মোৰ মন যায়
মনোজ কুমাৰ পেগু
শান্তিপূৰ গাঁও, লখিমপুৰ
মন যায় পিতৃ-মাতৃৰ সৎ কুমাৰ হবলৈ,
চিৰকাল পিতৃ-মাতৃ আৰু ভগৱানৰ
চৰণ স্পৰ্শ কৰি সেৱা শুশ্ৰূষা কৰিবলৈ ।
মন যায় মহাত্মাৰ দৰে হবলৈ,
চিৰকাল সত্যবাদী আৰু
অহিংসাৰ ধৰ্ম নীতিত চলিবলৈ ।
মন যায় ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে হবলৈ,
ভাৰতবৰ্ষৰ প্ৰথম ন'বেল বঁটা বিজয়ী আৰু
গান্ধীজীৰ পৰা 'গুৰুদেৱ' সন্মান গ্ৰহণ কৰিবলৈ ।
মন যায় মহৰ্ষি বাল্মীকি দেৱৰ দৰে হবলৈ,
কঠোৰ তপস্যাত ব্ৰহ্মাৰ মুগ্ধত আশীৰ্বাদ গ্ৰহণ কৰি
সৰ্ব্ববৃহৎ গ্ৰন্থ 'ৰামায়ণ' ৰচনা কৰিবলৈ ।
মন যায় মহৰ্ষি বেদব্যাস দেৱৰ দৰে হবলৈ,
শ্ৰী শ্ৰী গনেশ দেৱতাক লেখাৰু ৰূপে অনুৰোধ কৰি
মহান ধৰ্ম গ্ৰন্থ 'মহাভাৰত' তথা
'পঞ্চম বেদ' ৰচনা কৰিবলৈ ।
শেষত,
মন যায় দেশ ভক্তি তথা দেশৰ সৈনিক হবলৈ,
বিদেশী শত্ৰুৰ আক্ৰমণৰ পৰা মাতৃভূমিক ৰক্ষা কৰি
স্বাধীন ভাৰতবৰ্ষৰ জাতীয় সংগীত গাবলৈ ।
জয় হিন্দ..!!
No comments:
Post a Comment