৰিসমাপ্তি ঘটিলে ৷

বিমান বন্দৰৰ পৰা 

শৱদেহ আদৰিবলৈ ,

জানোচা এক জনসমুদ্ৰ

হঠাতেই বৈ আহিল ক’ৰ পৰা ?

শিল্পীৰ পৰা শিল্পপতি 

অট্টালিকাৰ বাসিন্দাৰ পৰা

পদপথৰ ভীক্ষাৰী ৷

গান ভাল নাপাওঁ বুলি 

কোৱাজনৰো বুকুত যেন ,

ফাটি ৰ’ল বেদনাৰ কোলাহল ৷

সদাজাগ্ৰত সুৰৰ দেৱতা !!!

তোমাক শুৱাই দিলো ,

অনাগত দিনৰ জাগ্ৰত প্ৰহৰীৰ 

জালুকবাৰীস্হ ফুলৰ বাগিচাত ৷

য’ত জ্বলি আছে এতিয়াও 

আশাৰ এগচি চাকি ৷

তুমি আকৌ ঘুৰি আহিবা বুলি !!!


                                          

    প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ সোঁৱৰণত


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages