ভিৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

ভিৰ

 

ভিৰ

অনুস্মিত‍া ফুকন

      বঙাইগাঁও



সূৰ্য নমাৰ লগেই লগেই আৰম্ভ হয়

পথৰ বুকুৰ ওপৰত 

চিৰপৰিচিত এক ভিৰ 


ফটা সপোনবোৰক সী দিবলৈ

উদং পেটত তৃপ্তি সানিবলৈ

ব্যস্ত হৈ পৰে 

সদাব্যস্ত পথবোৰ


আচলতে ভিৰবোৰ ভাল

মিছাবোৰক লুকুৱাবলৈ ।


ভিৰৰ মাজত সহজে নুশুনা হৈ যায়

উকা কপালে প্ৰতিপলে পোৱা কৰ্কশ মাতষাৰি

ভিৰৰ মাজত সহজে হেৰাই যায়

নিশাৰ ৰঙীণতাত ভদ্ৰতাৰ পোছাক সলাই পেলোৱা বেশধাৰী


বেলি লহিওৱাৰ পিছে পিছে

ভিৰবোৰো গতি সলায়


ফুটপাথত সপোন ৰচে

ঈশ্বৰ,আল্লা,গডক বিচাৰি

দুৱাৰদলিত ভিৰ কৰে।


আচলতে ভিৰবোৰত 

নিজক চিনিবলৈ ভাল


ভদ্ৰতাৰ মুখাখন খহি নপৰালৈকে

পিন্ধি থাকিবলৈ 

ভিৰবোৰেই ভাল ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages