চম্পাৱতীৰ সাধু
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
বহুদিন হ'ল
চম্পাৱতী
যাব পৰা নাই বিউটি পাৰ্লাৰলৈ
এ. চি . ৰূমৰ বহুজাতিক সুগন্ধিত
এৰি দিব পৰা নাই নিজৰ
সমস্ত সাঁচতীয়া হা- হুমুনিয়াহ
চকু - মুখত অৱসাদ
দুগালত একাকীত্বৰ
লুক- ঢাক বিহীন আঁচোৰ
(এক)
নিজকে ধুনীয়া বুলি অহংকাৰত মত্ত আইনা খন হাতত লৈ আতংকিত হৈ পৰিছে চম্পাৱতী
বলিৰেখা...
ছেঃ
এটা ভাল কোম্পানীৰ এন্টি এজিং ক্ৰীম
আমাজানতে অৰ্ডাৰ দিব পৰা হ'লে
সৌ সিদিনা লুকাই- চুৰকৈ বিজ্ঞাপন এটাত হঠাতে চকু পৰোতে
এন্টি এজিং ক্ৰীম এটা মনে খাইছিল চম্পাৱতীৰ
পিছে দূৰ হ'ব জানো
ৰ'দে পোৰা গাৰ বৰণ !!
চফেদ হ'ব জানো
চম্পাৱতীৰ সুখৰ (সাধু)ৰ আঁচল
মনত হাজাৰটা সংশয়
ছালৰেই দোষ কিবা দোষ-চোষ নহয় তো
চম্পাৱতী অ' সময় বোঁৱতী নৈ
( দুই)
বিউটি পাৰ্লাৰলৈ বুলি মনৰ তেজাল ঘোঁৰাৰ লগতে বেগী ডেউকা মেলাৰ কিবা সুবিধা কৰিব পাৰিলে
মেডিকিৱৰ লগতে পেডিকিয়ৰ এটাও কৰাব লাগিব
হওঁতে বাৰীৰ চকুৰ হালধি এটুকুৰাও পিচি লগাব পাৰি
পিছে বিচনাত পৰাৰ লগে- লগেই ভাগৰে হেঁচি ধৰে চম্পাৱতীক
চম্পাৱতীৰ পাখি কটা
সপোনৰ দেশতো নাই
কোনো ছদ্মবেশী মিলিয়নাৰৰ
চাতক দুচকু
বিউটি পাৰ্লাৰলৈ বুলি যিদিনা যাব খোজ ল'ব দিঠকত সেইদিনা
মেডিকিৱৰ লগতে পেডিকিয়ৰ এটাও কৰাব লাগিব
ল'ৰিয়েল নাইবা ল'টাচৰ
চম্পাৱতীয়ে মনতে কথাবোৰ পাগুলে
পাগুলে আৰু পাগুলে
পাগুলি- পাগুলি
চম্পাৱতীয়ে ঠিৰ কৰে
এটা ফেচিয়েলো কৰাব লাগিছিলে
ফেচিয়েল
নাই
ফেচিয়েল তাই গ'ল্ডৰ হে কৰাব
(তিনি)
চম্পাৱতীৰ হিচাপ- নিকাচত যতি পৰে
মাহী আয়ে
চম্পাৱতীক আঁৰি থয়
আঘোনৰ পথাৰত
"ধানো খাম- চাউলো খাম
চম্পাৱতীক বিয়া কৰাই
ঘৰলৈ লৈ যাম."..
(চাৰি)
চম্পাৱতীয়ে জোৰেৰ হেঁচি ধৰে
দুই কাণ
বহু দিন হ'ল সাধু কথাবোৰ মলঙা
তথাপিও কিয় আঁতৰি আহিব পৰা নাই চম্পাৱতী বিশ্বায়নৰ পথাৰৰ পৰা
তথাপিও আজিও চম্পাৱতী কিয়
চকুৰ কূটা দাঁতৰ শাল
চম্পাৱতী অপ্ৰত্যাশিত
প্ৰতিযোগী সমদলত
চম্পাৱতীলৈ
মাহী আইৰ দুচকুত
এশ চৌৰাল্লিশ ধাৰা
কিয়
কিয়
(পাঁচ)
বহু দিন হ'ল চম্পাৱতী যাব পৰা নাই
বিউটি পাৰ্লাৰলৈ
বহু দিন হ'ল চম্পাৱতীয়ে কিনিব পৰা নাই এটা এন্টি এজিং ক্ৰীম
বহু দিন হ'ল চম্পাৱতীয়ে চাব পৰা নাই এটা পূৰঠ সপোন....
No comments:
Post a Comment