ব্যস্ততা
ত্ৰিৰঞ্জন টাইদ
তোমাৰ আধিপত্যৰ বাবেই
বিচ্ছিন্ন হৈ পৰে
মোৰ আন্তৰিকতাৰ পাহাৰ ;
আৰু
অসুস্থ হৈ পৰে
মোৰ প্ৰিয় স্ংসাৰ ;
ক্ৰ্মান্ধয়ে- -
বাঢ়ি আহে বিষন্নতাৰ নৈ
সম্বন্ধৰ গা খহাই।
ব্যস্ততা !
তোমাৰ উৰ্বৰতাৰ বাবেই
অনুৰ্বৰ হৈ গজালি মেলে
মোৰ প্ৰিয় বন্ধুৰ নিমন্ত্ৰন
চেনেহবোৰ আশ্ৰয় বিছাৰি ঘুৰি ফুৰে
অসুখত ভোগী
অসুখত ভোগী।
No comments:
Post a Comment