ৰূপান্তৰৰ ঐনিঃতম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

ৰূপান্তৰৰ ঐনিঃতম

 ৰূপান্তৰৰ ঐনিঃতম


                 যতীন মিলি



দল এটা খামুচি

খাওঁ খাওঁ কৰি থকা জোকটোৱে

মোক আকৌ সুৱঁৰাই দিয়ে

স্মৃতিশূন্য খেতিয়ক পিতাইৰ জেপ লুৰুকা বিষয়াৰ হাত দুখনলে'


ভ্ৰষ্ট সময়ৰ পিছে পিছে

হালধীয়া ঘোঁৰা চেঁকুৰাই দৌৰিছোঁ

অবিৰাম


বসন্তৰ চিৰ সাক্ষী

কুলিৰ কোমল মাতত

পাখি মেলি দূৰ দিগন্তলৈ

উৰি গুচি যোৱা দিনবোৰৰ প'ষ্টমৰ্টেম কৰিছোঁ 


বিৰিণাৰ বোকোচাত বহি

চাই আছোঁ

বাট এৰা নৈ এখনৰ হা-হুতাহ হুমুনিয়াহ


বীতশ্ৰদ্ধ ৰাতি

কাণৰ পৰ্দাত নীলা শিয়ালৰ হোৱা এটি পৰিলেই

আশাহত হওঁ


আৰু


আশাৰ জোন উধাও হোৱা বুকুত নকৈ ৰোপণ কৰোঁ

ৰূপান্তৰৰ এসাগৰ ঐনিঃতম…



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages