দুৱাৰ মৰাটো মানুহৰ পুৰণি অভ্যাস
অৰূপ কুমাৰ দাস
বাৰাপেটা,বাক্সা
১৷
নামাৰিলেও কাৰো একো নেহেৰাই
তথাপি মাৰি থয়
দুৱাৰ মৰাটো মানুহৰ পুৰণি অভ্যাস ৷
দুৱাৰ মাৰিবলৈ কাৰো ভিতৰত
একো বাকী ৰোৱা নাই ৷
নাইবা অলপ অচৰপ যি ৰৈ গৈছে
সেইবোৰ চুৰি কৰিবলৈ
এজনো চোৰ জীয়াই থকা নাই ৷
এইমাত্ৰ বাহিৰলৈ উঠি
সৰুপানী চুই
মাৰি দিছো দুৱাৰ ৷
অলপ পিছত পত্নী উঠিব
তায়ো মাৰিব ৷
দুৱাৰ মৰাটো মানুহৰ পুৰণি অভ্যাস ৷
২৷
গণতন্ত্ৰৰ দুৱাৰবোৰ মাৰি
শুই আছে ৰজা ৷
ৰ'দ বৰষুণ বতাহৰ দুৱাৰ মাৰি
পৃথিৱী ৷
মানবতাৰ দুৱাৰ মাৰি
মন্দিৰ আৰু মছজিদবোৰ ৷
৩৷
কোনো কাৰো
ভিতৰলৈ সোমাব নোৱাৰে
দুৱাৰত টোকৰ নমৰাকৈ ৷
টোকৰ মৰাৰ পিছতো
কেতিয়াবাহে খোল খায়
কিছুমান দুৱাৰ ৷
৪ ৷
(চাৰি এটা চতুৰ স্তৱক
কবিৰ উমান পাইয়েই
মাৰি দিছে দুৱাৰ
কবিও অঁকৰা
মৈত উঠিলে ননমা
আহিব চাৰি
খুলিব দুৱাৰ
ৰৈ থাকিবলৈ গৰজ কাৰ? )
৫৷
দুৱাৰ মৰা দিন এটাতেই
মই তেওঁৰ বাবে
অপেক্ষা কৰিছিলো বাহিৰত ৷
অপেক্ষাত
পুৰণি হৈছিল কেইখন কেলেণ্ডাৰ
জনা নাছিলো
এদিন ৰৈ ৰৈ আমনি লাগিছিল
আৰু এখন দুৱাৰো খোল খোৱা নাছিল
লাজ লাজকৈ আঁতৰি আহিব খুজিছিলো
আৰু আৱিস্কাৰ কৰিছিলো
মানুহৰ পৰা মই ৰূপান্তৰ হৈছিলো
এটা খুটালৈ
মোৰ গাত বগাইছিল জগতৰ যতচব
অলাগতিয়াল ল'তা
তেতিয়াৰ পৰা আজিলৈ
কাৰো দুৱাৰ মুখত
মেল খোৱাৰ আশা লৈ
থিয় নহয় এজনো প্ৰেমিক ৷
No comments:
Post a Comment