মিচিং ভাষা-শিক্ষা
খগেন পেগু
যোৱা সংখ্যাৰ পৰা…
নৱম খণ্ড
আমি ইয়াৰ আগৰ অষ্টম খণ্ডৰ প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়ত দুটা কথা লিখিছিলোঁ৷ সেয়া আছিলঃ
এক, মিচিং ভাষাত লিখা-মেলা কৰোঁতে প্ৰায় একে উচ্চাৰণৰ দুই বা ততোধিক শব্দ বা পদ থকা দেখা যায়৷ পিছে উচ্চাৰণ একে যেন লাগিলেও সেই সম উচ্চাৰণৰ শব্দ বা পদবোৰে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে৷ যথা—Anné শব্দ বা পদে দুটা বেলেগ অৰ্থ প্ৰকাশ কৰে৷ এটা হ'ব পাত আৰু আনটো হ'ব লিখক বা লেখক৷ সেয়ে একে উচ্চাৰণৰ এনে দ্ব্যৰ্থক বা ততোধিক অৰ্থ প্ৰকাশ কৰা শব্দ বা পদসমূহ শব্দ আৰু ধাতুৰ পৃথকীকৰণৰ দ্বাৰা অৰ্থ স্পষ্ট কৰি লিখিব পৰাকৈ 'মিচিং ভাষাৰ বানান পদ্ধতি' পুথিখনে আমালৈ প্ৰণিধানযোগ্য পৰামৰ্শ আগবঢ়াইছে(মিচিং ভাষা-শিক্ষা, অষ্টম খণ্ড দ্ৰষ্টব্য৷)
দুই, শব্দৰ শেষত p,t,k নহৈ b,d,g হ'ব৷ যেনে—Tabab, Tabad, Uag ইত্যাদি৷
তিনি, শব্দৰ শেষত যেনেকৈ p,t,k নহৈ b,d,g হ'ব, তেনেকৈ ধাতু বা ক্ৰিয়ামূলৰ ক্ষেত্ৰতো p,t,k নহৈ b,d,g হ'ব৷ যেনে—Ab, Tad, Ag, Dogab, Dokad, Dopag ইত্যাদি৷
চতুৰ্থ অধ্যায়
দুটা ব্যঞ্জনধ্বনি ওচৰা-ওচৰিকৈ থাকিলে পাছৰ ধ্বনিয়ে আগৰ ধ্বনিক প্ৰভাৱিত কৰা দেখা যায়৷ ধ্বনিতত্ত্বত এই প্ৰক্ৰিয়াটোক পৰাগত সমীভৱন বুলি কোৱা হয়, যাক ইংৰাজীত Regressive Assimillation বা Anticipatory Assimillation বোলে৷
মিচিং ভাষাত p,t,k,s এই চাৰিটা অঘোষধ্বনি(Voiceless sound) আছে৷ এই চাৰিটা ধ্বনিৰ আগত b,d,g এই তিনিটা সঘোষধ্বনি(Voiced sound) থাকিলে b,d,gৰ সলনি অঘোষ p,t,k আখৰ জোঁটনি কৰা যুগুত হ'ব বুলি 'মিচিং ভাষাৰ বানান পদ্ধতি'ত কোৱা হৈছে৷ সেইমতে অঘোষ ধ্বনিৰ আগত যদি সঘোষ ধ্বনি থাকে তেন্তে পিছৰ ধ্বনিৰ প্ৰভাৱত আগৰ ধ্বনিৰ পৰিবৰ্তন হ'ব, যিটো Regressive Assimillation বা Anticipatory Assimillationৰ উদাহৰণ৷ অৰ্থাৎ p,t k,sৰ আগত b,d,g নহৈ p,t,k হ'ব৷ সেইখিনি ভাগ কৰি বিস্তৃতভাৱে দেখুৱালে নিম্নলিখিত ধৰণে হ'ব৷
(a)p,t,k,sৰ আগত b নহৈ p হ'ব৷ সেইমতে—
(i) pৰ আগত b নহৈ p হ'ব৷ অৰ্থাৎ pp হ'ব(bp কেতিয়াও নহ'ব৷)৷ যেনে—
Kuyab+pé= Kuyappé—কোৰৰ দৰে৷
Yub+po=Yuppo—শুবলৈ ভাল
Ab+ped=Apped—ধনু মাৰি বা গুলিয়াই মাৰ্৷
Kab+pang=Kappang—কান্দিবলৈ পা৷
Appi:(আপ্পিঃ)—চাৰি, Tuppi:(তুপ্পিঃ)—টুপী, Léppi:—চাৰিবাৰ ইত্যাদি৷
(ii) tৰ আগত b নহৈ p হ'ব৷ অৰ্থাৎ tb নহৈ tp হ'ব(tb কেতিয়াও নহ'ব)৷ যেনে—
Méyab+té=Méyapté—সৌ উজনিত থকা বিচনীটো৷
Yub+tab=yuptab—টোপনিত দোঁ খা
Kab+tér=kaptér—শেষবাৰৰ বাবে কান্দা কৰ্
Kub+ten=kupten—(বাকচ আদি) পুনৰ খোল্
Bottasu(বত্তাচু)—নিজকে ডাঙৰ বোলা
Battasu—(চৰাই আদিয়ে) নখেৰে আঁচোৰি খুদকণ উলিয়া ইত্যাদি৷
(iii) kৰ আগত b নহৈ p হ'ব৷ অৰ্থাৎ kb নহ'ব, kp হ'ব৷ যেনে—
Tabab+ko=Tabapko—ফণী এডাল
Moyub+ka=Moyupka—(কেঁচুৱা) শোৱাইছিলোঁ
Yub+ku=Yupku—পুনৰ শুই যা
Yub+ke:=Yupke:—বেছি শোৱা স্বভাৱৰ হ
Kub+kang=Kupkang—ঢাকনি খুলি চা ইত্যাদি৷
(iv) sৰ আগত b নহৈ p হ'ব৷ অৰ্থাৎ sb নহৈ sp হ'ব৷ যেনে—
Kuyab+sé=Kuyapsé—(এই) কোৰটো
Tu:yab+so=Tu:yapso—(এই) চালিটোত বা এচলীয়া ঘৰটোত
Ab+sed=Apsed—অতিৰিক্তকৈ কাঁড় মাৰ বা গুলি কৰ্
Kab+su=Kapsu—নিজে কান্দ্৷ (ঘৰৰ চালত) নিজে খেৰ চা ইত্যাদি৷
(b) p,t,k,sৰ আগত d নহৈ t হ'ব৷ সেইমতে—
(i) pৰ আগত d নহৈ t হ'ব৷ অৰ্থাৎ tp হ'ব(dp কেতিয়াও নহ'ব)৷ যেনে—
Ad+po=Atpo—লিখিবলৈ ভাল হ
Tad+pang=Tatpang—শুনিবলৈ পা
Ad+pen=Atpen—(ঘৰ আদি) ভাঙি পেলা
Bed+por=Betpor—(কণী আদি) ভাঙি যা ইত্যাদি৷
(ii) t ৰ আগত d নহৈ t হ'ব৷ অৰ্থাৎ tt হ'ব(dt কেতিয়াও নহ'ব)৷ যেনে—
Tabad+té=Tabatté—(উজনিত থকা) কুঁহিয়াৰটো
Tagad+to=Tagatto—মদাৰ গছজোপাত
Ad+ten=Atten—দুনাই লিখ্
Yud+tab=Yuttab—পিছল খাই পৰ্
Attar—বয়-বস্তু৷ Mittug/mittub—মূৰ; মাথা৷Botta/Botté—ডাঙৰ৷ Lotta—চোতাল ইত্যাদি৷
(iii) tৰ আগত g নহৈ k হ'ব৷ অৰ্থাৎ tk হ'ব(dk কেতিয়াও নহ'ব)৷ যেনে—
Ped+kom=petkom(জেওৰাৰে) ভেট্
Gad+kur=gatkur(ভেটা আদি) কাটি ফুটা বা সুৰুঙা কৰ্৷
Lod+kum=lotkum—কাটি গোটা
Mutkon/Ngutkon—মৌ ৰস গোটা হৈ হোৱা মমসদৃশ বস্তু ইত্যাদি৷
(iv)sৰ আগত d নহৈ t হ'ব৷ অৰ্থাৎ ts হ'ব(ds কেতিয়াও নহ'ব)৷ যেনে—
Gad+sum=Gatsum—(ধান দাই) শেষ কৰ্
Lod+suto=lotsuto—(শাক-পাছলি আদি কাটোঁতে নিজৰ আঙুলি) নিজে কাটিলে
Gad+ség=gatség—বেঁকাকৈ নাকাটি ছিধাকৈ বা চমুকৈ কাট্
Kotsu—আজি ৰাতি বা ৰাতিলৈ
Matsíg—মিত দা
Étsang—দাঙিবলৈ পাতল হ ইত্যাদি৷
আগলৈ…
No comments:
Post a Comment