ভগৱান
অনুভৱ প্ৰিয়ম মিৰি
তুমি ক'ত থাকা নাজানো
কিন্তু মন্দিৰ,গীৰ্জা,মছজিদত
মানুহৰ লানি নিছিগা সোঁত
ধূপ-ধূনা প্রাৰ্থনাৰে নিতৌ মুখৰিত
মন্দিৰ, গীৰ্জা,মছজিদ
আৰাধনাৰে বিচাৰে কল্যাণ আশীৰ্বাদ
তুমি আহিবা বুলি
ভক্ত প্রাণ মানুহে
নিতৌ খুলি ৰাখে মনৰ দুৱাৰ
দিন আৰু সময়ৰ সোঁতত
উটি ভাঁহি ফুৰি
তোমাৰ আৰাধনাত মগ্ন মানুহবোৰ
মানুহবোৰ থাপনাত ফুল ছটিয়াব লাগে ছটিয়াই
নাজানে আৰাধনাবোৰ কিমান গভীৰ হ'লে
তোমাক স্পৰ্শ কৰিব পাৰে
যন্ত্ৰণাকাতৰ অভিশপ্ত দিনৰ পৰা
দৰিদ্ৰবোৰ মুক্ত হ'ব পাৰে
অথচ গভীৰ প্ৰাৰ্থনাবোৰ
কল্যাণ সাধিব পৰা নাই
দুৰ্দিন যন্ত্ৰনাকাতৰ সময়ৰ পৰা
দেহৰ নানা বেমাৰ অমঙ্গলৰ পৰা
শলিতাৰ পোহৰত
ধূপ-ধূনাৰ গোন্ধত
দেশখনো মুক্ত হোৱা নাই
দুৰ্নীতি অপবিত্ৰ সময়ৰ পৰা
জাতি-ধৰ্ম পাৰ্থক্য বিচাৰৰ পৰা
তুমি আছা যদি
শাওনৰ বৰষুণৰ দৰে নামি আহাঁ
ধুই-পখালি নিয়া অপবিত্ৰ কুসংস্কাৰৰ সমাজখন
মুক্ত কৰা দুৰ্দিন বিপদ সংকুল সময়ৰ পৰা ।
No comments:
Post a Comment