অসমীয়া ভাষাত মিচিং শব্দ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 2, 2022

অসমীয়া ভাষাত মিচিং শব্দ

 

অসমীয়া ভাষাত মিচিং শব্দ

 ডাঃ জৱাহৰ জ্যোতি কুলি




উন্নত যিকোনাে ভাষাই প্রয়ােজন সাপেক্ষে অন্য ভাষাৰ পৰা মুক্তভাৱে লাগতিয়াল শব্দ আহৰণ কৰে। নিজ ভাষাৰ অভিধানত ঠাই দিয়ে আৰু প্রয়ােগ কৰে। ফলত ভাষাটিৰ শব্দভাণ্ডাৰ টনকিয়াল হয়। অসমৰ অসমীয়া ভাষাও এই প্রক্রিয়াৰ ব্যতিক্রম হােৱা নাই। অসমত ভালেমান ভাষিক জনগােষ্ঠীৰ লােকে বসবাস কৰে। তেওঁলােকৰ নিজস্ব পৰম্পৰাগত কথিত ভাষা আছে। অসমীয়া ভাষাৰ বাহিৰেও নিজৰ আপুৰুগীয়া ভাষাটি কালৰ সোঁতত বিলীন নােহােৱাকৈ কথিত ৰূপত ধৰি ৰাখিব পাৰিছে। ভাষিক জনগােষ্ঠীৰ সৰহভাগেই চীন-তিবৃতীয় পৰিয়ালৰ ভাষা-ভাষীৰ লােক। চীন-তিবৃতীয় পৰিয়ালটিৰ এটা ভাগ থাই-চীন শাখাৰ অসমত পােৱা ভাষা কেইটা হ’ল আহােম, খামটি, খাময়াং, আইতন, ফাকে আৰু টুং। আনটো ভাগ তিবৃতবর্মীয় ঠালৰ ভাষাবােৰ হ’ল— বড়াে, কাৰ্বি, ডিমাছা, ৰাভা, টি, মিচিং, দেউৰী আদি ভাষা। অসমীয়া ভাষা সম্পূৰ্ণৰূপত ক'ব আৰু লিখিব পৰা এই ভাষিক জনগােষ্ঠীৰ লােকসকল গােটেই অসমত বিস্তৃত ৰূপত সিঁচৰতি হৈ আছে। জনসংখ্যাও যথেষ্ট। তেওঁলােকৰ অধিকাংশই নিজৰ ভাষা আৰু লােক-সংস্কৃতিৰ ধাৰাবােৰ ধৰি ৰাখিব পাৰিছে। ইয়াৰ ফলত অসমীয়া আৰু অসমীয়া ভাষা-সংস্কৃতিত এই জনগােষ্ঠীসমূহৰ প্ৰভাৱ পৰাটো নিশ্চত। অসমীয়া সংস্কৃতিৰ বহল বাৰেৰহণীয়া ক্ষেত্ৰখনলৈ জনগােষ্ঠীৰ ভাষা- সংস্কৃতিয়েও জিলিঙনি আগবঢ়াইছে। কিয়নাে জন এণ্ডচনৰ ভাষাত— When cultures come into contact with one another, borrowing takes place primarily in the realm of lexicon terms ... it becomes the native tongue for the users and it undergoes lexical and grammatical en- richment.

   

  গতিকে অসমীয়া ভাষাত জনগােষ্ঠীয় প্রভাৱ পৰিছে। সেয়েহে অসমীয়া ভাষাত থকা প্ৰচুৰ আৰ্যভিন্ন শব্দলৈ চাই ড° নাথান ব্রাউন চাহাবে অসমীয়া ভাষা কোনাে দেশীভাষাৰ ভেঁটিত সংস্কৃতিক সহযােগত সৃষ্টি হােৱা বুলি মন্তব্য কৰিছে। ড° বাণীকান্ত কাকতিদেৱেও অসমীয়া শব্দমালাত আর্যভিন্ন শব্দৰ অনুপ্রৱেশ দেখুৱাই যথেষ্ট আলােচনা দাঙি ধৰিছে। অসমীয়া ভাষাত আর্যভিন্ন উপাদানবিলাক ধ্বনিতত্বমূলক, ব্যাকৰণমূলক বুলি ভাষাবিদসকলে ঠাৱৰ কৰিছে।

  

   অসমীয়া ভাষাত ব্যৱহাৰ হােৱা ভালেমান স্থানবাচক আৰু নদীবাচক শব্দ মিচিং ভাষাৰপৰা অহাঙ্গ স্থান সম্পর্কীয় শব্দৰ উদাহৰণ দিয়া হ'ল- মুর্কংচেলেক- মুর্কং মান ৰূপ, চেলেক মানে খেৰণি, চাপৰি। নামং-এখন গাঁৱৰ নাম (নামং- শুকতি মাছৰ গুৰি)। তেলাম-তৗলাম ঠাইৰ নাম। তৗলাম-হাতীৰ বাট (চিতৗ+বৗলাম=তৗলাম)। মিংমাং-ঠাইৰ নাম, ৰেল ষ্টেচনৰ নাম। মিংমাঙৰ অর্থ সপােন, চকুৰে ভালকৈ নমনা। অয়ান-অসম অৰুণাচলৰ প্ৰান্তীয় এখনি গাঁও। অয়ানৰ ফৈদৰ লােক বেছি হােৱাত অয়ান হ’ল। জেলম বা জেলেম-জৗঃলম এখনি মিচিং গাঁও। জৗঃলম মানে লুকাই চিঞৰি ভয় খুউৱা। পূর্বে ঠাইটুকুৰা জয়াল আছিল বুলি হয়তাে জেলেম হ’ল। বিবি-গবি>ৰিগবি। অর্থাৎ পুৰণি ভূঁইতলি। ডুমডুমাৰ ফিলবাৰীৰ এডােখৰ ঠাইৰ নাম। কাৰেংকৗৰৗংকাৰী অর্থ নদীৰ পাৰত শাৰী শাৰীকৈ থকা বা পথাৰৰ চাংঘৰ সদৃশ পঁজা। কাৰেং লুইতৰ পাৰৰ ধেমাজিৰ এখন ঠাই বা গাঁৱৰ নাম। উৰিয়ামঘাট-ঐৰামঘাট। পাচিঘাটলৈ যােৱা ব্ৰহ্মপুত্ৰৰ পাৰঘাট। পূৰ্বৰ ঐৰাম বৰি নামৰ ঘাটেই পিছলৈ উৰিয়ামঘাট হৈছে।

      

   নদীবাচক শব্দঃ চি-ৰে আৰম্ভ হােৱা নদীৰ নামবােৰ মিচিং ভাষাৰ। মিচিং ভাষাত ‘চি’ মানে পানী। চিয়াং-চিয়াং নদী। চিয়ম-আলঙৰ ওচৰত চিয়াঙৰ নাম। চিচি-ধেমাজিৰ ওচৰৰ নদীৰ নাম। চিলে মানে অতিপাত চেঁচা পানী। চিলে এখন নদীৰ নামাে। চিচেৰি-দিহিঙৰ উত্তৰ অংশ। চিলুক-পাচিঘাটৰ এখন নদী। চিমেন- চিলাপথাৰৰ এখন নদীঘাট। চিলা-এখন নদী। চিলাপথাৰৰ ওচৰত। চিলাপুঁতি, এখন নদী। চিলা-গাঁও, এখন গাঁও। 

    

    বিভিন্ন বিষয়ক শব্দঃ মুৰং-মিচিং কৃষ্টি-সংস্কৃতিৰ কেন্দ্ৰীয় ঘৰ, ৰাজহুৱা ঘৰ। আপং-চাউলৰ পৰা প্ৰস্তুত কৰা পানীয় দ্রব্য। পুৰাং-চাউলৰ পৰা প্ৰস্তুত কৰা নৃগাঙত খােৱা খাদ্য। অফলাছিগা-আগতীয়া বানত ছিগা। দলপা-ডাঠ হাবি। ভঁকুৰা-ছাগলী বা গাহৰিৰ ডিঙিত বান্ধি দিয়া সৰু বাঁহৰ মাৰি। কৗবাং-সভা, সমিতি, মিটিং। বানে কৗবাংৰাজহুৱা মহাসভা। আগম কৗবাং-সাহিত্য সভা। আগম-ভাষা, সাহিত্য, কথা ইত্যাদি। কাংকিন কাবাং-চিনাকি সভা। অইনিতম-প্রিয়জনৰ গীত, লােকগীত। আলি আই লিগাং-আলি আঃয়ে নৃগাং। আলি-আলু জাতীয়, আঃয়ে গুটি বা ফল, শৃগাং-সিঁচা। দবুৰ এক ধর্মীয় পূজা বিশেষ। পৰাগ-পঃৰাগ, এক পূজা বিশেষ। ৰিবিগাচেং-মিচিং কাপােৰ। গাদু-মিৰিজিম। লিংলাং-অনর্থক কথা, সংগতি নথকা কথা। ইত্যাদি।

     

 এইবােৰৰ বাহিৰেও মিচিং ভাষাৰ কিছুমান শব্দ অসমীয়া ভাষাত গ্ৰহণ কৰিব পাৰে। এনেধৰণৰ কেইটামান খাচ মিচিং শব্দ উল্লেখ কৰা হ’ল। আদি-পাহাৰ, পর্বত। লিবাং> লৗঃবাং, পৃঃবাংৰামধেনু। য়াৰি-বিজুলী। মিবু-মিচিং ধর্মীয় পুৰােহিত, দেওধাই। আবাং>আঃবাং-ধর্মীয় গীত; লােকগীত বিশেষ। আচি-পানী। কাবান-বিৰহ, বেদনা, বিচ্ছেদ, আদিৰ গীত, লােকগীত। দমিৰ>দঃমৃৰ ঢেকেনি। দ ি>দঃঞি-বেলি, সূর্য। পল’>পঃল’-চন্দ্র, জোন। তাকাৰতৰা। আনে>আনৌ- মা,মাতৃ। আবু-পিতা, পিতৃ। চিকুৰ-পুঁতি, নিজৰা ইত্যাদি।

     

  মিচিং ভাষাত দৈনন্দিন কথােপকথনত যথেষ্ট পৰিমাণৰ অসমীয়া ভাষাৰ শব্দ প্রয়ােগ হয়। ইয়াৰ ফলত ভাষাটিৰ জীৱন্ত ৰূপক অধিক গতিশীল আৰু চহকী কৰিছে। কথিত ৰূপৰ বাহিৰেও লিখিত ৰূপত যথেষ্ট ব্যৱহৃত হৈছে। ভাষা সাহিত্যৰ ইতিহাসৰ এই সংমিশ্রিত সংস্কৃতিৰ প্ৰভাৱতেই নিশ্চয় মিচিং ভাষাৰ শব্দ অসমীয়া ভাষাৰ শব্দকুঞ্জত সােমাই পৰিছে। ভাষাবিদসকলৰ সূক্ষ্ম গৱেষণা আৰু অধ্যয়নে হয়তাে অদূৰ ভৱিষ্যতে অত্যধিক পৰিমাণে মিচিং-অসমীয়া তথা অসমীয়া-মিচিং শব্দৰ পৰিপূৰক ৰূপত সংমিশ্রণ ঘটাব।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages