সূচনা হল নব্যযুগৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

সূচনা হল নব্যযুগৰ

 

সূচনা হল নব্যযুগৰ

সুশান্ত দাস

         শিৱসাগৰ



ওখল-মাখল প্ৰকৃতিত আজি

আনন্দময় পখীৰ গীতেৰে,

প্ৰভাতী নিয়ৰে দীলেহি বতৰা 

নৱ্যযোগ সূচনা হৈছে।।


মাতিলোঁ সৱাকে আহাচোন সকলো

নবীন-প্ৰবীন সাজেৰে,

নব্যযোগৰ পূজাৰী আমি

বজাও দুন্দুভি উল্লাসেৰে।।


জন্মভূমিৰ শত লাঞ্চনা 

বিস্মৰা হে মানৱ জাতি,

সকলোৱে মিলি গঢ়োঁ একতা

সকলো জাতিৰ বৃহৎ শক্তি।।


পাহৰা-পাহৰা মান-অভিমান 

বংশ মৰ্যাদা যত,

জোঁকাৰি দিয়া দুৰ অতীতৰ 

তন্দ্ৰা আছিল কত?


যতনেৰে তৰা একতাৰ চাদৰ

সকলো ভাই-ভনী আমি,

জীৱনৰ এই দিগ্বিজয়ৰ পুৱাত

অন্ধ ধাৰণা আঁতৰোৱা তুমি।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages