‘প্ৰান্তিক’ৰ কবিতা : এক সমীক্ষাত্মক বিশ্লেষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 2, 2022

‘প্ৰান্তিক’ৰ কবিতা : এক সমীক্ষাত্মক বিশ্লেষণ

 

‘প্ৰান্তিক’ৰ কবিতা : এক সমীক্ষাত্মক বিশ্লেষণ

ড॰ ৰঘুনাথ কাগ্‌য়ুং

মুৰববী আৰু সহযোগী অধ্যাপক, অসমীয়া বিভাগ, সোণাৰি মহাবিদ্যালয়








     অৱতৰণিকা : অসমীয়া কবিতাত আধুনিকতাৰ উন্মেষ তিনিটা স্তৰত দেখা যায় : ১৮৪৬, ১৮৮৯ আৰু ১৯৪০ চন৷ ১৮৪৬ চনৰ পৰা “অৰুণোদয়” কাকতৰ যোগেদি আধুনিক ৰূপৰ লোৱা অসমীয়া কবিতাই ১৮৮৯ চনৰ পৰা আকোঁৱালি ল’লে অন্য এক আধুনিক ৰূপ৷ “অৰুণোদয়” ৰ পূৰ্বৰ মেজাজটো “জোনাকী”য়ে ত্যাগ কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰে; এই ধাৰা বিজুলী, উষা, বাঁহী আদিৰ বুকুৱেদি প্ৰবাহিত হৈ থাকিল৷ ৰমন্যাসবাদী ধাৰা হিচাপে চিহ্নিত এই ধাৰাটো “আৱাহন”ৰ পাতত আৰু বিকশিত হ’ল৷ এফালে ভাৰতৰ স্বাধীনতা আন্দোলনৰ তীব্ৰতা আৰু আনফালে দ্বিতীয় বিশ্বযুদ্ধৰ [১৯৩৯] আতংকগ্ৰস্ততা - এনে পটভূমিত কবিসকলৰ ধ্যান-ধাৰণাৰ আমূল পৰিবৰ্তন হ’ল আৰু ইয়াৰ ফলতে অসমীয়া কবিতাই আধুনিকতাৰ নতুন ৰূপ ল’লে ১৯৪০ চন মানৰ পৰা৷ জয়ন্তী [১৯৩৮], সুৰভি [১৯৪০], পছোৱা [১৯৪৮] আদি পত্ৰিকাৰ বুকুত উন্মেষিত অসমীয়া কবিতাৰ এই ধাৰাটো “ৰামধেনু” [১৯৫১] ৰ বুকুত অধিক বিকশিত হয়৷ আধুনিক অসমীয়া কবিতা বুলি ক’লে যথাৰ্থ এই ধাৰাটোকে বুজা যায়৷

   

কেতবোৰ কাৰণত সাধাৰণ শ্ৰেণীৰ পাঠক আধুনিক অসমীয়া কবিতাৰ কাষৰ পৰা আঁতৰি আহে৷ যেনে : কবিতা অধিক দুৰূহ হৈ পৰা, টেম্পাৰমেন্টৰ জটিলতা, বিষয়বস্তু বা বক্তব্যৰ ধূসৰতা, বোধগ্ৰাহ্যহীন প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগ, অপৰিচিত উদ্ধৃতিৰ সঘন প্ৰয়োগ, কবিতাক আনন্দ লাভ বা ৰস আস্বাদনীয় বিষয়ৰ সলনি অধ্যয়নীয় বিষয়লৈ ৰূপান্তৰকৰণ, ব্যক্তিগত অভিজ্ঞতাক, কবিতাৰ বিষয়বস্তুৰূপে উপস্থাপন, এমুঠি অধ্যয়নশীল আৰু পণ্ডিতৰ বাবে কবিতা ৰচনাৰ প্ৰয়াস, দেশ-বিদেশৰ অপৰিচিত মানচিত্ৰ, উপমাৰ প্ৰয়োগ ইত্যাদি৷


        ‘প্ৰান্তিক’ক জন্ম বিংশ শতিকাৰ সত্তৰৰ দশকৰ অন্তিম বছৰত৷ আধুনিক কবিতাক ‘প্ৰান্তিকে’ সাধাৰণ পাঠকৰ নিচেই কাষলৈয়ে লৈ যাবলৈ সক্ষম হোৱা নাই যথাৰ্থ অৰ্থময়তাও প্ৰদান কৰিছে৷ ইয়াৰ মূলতে হ’ল প্ৰান্তিকৰ কবিতাই বিষয়বস্তু নতুনত্ব, শৈলীত নতুনত্ব, ৰূপ বা আংগিকত নতুনত্ব, টেম্পাৰমেন্টত নতুনত্ব, শব্দ চয়নত নতুনত্ব আৰু সামগ্ৰিকভাৱে কবিতাৰ সামগ্ৰিকতাত নতুনত্বক আদৰি ল’লে৷

  

  অসমীয়া সাহিত্যৰ পাঠক মাত্ৰেই জানে যে “প্ৰান্তিক”ৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিটো কামেই গভীৰ চিন্তা আৰু সু-পৰিকল্পনাৰ আধাৰত আধাৰিত৷ তেওঁৰ বিশাল ব্যক্তিত্বই তেওঁৰ কহকৰ্মীসকলকো গভীৰ চিন্তা চৰ্চাৰে কৰ্ম সম্পাদন কৰিবলৈ উদ্বুদ্ধ কৰিছিল৷ “প্ৰান্তিক”ৰ অন্যান্য লেখাৰ দৰেই কবিতা সমূহো নতুনত্বৰ বাৰ্তাবাহক৷ ইয়াৰ মূলতে হ’ল কবিতাসমূহৰ নিৰ্বাচনত অৱলম্বন কৰা সাৱধানতা আৰু সু-পৰিকল্পিত কবিতাৰ নিৰ্বাচন পদ্ধতি৷ ‘প্ৰান্তিক”ত প্ৰকাশৰ বাবে কবিতাসমূহৰ সু-চিন্তিত নিৰ্ব্বাচনে কবিতাসমূহ পাঠকৰ অধিক কাষ চপাই নিবলৈ সক্ষম হৈছে৷


           কবিতা নিৰ্বাচনৰ বেলিকা ‘প্ৰান্তিকে’ দুটা দিশত অধিক গুৰুত্ব দি আদিছে : এটা হ’ল কবিতাটো ভাল হ’ব লাগিব আৰু আনটো হ’ল কবিতাটো হ’ব লাগিব মানদণ্ডসম্পন্ন, উৎকৃষ্ট বা শিল্প গুণেৰে গুণাম্বিত৷ সহজ ভাষাত ক’বলৈ হ’লে – সদৰ্থক ভাল কবিতাই “প্ৰান্তিকৰ” প্ৰকাশযোগ্য কবিতাৰ মাপকাঠী৷ এইক্ষেত্ৰত “প্ৰান্তিকে” নবীন কৰি প্ৰবীন কৰিব বিচাৰ নকৰে৷ নবীনেই হওক প্ৰবীনেই হওক - সদৰ্থক বাল কবিতাক “প্ৰান্তিকে’ আৰম্ভণিৰে পৰা প্ৰাধান্য দি আহিছে৷ যিবিলাক কবিতা পাঠোপযোগ্য, ৰস-আস্বাদনীয়, সহূদয়-হূদয়গ্ৰাহ্য, অনুভবোপম আৰু পাঠোদ্ধাৰযোগ্য - এনেবোৰ কবিতাই সদৰ্থক ভাল কবিতাই জটিলতাৰ সৃষ্টি নকৰে৷ যথাৰ্থ ক’বলৈ গ’লে বাল কবিতাৰ সংজ্ঞা নাই, ব্যাখাও নাই৷ কোনো কাব্য গুণ বা কলা-গুণেৰেও ভাল কবিতাক নিৰূপণ কৰিব নোৱাৰি৷ ভাল কবিতা  মানে ভাল কবিতাই - একাৰ্থত ইয়াৰ নতুন কবিতাও বুলিব পাৰি৷

   

 ‘প্ৰান্তিকে’ নতুন কবিতাক জন্মলগ্নৰে পৰা গুৰুত্ব দি আহিছে৷ ‘‘প্ৰান্তিক”ৰ নতুন কবিতাবোৰে আধুনিক অসমীয়া কবিতাক বিশাল ব্যাপ্তিয়ে প্ৰদান কৰা নাই, জনপ্ৰিয়কৰণাতো ইন্ধন যোগাইছে৷ নতুন মানেই পৰম্পৰাবিমুখ; নতুন দিনৰ বাৰ্তাবাহক৷ নতুন কবিতা মানে নবীন কবিয়ে ৰচনা কৰি কবিতাকে বুজাব খোজা নাই;ভাৱ, ভাষা, ৰূপ, বক্তব্য-সকলো দিশতে নতুনত্বৰ সন্ধানেই হৈছে নতুন কবিতা ৷

  

  কবিতা মূলত : উত্তৰ শিল্পকৰ্ম৷ শিল্পকলা বা আৰ্টৰ মুখ্য উদ্দেশ্য আনন্দ প্ৰদানহে - নীতি বা শিক্ষা প্ৰদান নহয়৷ কবিতাৰো মুখ্য উদ্দেশ্য আনন্দ প্ৰদানহে৷ এই দিশটো “প্ৰান্তিকে” অধিক গুৰুত্ব দি আহিছে৷ কোমলকান্ত অনুভূতিসূৰভ কবিতাই যিকোনো শ্ৰেণীৰ পাঠকৰ হূদয় সহজতেই সিক্ত কৰি তোলে৷ অনুভূতিৰ দোলন নাথাকিলে কবিতা অকবিতা হোৱাৰ সম্ভাৱনাই বেছি৷ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অনুভূতিপ্ৰধান, আবেগপ্ৰধান বা “কল্পনাশ্ৰয়ী কবিতা মানেই পয়ালনবাদী কবিতা৷”১

  

  কবিতা বাস্তৱমুখী হওক - ইয়াত আপত্তি কৰিবলগীয়া একো নাই৷ বৰং এনে কবিতা বহুসময়ত সহজে পাঠকৰ কাষ চাপিবলৈ সক্ষমো হয়৷ কবিতা কম সময়ৰ ভিতৰতে অধিক জনপ্ৰিয়তাও অৰ্জন কৰে৷ তথাপিও কবিতাত আবেগ অনুভূতি থাকিব লাগিবই৷ “অনুভূতিৰ দোলন নাথাকিলে বাস্তৱমুখী কাব্য ও হ’ব অকাব্য৷”২


     অসমীয়া কবিতাৰ বৃহৎ ফুলনিবাৰীত ইতিমধ্যেই অনেকখিনি আধুনিক কাব্য-ফুলৰ পাৰি ৰোপন কৰা হৈছিল - পুলিবোৰ ডাঙৰ হৈ কলি মেলিছিল - কলিবোৰ পূৰ্ণা/ ফুল হৈ ফুলনিবাৰীখন ধুনীয়া কৰি তুলিছিল৷ ফুলনিবাৰীৰ চৌদিশ সৌন্দৰ্য আৰু সুৰভি ভৰি পৰিছিল৷ নানা ৰং-বিৰঙৰ ফুল আৰু বিধ বিধ সুগন্ধৰ ফুলেৰে ফুলনিবাৰীখন উপনি পৰিছিল৷ ইমানখিনিৰ পিছতো ফুলনিবাৰীখনে দুটা কাৰণত পূৰ্ণতা দাবী কৰিব পৰা নাছিল ঃ [ক] ৰঙৰ ভিত্তিত ফুলবোৰ ৰোৱা নাছিল৷ সুচিন্তিত আৰু সু-পৰিকল্পিত ৰূপত ৰঙৰ ভিত্তিত ফুলবোৰ ৰোৱা হ’লে ফুলনিবাৰীখন আৰু ধুনীয়া হৈ পৰাৰ সম্ভাৱনা আছিল৷ [খ] কিছুমান বেয়া, সৌন্দৰ্যহীন- সুগন্ধহীন ফুলো ফুলনিবাৰীত ৰুই থৈছিল; যাৰ ফলত ফুলনিবাৰীখনৰ সৌন্দৰ্য কিছু পৰিমাণে ম্লাণ পৰিছিল৷ ফুলনিবাৰীখন হৈছে অসমীয়া কবিতাৰ জগতখন আৰু ফুলবোৰ হৈছে আধুনিক কবিতাবোৰ৷

   

 ‘প্ৰান্তিকে’ এই ক্ষেত্ৰত সময়োচিত পদক্ষেপেৰে আধুনিক অসমীয়া কবিতাৰ ফুলনিবাৰীখন আটক ধুনীয়া কৰি তুলিবলৈ প্ৰয়াস কৰি আহিছে৷

    পাঠকৰ নিচেই কাষ চাপিও আশীৰ দশকৰ পৰৱত¹ অসমীয়া কবিতাতো এনে কিছুমান খুঁত ৰৈ গৈছে - যিবোৰ খুঁত আঁতৰাবলৈ ‘প্ৰান্তিকে’ প্ৰয়াস কৰি আহিছে৷ যেনে - [ক] পুৰণি আৰু প্ৰতিষ্ঠিত কবি হ’লেও একঘেয়ামী কবিতাক আশ্ৰয় নিদিয়া৷ [খ] শিল্পগুণ ৰহিত কবিতা মুঠেই প্ৰকাশ নকৰা৷ [গ] গতানুগতিক পৰম্পৰামুখী কবিতাৰ সলনি নতুনত্বৰ বাণী আৰু শৈলীবহণকাৰী কবিতাক আগস্থান দিয়া৷ [ঘ] অকবিতাৰ  প্ৰতি তিলমানো আগ্ৰহ প্ৰকাশ নকৰা, ইত্যাদি৷


           এফালে বিষয়বস্তু বা বক্তব্যত নতুনত্ব আৰু আনফালে আংগিকৰ ন ন সম্পৰীক্ষা - “প্ৰান্তিক”ৰ কবিতাবিলাকৰ প্ৰধান মন কৰিবলগীয়া দিশ৷ আধুনিক কবিতাত নতুন নতুন বিষয়ক লৈ ইতিমধ্যে অনেকখিনি পৰীক্ষা-নিৰীক্ষা কৰা হৈছে যদিও ‘প্ৰান্তিক’ আৰু নতুনত্বৰ সন্ধান কৰি আছে৷


           জীৱনক নতুন ৰূপত চোৱাৰ হাবিয়াস “প্ৰান্তিক”ৰ কবিতাবিলাক সবাতোকৈ উল্লেখনীয় দিশ৷ কবিসকলে ভাবিলৈ ল’লে - “কবিতা জীৱনৰ বাবেহে৷ জীৱনক ছন্দোময় কৰি তুলিবলৈকে আমাক কবিতা লাগে৷ এই কথা আমাৰ সাধাৰণ মানুহে বুজাৰ এটা পৰিবেশ যেতিয়ালৈকে নাহে তেতিয়ালৈকে কবিতাৰ পথ সুগম নহয়৷”৩


    “জীৱনৰ অৰ্থ কি?

 

    “জীৱনৰ অৰ্থ বিচাৰি আকাশলৈ চালো, যপূৰ্ণিমাৰ জোনটোৱে এমোকোৰা হাঁহিৰেয

    মোলৈ চাই গুপুতে চকু টিপিয়াই দিলে৷”

    [জীৱনযৰাজ আমিন বৰুৱা, প্ৰান্তিক, ৰ ডিচেম্বৰ ১৯৯১]

    “জীৱনক ভালপোৱা তুমিযভাল পাওঁ ময়োযসেইবাবেই হূদয়/ম কৰোঁয

    জীৱনক মাধুৰ্যযকেৱল এটি মুহূৰ্তৰ বাবেযযি হেৰাই যায় পলকতে৷”

    [জীৱনক বিচাৰিয অনুপমা বসুমতাৰী, ১৬ জানুৱাৰীয৯৯]

    আজিৎ গগৈৰ “জীৱনৰ গল্প” সুৰেশ ৰঞ্জন গদুকাৰ “আত্ম-কথা”,আৰ্চনা বৰুৱাৰ “জীৱনে মৰণে” ইত্যাদি কবিতাত জীৱনক নতুন ৰূপত চোৱাৰ প্ৰয়াস কৰা দেখা যায়৷


            লোক-কবিতাৰ প্ৰভাৱ ‘প্ৰান্তিক’ৰ কবিতাৰ অন্যতম উল্লেখযোগ্য দিশ৷ এই কিবতাবিলাকৰ বিষয়বস্তু উৎস হ’ল প্ৰাচীন অসমীয়া লোক-গীত, লোক-কবিতা, আইনাম, ধাইনাম, বিহুনাম, ল’ৰা ওমলা গীত, নাও খেলা গীত ইত্যাদি৷ মিছিং, কাৰ্বি, বড়ো আদি জনগোষ্ঠীয় মৌখিক গীত-মাতৰ বিষয় আৰু সুৰৰ আধাৰত বহু কেইটা কবিতা ‘প্ৰান্তিক’ত প্ৰকাশ পাইছে৷ জনগোষ্ঠীবিলাকৰ খেল-ধেমালীৰ গীত, বিবনি গীত আৰু উৎসৱ পাৰ্বনৰ গীতৰ পৰাও কবিসকলে বিষয়বস্তুৰ উৎস আহৰণ কৰিছে৷ ধ্ৰুৱজ্যোতি দাসৰ “লিহিৰিপতীয়া অ’ বনৰীয়া বাঁহী” নামৰ কবিতাটো লোক-কবিতাৰ অনুকৰণত লিখা উৎকৃষ্ট উদাহৰণ :

    “বণাহৰ জোপোহাটোৱে মাতে মাতযবাঁহৰ জোপোহাটোৱে মাতে ডাউকৰ মাতয

    ডালৰ পৰা পৰিযফুলে ঢাকে বাট

    ................য

    বাঁহৰ আগত ৰুণ নিদিব কপৌটিযঅ’ মোৰ কপৌটিযকিবা আছে নেকি

    দুখৰ খবৰযধনৰ খবৰয কৈ দে য মোৰ হাতৰ কটাৰী পৰে৷” [ৰ জনুয৯৯] 


          ‘প্ৰান্তিক’ৰ কবিতাৰ আন এটি দিশ হ’ল প্ৰেমৰ নৱ মূল্যায়ন৷ কবিসকলে প্ৰেমক ভিন ভিন দৃষ্টিভংগীৰে চাব খুজিছে৷ অধিকসংখ্যক কবিৰ কবিতাতে প্ৰেমে বিষয়বস্তু হিচাপে ধৰা দিছে৷ তৎসত্বেও প্ৰেম সম্পৰ্কে ভিন্ন কবিৰ ভিন্ন ধাৰণা৷ ‘‘ মই সেই নীলা জুইত জাহ যাম” প্ৰেমৰ ভাষা নজানা কবিয়ে যযি ভাষা জানেযসেই ভাষা তুমি নাজানিলেই ভাল”প্ত “পৃথিৱীত  সবাতোকৈ উজু কাম প্ৰেম দান”৬,“ফুল বা ফল নহয়, প্ৰেম শিপাহে”জ্জ বুলি ভিন ভিন কবিয়ে ভিন ভিন দৃষ্টিৰে চাব খুজিছে৷ “তোমাৰ বাবেই এনেবোৰ কবিতা” নমাৰ কবিতাত ফুল শইকীয়াই প্ৰেম সম্পৰ্কে এনেদৰে কৈছে ঃ

    “ধুপুচ-ধুপুচকৈ নৈৰ পাৰত তুমি কাপোৰ ধূলেযপকি থকা আমাবোৰ জৰ জৰকৈ সৰেয

    ক’লা চৰাইজাক কপালৰ ওপৰত য জাক পাতি উৰেয

    আঃ য নলগা ঠাইত লাজুকী চাদৰখন অকমান ফাটি গ’লে৷” [১৬ মে’য৯০]

    ‘প্ৰান্তিক’ৰ প্ৰেমবিষয়ক কবিতাবোৰ পাতল আৰু পেনপেনীয়া ভাৱৰ প্ৰকাশিত ৰূপ নহয়৷ ‘প্ৰান্তিক’ৰ প্ৰেম বিষয়ক কবিতাবোৰ গভীৰ ভাৱ ব্যঞ্জক, অৰ্থদ্যোতনাৰে দোলায়িত, পৰিমাৰ্জিত, ৰুচিকৰ আৰু অনুভূতিসুলভ কোমলকান্তিৰে পয়োভৰ৷


            ‘প্ৰান্তিক’ৰ কবিসকলে আৰু এনে কিছুমান বিষয়ত গুৰুত্ব দি আহিছে - যি বিলাক বিষয় পুৰণি হৈয়ো নতুন ৰূপত উপস্থাপন কৰা হৈছে৷ পূৰ্বতে এনেকুৱা বিষয়ক লৈ কাব্য ৰচনা কৰা হৈছিল৷ কিন্তু ‘প্ৰান্তিক’ৰ কবিসকলে এই বিষয়বোৰ বুদ্ধিদীপ্ত উপস্থাপনেৰে অভিনৱত্ব প্ৰদান কৰিলে৷ নৈসৰ্গিক শোবা বৰ্ণনাত নব্য দৃষ্টি-ভংগী, নষ্টালজিক চেতনাযুক্ত কবিতাৰ প্ৰাধান্য আৰু প্ৰাচীন ঐতিহ্যৰ অনুসন্ধান, বিজ্ঞান-প্ৰযুক্তিবিদ্যা [ইন্টাৰনেট, ই-মেইল, ই-গৰ্ঘৰনেন্‌চ, বৰট, কম্পিউটাৰ]ৰ শেহতীয়া আৱিষ্কাৰৰ প্ৰভাৱ, গ্ৰাম্য আৰু নগৰকেন্দ্ৰিক জীৱনক সমগুৰুত্ব প্ৰদান ইত্যাদি বিষয়বস্তুৱেই কবিসকলৰ সৃষ্টিৰ উৎস বক্তব্য হৈ পৰিল৷ এনেবোৰ নব্য আৰু অভিনৱ বিষয়বস্তুৰ সংযোগৰ ফলতে “আশা আৰু নব্বৈ দশকৰ পৰা অসমীয়া কবিতাই বিস্ময়কৰ ৰূপ বিস্তৃতি পৰিগ্ৰহ কৰিছে৷"


           আংগিকৰ ন ন সম্পৰীক্ষা ‘প্ৰান্তিক’ৰ কবিতাৰ অন্য এটি তাৎপৰ্যপূৰ্ণ দিশ৷ চল্লিশ দশকতে অসমীয়া কবিতাই পূৰ্বৰ ৰূপ সলনি কৰি সম্পূৰ্ণ ৰূপেৰে আত্মপ্ৰকাশ কৰিছিল৷ আশী দশকত কবিসকলে আংগিকৰ ন ন পৰীক্ষা কৰিবলৈ পুনৰ আৰম্ভ কৰিলে৷ চল্লিশৰ দশকৰ সাজটোকে ৰং আৰু ৰেখাৰ নতুন সমাহাৰ ঘটাই আধুনিক অসমীয়া কবিতাক কবিসকলে এক নতুন ৰূপ  প্ৰদান কৰিলে৷ এই ক্ষেত্ৰত ‘প্ৰান্তিক’ৰ ভূমিকা অগ্ৰগণ্য৷ আংগিকৰ ন ন সম্পৰীক্ষাৰ বিশেষ বিশেষ কিছুমান দিশৰ সম্পৰ্কে তলত আলোচনা কৰা হ’ল৷


            ‘প্ৰান্তিক’ৰ কবিতাৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশ হ’ল কাহিনী-কথনৰ প্ৰাধান্য৷ ৰোমান্তিক যুগৰ মিলিতান্ত যৌগিক ছন্দশৈলী পৰিত্যাগ কৰি চল্লিশ-পঞ্চাশ দশকৰ অসমীয়া কবিতাই স্পন্দিত গদ্য ছন্দ আৰু মুক্তক ছন্দক আকোঁৱালি লৈছিল৷ কিন্তু আশীৰ দশকৰ অসমীয়া কবিতাই কথা ছন্দৰ অধিক কাষ চাপে৷ কবিসকলে বক্তব্য প্ৰকাশ কৰিবৰ বাবে কবিতাত এটি শিল্পগুণসনম্‌ত কাহিনীৰ উপস্থাপন কৰিবলৈ ল’লে৷ এই কাহিনী কিন্তু বেলাদ বা সাধুকথা নহয়৷ কাব্যগুণ অক্ষুন্ন ৰাখি কবিসকলে কাহিনী-কথনৰ আধাৰত বিষয়বস্তু ব্যঞ্জিত কৰি তুলিছিল৷ নান্দনিক কাহিনী-কথনে কাব্য-বস্তুৰ গভীৰ অৰ্থ-দ্যোতনা উপলব্ধি কৰাত সহায় কৰিছিল; ফলত এনে কবিতাই পাঠকৰ মনোযোগ আকৰ্ষণ কৰিছিল৷ কাহিনী-কথন আধাৰিত বিশেষভাৱে উল্লেখযোগ্য ‘প্ৰান্তিক’ৰ কেইটামান কবিতা হ’ল “মধুপুৰত অক্টেভিঅ’ পাজৰ কাল্পনিক ভ্ৰমণ”জ্ঝ “অলৌকিক আঙঠিটো”১০ “ নীলা বৰণীয়া বিছা”ৰৰ “কবিতা”১২ “শামুক আৰু পানী কাউৰী”১৩ ইত্যাদি৷ কাহিনী-কথন আধাৰিত কবিতালিাকে কেতিয়াবা কথোপকথনেৰে, কেতিয়াবা, প্ৰশ্নোত্তৰেৰে, কেতিয়াবা কাহিনী বৰ্ণনা বা সাধুকথা বৰ্ণনাৰে, কেতিয়াবা অভিজ্ঞতা বা পৰিবেশ বৰ্ণনাৰে লিখা৷ বহু সময়ত কবিতাবিলাকত বিষাদগ্ৰস্ত কবি মনৰ হেঁচা-ঠেলা প্ৰকাশ পাইছে৷


            ‘প্ৰান্তিক’ৰ কবিতা কথা ছন্দৰ অধিক কাষ চাপিল৷ গদ্য আৰু পদ্যৰ দূৰত্ব লাহে-লাহে কমি আহিল৷ অৱশ্যে ইয়াৰ ফলত কবিতাবোৰ সাধাৰণ মানুহৰো আপোন হৈ পৰিল৷ ৰোমান্তিক যুগৰ পিছত কবিতাই সাধাৰণ মানুহৰ পৰা বহু যোজন বাট আঁতৰি আহিছিল৷ কিন্তু ইয়াৰ বিপৰীতে ‘প্ৰান্তিক’ৰ কবিতা এমুঠি কবি আৰু পণ্ডিতৰ মাজতে সীমাৱদ্ধ হৈ নাথাকিল; সাধাৰণ মানুহৰ অনুভূতিৰ মাজলৈয়ো সোমাই আহিল৷ কথাছন্দৰ এটা উদাহৰণ দাঙি ধৰা হ’ল :

    “একো নহ’লেও তোমাৰ ঠিকনা আছেযসময়ৰ স’তে চুক্তি কৰিবায

    একো নহ’লেও তোমাৰ এটা ঘৰ আছেয


    মুখ সলাব পৰাকৈ মুখ আছে, সলাবাযকথা সলাব পৰাকৈ কথা আছে, ক”বায

    ৰূপ সলাব পৰাকৈ ৰং আছে, সানিবা৷” [‘সীমাবদ্ধ’, পুঞ্জন, বৰুৱা, ১৬ মাৰ্চয৯০]


            চিত্ৰকল্পৰ চমৎকাৰ প্ৰয়োগ ‘প্ৰান্তিক’ৰ কবিতাৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু৷ ‘প্ৰান্তিক’ৰ কবিসকলে অভিনৱ শব্দ সংযোজনেৰে তেওঁলোকৰ মনৰ ছবি আঁকিবলৈ ল’লে৷ তেওঁলোকৰ ছবিক শব্দই দিলে ৰেখাৰ ধাৰণা আৰু ব্যঞ্জনাই দিলে ৰঙৰ আভাস৷ মনৰ ছবিক কেতিয়াবা কেতিয়াবা টুকুৰা-টুকুৰকৈ আৰু কেতিয়াবা কেতিয়াবা টুকুৰা ছবিবোৰকে সানমিহলিকৈ - এনে ছবিৰ অংকনে কবিতাবোৰ কৰি তুলিলে মনোগ্ৰাহী আৰু হূদয়গ্ৰাহ্য৷

  

  কবিয়ে চিৰাচৰিত পৰিবেশ এটাকো আধুনিক কবিতাত অপৰূপ সৌন্দৰ্যৰ ভাণ্ডাৰলৈ ৰূপান্তৰ কৰিব পাৰে৷ ৰাতিৰ কদৰ্যময় আৰু নিজান পৰিবেশকো সেয়ে কবি কৰবী ডেকা হাজৰিকাই ‘পাহাৰৰ কাৰু কাৰ্য’ আৰু ‘ফুলে ভৰা উপত্যকালৈ’ ৰূপান্তৰ কৰিব পাৰিছে৷

    “মাজৰাতি সাৰ পালেযৰাতিটোক বাৰ বণিতা যেন লাগেযতাইৰ কাজল কলা চকুতয

    টোপনি ভগা চৰাইৰ দৰেযকলকলাই উঠেযআমন্ত্ৰণ পাইযবাহ মেলি গা ভাঙিযতাই ফুটাই তোলেয

    পাহাৰৰ কাৰুকাৰ্যযএখিলা এখিলাকৈ আঁতৰাই থৈযপাতৰ আভাৰণযজোনৰ পোহৰত তুলি ধৰেয

    ফুলেভৰা উপত্যকা৷”

    [“ৰাতি”, কৰবী ডেকা হাজৰিকা, আগষ্ট, ১৯৯৯]


    ৰাতিক লৈ জীৱন নৰহেও অংকন কৰিছে অনুপম চিত্ৰকল্প :

    “মাজৰাতি জোনটো নামি আহেযৰৈ থাকে বাঁহৰ সাঁকোতে

    আকাশৰ নীলা ৰং গাত সানি লৈযৰাতি ৰাতিটো বৰষুণ হয়৷”

    [“মাজৰাতি জোনটো নামি আহে”, ১৬ জুলাই, ১৯৯৪]


         ‘প্ৰান্তিক’ৰ কবিতাৰ আন এক তাৎপৰ্যপূৰ্ণ দিশ হ’ল প্ৰতীকৰ চাৰুতা৷ আশী দশকৰ আগছোৱাৰ কবি সকলে ব্যৱহাৰ কৰা প্ৰতীকবোৰ আছিল দঁতা ভাঙিও অৰ্থোদ্ধাৰ কৰিব নোৱাৰা বিধৰ প্ৰতীক৷ যাৰ ফলত আধুনিক কবিতা অধিক দুৰূহ হৈ পৰিছিল৷ ইয়াৰ মৌলিক কাণৰটো হ’ল প্ৰতীকীয় শব্দবোৰ পাঠকৰ তেনেই অপৰিচিত আছিল৷ ‘প্ৰান্তিক’ৰ কবিসকলে পৰিচিত আৰু চিৰায়ত প্ৰতীকীয় শব্দ দ্যোতনাৰে, সংবেদনীয় কোমলকান্তি শাব্দিক দোলেনেৰে কবিতাত প্ৰতীক নিৰ্মাণ কৰি আহিছে; ফলত পাঠকৰ বাবে কবিতাবোৰ হৈ পৰিছে অধিক সংবেদনশীল আৰু চিত্তাকৰ্ষক৷ উদাহৰণ স্বৰূপে, অনুভৱ, তুলসীৰ কবিতা নামৰ কবিতাটোলৈ উনুকিয়াব পাৰোঁ৷ কবিয়ে প্ৰেয়সীৰ মনৰ প্ৰেমৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে ‘নীলা মেঘ খাম’, ‘পালতৰা হাতীপটি উত্তৰ’ আৰু ‘বোকা আকাশ’ক প্ৰেমৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে৷

    “বোকা আকাশৰ গভীৰত বকুলগুৰি প্ৰিয় ঠিকনা প্ৰোথিত হ’লেই

    সৰীসৃপ ৰূপী পত্ৰবাহকৰ কিৰীটিত মাণিক গুজি দি

    চুম্বনৰ স্নিগ্ধ পৰিবেশত মই হয়তো অতীতে অধীৰ হৈ

    উতলা লহৰৰ পালতৰা হাতীপটি উত্তৰলৈ বাট চাই ৰ’ম

    নীলা মেঘ খামৰ ভিতৰত এতিয়া চাগে’ জলস্তৰৰ উদগ্ৰ উঠা-নমা৷” 

    [ৰ ডিচেম্বৰ, ১৯৯১]


         ‘প্ৰান্তিকে’ অসমীয়া কবিতালৈ এক চিহ্নিতযোগ্য পৰিবৰ্তন আনিলে – অলংকাৰৰ অৰ্থবহ ব্যৱহাৰৰ ভেটিত৷ সংবেদনশীল কাব্যিক ভাষাৰ প্ৰয়োগ, অনুপ্ৰাস, উপমা, মনোগ্ৰাহী শব্দচয়ন, ৰূপক, ধ্বনিময়তাত গুৰুত্ব প্ৰদানে ‘প্ৰান্তিক’ৰ কবিতাসমূহ প্ৰদান কৰিলে অন্য এক অনন্য মাত্ৰা৷ তলত কেইটামান উদাহৰণ দাঙি ধৰা হ’ল -

    [ক] উপমা ঃ

    “বৰষুণত তিতি-তিতিযদীঘল হৈ গৈ থাকেয

    চৌৰাচিয়াৰ বাঁহীৰ সুৰটোৰ দৰেযজোনটোৰ চুলি৷”

    [“মাজৰাতি জোনটো নামি আহে”, জীৱন নৰহ, ১৬ য জুলাই য৯৪]


    [খ] অনুপ্ৰাসঃ

    “আছিলনে আন্ধাৰ?...........

    অনন্ত আন্ধাৰ৷ আন্ধাৰৰ অনন্ত অৰ্নৱ?

    ...................................” 

    [“ঋগবৈদিক”, কৰবী ফুকন, ১৬ আগষ্ট য৯৭]


    [গ] শব্দচয়ন ঃ

    “তোমাৰ ম’ হৰজীয়া ৰোৱনী হাতৰ টিপত সেমেকেযমোৰ পৰালি পৰা এমুঠি শুকান ধান,

    উপপিচ ভৰিৰ পানীগাঁঠিলৈকে তোৰ তলসুঁতিয়া মাটিৰ ভুৰভুৰীয়া বোকা,

    ৰোৱা ৰুলে এইবাৰ পথাৰ উজাৰি ধান হ’বযচকু-মন জুৰাই নিব ৰ’দৰ তোলনীয়া ধানে....”

    [“ধানৰ চকাছন্দা সুৰৰ ৰৈ-ৰমলী”, ৰ অক্টোবৰ য৯৭]


          ওপৰৰ আলোচনাটো ‘প্ৰান্তিক’ৰ পাতত প্ৰকাশিত আধুনিক অসমীয়া কবিতাৰ বিষয়বস্তু আৰু আংগিকৰ ন ন সম্পৰীক্ষাৰ কেইটামান দিশত যৎকিঞ্চৎ অবলোকনেহে; বিস্তৃত আৰু সামগ্ৰিক বিশে¡ষণ নহয়৷

          কেইবাগৰাকীও প্ৰসিদ্ধ কবিৰ নতুন কাব্য-ৰূপৰ চৰ্চা ‘প্ৰান্তিক’ৰ কবিতাবোৰৰ আৰু এটা মনকৰিবলগীয়া বিশেষত্ব৷ যেনে – নগেন শইকীয়াৰ মিতভাষা, প্ৰবীণ শইকীয়াৰ আপদীয়া-পদ্য আৰু নীলিম কুমাৰ - জীৱন নৰহ যৌথ কাব্য-চৰ্চাৰ প্ৰয়াস ইত্যাদি৷ অসমীয়া কবিতাত এই ৰূপবিলাক নতুন আৰু অভিনৱ৷ আনকি, সাম্প্ৰতিক অসমীয়া কবিতাৰ বিশিষ্ট ধাৰা হিচাপে এই শ্ৰেণীৰ কবিতাই দ্ৰুত বিকাশ লাভো কৰিছে৷ ইলাদেৱী অধিকাৰী, অতুলচন্দ্ৰ দাস, ভবেন কুমাৰ বৰা, পৰিত্ৰ নাৰায়ণ বৰা, খনিন্দ্ৰ কুমাৰ ডেকা, বিপুল কুমাৰ লহকৰ আদিয়ে আপদীয়া-পদ্য চৰ্চা কৰাৰ দৰে একাধিক কবিয়ে মিতভাষ লিখিবলৈ হাতত কলম লৈছে৷ এনেধৰণে নতুন চিন্তা-চৰ্চাই অসমীয়া কবিতাৰ ভঁৰাল অভাৱনীয় ভাৱে সমৃদ্ধ কৰি তুলিছে৷

    স্বীকাৰ্য্য যে, এই প্ৰবন্ধাটো ‘প্ৰান্তিক’ৰ কবিতাৰ আংগিক আৰু বিষয়বস্তুৰ বিশেষ বিশেষ কিছুমান দিশৰ তেনেই চমু-পথীয়া আলোচনাহে, - গভীৰ, বিস্তৃত আৰু বিশে¡ষাত্মক আলোচনা কৰা হ’লে অনেক ন ন দিশ উদ্ভাসিত হলহেঁতেন৷ তথাপিও, তেনেই চমু-পথীয়া আলোচনা হলেও এই আলোচনাৰ পৰা এটা কথা নিঃসংকোচ ক’ব পৰা যায় যে আধুনিক অসমীয়া কবিতাৰ ভৱিষ্যত নিৰ্মাণত ‘প্ৰান্তিকে’ এটা সদৰ্থক ইতিবাচক ভূমিকা পৰিগ্ৰহ কৰিছে৷ যথাসম্ভৱ জটিলতা পৰিহাৰ কৰি, অনৰ্থক দুৰূহতাক নিলগাই থৈ অছত কবিতাৰ নান্দনিক দিশটো উপেক্ষা নকৰাকৈ কবিতাক সাধাৰণ পাঠকৰ কাষ চপাই নিবলৈ ‘প্ৰান্তিকে’ আশাধুয়াকৈ লাগি আছে৷ কবিৰ চেনতাৰ লগত পাঠকৰ চেতনাৰ উপযুক্ত সমন্বয় সাধন হ’লেহে কবিতা উপলব্ধি কৰিব পাৰি৷ এই দিশত সাধৰণ পাঠকৰ মনতো কবিতাৰ মৰ্মবোধ জাগ্ৰত কৰিব পৰা কবিতা ‘প্ৰান্তিকে’ বাচনি কৰে৷ ফলত অসমীয়া কবিতাৰ বলিষ্ঠ যাত্ৰাৰ অংশীদাৰ স্বৰূপে এহাতে যেনেকৈ এচাম প্ৰতিভাসম্পন্ন কবিয়ে সমুখলৈ ওলাই আহিছে আনহাতে তেনেকৈ এচাম চিৰিয়াচ কাব্যমোদী পাঠকৰো সৃষ্টি হৈছে৷ সাত পুৰুষৰ শতৰুৱেও একেমুখে স্বীকাৰ কৰিব যে, আশী-নব্বৈৰ দশকতে এদল প্ৰতিশ্ৰুতিসম্পন্ন কবি১৪ ‘প্ৰান্তিকে’ আৱিষ্কাৰ কৰিছিল আৰু একবিংশ শতিকাৰ প্ৰথম দশকতো ‘প্ৰান্তিকে’ এদল উজ্বল সম্ভাৱনাময় কবি১৫ আবিষ্কাৰ কৰি আছে৷


প্ৰসঙ্গ-টোকা

১।     হীৰেন্দ্ৰনাথ দত্ত, ‘অসমীয়া কবিতাৰ ধাৰা ঃ ১৯৪২-১৯৭৩’, ‘আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়’, সম্পাদক লীলা গগৈ, পৃষ্ঠা - ৭৪

২।     হীৰেন্দ্ৰনাথ দত্ত,  পূৰ্বোল্লিখিত’ পৃষ্ঠা - ৭৪

৩।    নলিনীধৰ ভট্টাচাৰ্য, ‘কবিতাৰ ভাষা’, ‘সাহিত্য নিৰ্মাণ প্ৰস/’, সম্পাঃ বিপুল খাটনিয়াৰ, পৃষ্ঠা - ২৪

৪।    অজিত গগৈ, ‘প্ৰেমৰ দুটা কবিতা’, ‘প্ৰান্তিক’, ১৬ মে, ১৯৯৭

৫।    হৰেকৃষ্ণ ডেকা, ‘তিনিটা প্ৰেমৰ কবিতা’, ‘প্ৰান্তিক’, ৰ ছেপ্তেম্বৰ, ১৯৯৯

৬।    চামচুল বাৰিক, ‘প্ৰেম দান, ‘প্ৰান্তিক’, ৰ নৱেম্বৰ, ১৯৯৪

৭।     চামচুল বাৰিক, উল্লিখিথ৷

৮।     বাবুল প্ৰসাদ বৰুৱা, ‘অতি সাম্প্ৰতিক কালৰ কেইজনমান উল্লেখযোগ্য অসমীয়া কবিৰ কবিতা’, গৰীয়সী, ডিচম্বৰ, ২০০৯, পৃষ্ঠা-৩০

৯।     চৈয়দ আব্দুল হালিম, ৰ ডিচেম্বৰ, ১৯৯৯

১০।    সৌৰভ শইকীয়া, ৰ জুলাই, ১৯৯৯

১১।    অজিৎ গগৈ, ৰ অক্টোবৰ, ১৯৯৭

১২।    অতনু ভট্টাচাৰ্য, ১৬ জানুৱাৰী, ১৯৯৬

১৩।    সৌৰভ শইকীয়া, ১৬ ফেব্ৰুৱাৰী, ১৯৯৬

১৪।    কবিৰ তালিকা দীঘল হোৱাত উল্লেখ কৰাৰ পৰা বিৰত থাকিলো৷

১৫।    কবিৰ সংখ্যা বেছি হোৱাত উল্লেখ কৰিব পৰা নগ’ল৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages