পৰুৱা
স্বপ্নালী কলিতা
কলা মানুহজনৰ কাণদুখন বিশেষ কায়দাত
সজাই থোৱা আছে।
কাণফুল কাণফুল শোভা এটাৰে.,
বেচিজিল আগকথাত লাগি আছে
এশটা চিগাৰেট মৰি গজি উঠা ধোঁৱা।
হৃৎপিণ্ডত ৰমৰমাই থকা কফৰ টুকুৰাবোৰে
নীতি শিক্ষাৰ পাঠ চালি আছে।
অৰ্হতা আৰু দক্ষতাৰ নিয়মাৱলীখন হাতত লৈ
সাৰ্বজনীন পূজা মন্দিৰৰ কাষত
এটা বটলত ঘুটি আছে শৱদ।
কোট্ কোট্ কোট্ ।
বেদক কোনে কোনে পঢ়ুৱাই শুকৰ নীতি?
ৰামৰ ৰীতিত কোনে সানি আছে ভৰণ!
ছমাহ সংশোধন কৰা নিজৰ সংবিধান খন
গনতান্ত্ৰিক কৰিবৰ বাবেই
বেচিজিল আঙুলিবোৰেৰে
সিঁচি দিয়া চেনীৰ দানাবোৰত
কোনে আনি মেলি দিলে পৰুৱা!
বোবা মানুহজনে শেষটো নিৰীক্ষণ
কৰি আছে।
লগত থকা অন্ধজনে শুনি আছে
কথোপকথন।
কেহেঁৰাজ ৰঙীণ উৎসৱ এটাত
কেইজনমান দৰ্শকক এটা পৰুৱা ৰজাই
টানি নি আছে।
গাঁতটো আৰু দৰ্শক কেইজনৰ মাজত
তুমুল যুদ্ধ।
যুদ্ধটো এটা নান্দনিকতা থাকে।
থাকে, এখন সময়ৰ নিচান
আৰু থাকে
উৰণ,বুৰণ,গজন,ভ্ৰমণ।
No comments:
Post a Comment