নতুন বছৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

নতুন বছৰ

 নতুন বছৰ

আকাশদ্বীপ দুৱৰা

শিৱসাগৰ


আহি গ'ল নতুন বছৰ

হৈ গ'ল বনভোজৰ বতৰ।

পথাৰে, ঘাটে বনভোজ

খাই বৈ গ'ল,

য'তে ত'তে পলিথিন , প্লাষ্টিক

পেলায় থৈ গ'ল।

বিলাসিতাপূর্ণ গাড়ীত উঠি

কৰি গ'ল ভ্রমণ,

উদ্ধৃংখল মাতেৰে বজাই গ'ল

গানৰ ৰহণ।

লগতে ধূলি - বালিৰে

ভৰপূৰ বায়ুমণ্ডল ,

হৈ গ'ল প্ৰকৃতিৰ

সৌন্দর্যৰ কণ্ডল।

হাতে হাতে বােমা ফটকা লৈ

-

আদৰিলে নতুন বছৰ,

কৰি গ'ল প্ৰকৃতিৰ

সৌন্দর্যত বেয়া বতৰ।

আদৰক নতুন বছৰ

কৰি যাওক ভ্রমণ

খাওক বনভোজ।

বজাই যাওক গানৰ ৰহণ।

কিন্তু নহয় উদ্ধৃংখলতা

প্ৰদূষণৰ মাজেৰে ,

আদৰি যাওক নতুন বছৰ

পৰিষ্কাৰ পৰিচ্ছনতাৰে

আৰু মাথাে নীৰৱতাৰে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages