সঁফুৰা বিচাৰি
অমৰজিৎ কুমাৰ পাঠক
বামুণ বাৰাদি, বৰপেটা
ক'ত থওঁ ? ক'ত থওঁ মোৰ হৃদয় ?
ক'ত ??
কোন পথেদি যাওঁ ক'ত বিচাৰি পাওঁ
অম্লান মৰমৰ সঁফুৰা ?
অৱক্ষয়ৰ গৰাহত দেখোন আমাৰ কুমলীয়া
যৌৱন আৰু জীৱন।
বাটে-ঘাটে, অলিয়ে-গলিয়ে দেখোঁ
প্ৰেমহীন মৰমৰ অভিসাৰ !
নিথৰ নিষ্কম্প, নিৰ্বিকাৰ।
ক'ত থওঁ মোৰ হৃদয় ? তাতেইনে ?
য'ত প্ৰেমৰ অভিধা সলনি কৰি উদং কৰিছোঁ বুকু ?
প্ৰাণৰ শিখাৰে সহস্ৰ জনৰ প্ৰাণ আলোকদীপ্ত কৰাৰ
আকাংক্ষা স্তিমিত হৈছে কিয় ?
জীৱনৰ আশিসেৰে ফুলাই তোলা ফুলবোৰ ক'ত ?
তিমিৰাচ্ছন্ন সুৰঙ্গ পথেৰে গতি কৰিচেনেকি
আমাৰ হৃদয়বোৰ ?
নে নিৰস, নিষ্পন্দ হেমন্ত ঋতুৰ বৈৰাগ্যই
আঘাত কৰিছে মন আৰু হৃদয়ত ?
জীৱনৰ চিৰাচৰিত, নৈসৰ্গিক নিয়মবোৰ
বিসৰ্জন দিয়া হ'ল নেকি ?
মোৰ দৃঢ় বিশ্বাস - এতিয়াও আছে
আমাৰ প্ৰাণত, আমাৰ হৃদয়ত
এধানি, একণি ঠাই। য'ত -
আলফুলে, সযতনে থৈ দিব পাৰোঁ
মোৰ কণমানি ' ।
No comments:
Post a Comment