নতুন দিনৰ কচৰৎ
জুনু বুঢ়াগোহাঞি নাথ
গুৱাহাটী
টোপনিতে সিৰামুৰি ধৰা পৃথিৱী এখন পালোঁ
অলৰ-অচৰ
এছাৰ মাৰি উঠি বহিলোঁ
জঠৰ ভৰি দুটা চুই চাই গ'ম পালোঁ
জীয়াই আছোঁ
বুকুত অজান হেপাঁহৰ মায়া ৷
ৰৈ থকা পৃথিৱীৰ মানুহবোৰে
উশাহটো গাতে মেৰিয়াই শুই আছে
বেলি বহাৰ দিন ধৰি
জোন ওলোৱা নাই তাত
চকুমুদি পাতিবলৈও সহজ নোহোৱা
কথাবোৰ উলংগ
কলিৰ শেষ কাৰণেই নেকি
কথাই কাপোৰ পিন্ধি বেয়া পোৱা হ'ল
সেইবোৰ সহিবলৈ, সামৰিবলৈ
বেলেগ এখন বুকু লাগিব
আৰু জীণ যাব পাৰে অনায়াসে
নিয়ম নথকা পৃথিৱীত ৷
এনেদৰেই চিপ টানি টানি
ঠৰঙা লগা বছৰ এটা গ'ল ।
কালিকা লগা সময় সামৰি
বছৰৰ শেষৰটো পুৱা
কিছু উদাস, কিছু উদ্যম
অস্থিৰতাৰে নহয়, সুস্থিৰতাৰে
নতুন কচৰৎ ৷
সহজ দিনৰ ৷
No comments:
Post a Comment