ভোক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

ভোক

 

ভোক


লক্ষী প্ৰসাদ ৰেগন



তোক মই তেতিয়াই বুজিলো

যিদিনাৰ পৰা নিজকে প্ৰতাৰণা কৰিব শিকিছোঁ

মই নহ'লেও তই চলি যাবি

কিন্তু তই নহ'লে মই মৃত্যুক আহ্বান কৰাৰ বাদে

আন উপায় নাই


এতিয়া মই তোক লাহে লাহে ওচৰ চপাই আনিছো

আৰু দুষ্ট আঙুলি কেইটাৰে মোৰ

ভিতৰৰ মানুহজনৰ সৈতে চা চিনাকি হ'বলৈ সুযোগ এটা দিছো

তাৰ পাছতো তই ক'ৱ

ছিঃ বৰ নিষ্ঠুৰ এই মানুহটো


মই ঘড়ীৰৰ পেণ্ডুলামটোৰ দৰে ইফাল সিফাল কৰি থাকো

কেতিয়াবা আধা টোপনিতে জাগো

কাৰণ জীয়াই থাকিব লাগিব মই তোৰ স'তে

লাগে মই বিসৰ্জন দিম টোপনিক

সঘনে দুলি থাকিম পেণ্ডুলামটোৰ দৰে


ফোনঃ ৮৪৮৬৭৭৩২০২ 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages