পুৰণি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 1, 2022

পুৰণি

 

পুৰণি


                    হিতেশ মেধি

                             ছিপাঝাৰ



কদম তলৰ ৰাতিবোৰ পুৰণি

কানাইৰ বাঁহীৰ মাতত ডুবে


উশাহ সলাই পাহৰিব নোৱাৰি নিশাহক

এন্ধাৰ কাটি মূৰ তুলি চোৱা পোহৰত দেখোঁ

কোনোবা হাতৰ সুগঢ়ি মায়া


মায়া মায়াময়

দুকুল উপচা


মায়া পিতাইৰ বুকুৰ ববচা বন

আইৰ মাতৰ নিগৰি পৰা নিজান

বুকুৰ লোঙাত ডিঙা মেলা ছাঁ


হেৰাই যোৱাবোৰ বুটলিবলৈ হ'লে

পোহৰৰ ছাঁৰ প্ৰয়োজন


ঠিক বেলি উঠাৰ আগৰ খিনি!


বেলিৰ বেলিকা ঠিকনা বিচাৰি

মই পুৰণিতে হাত থলোঁ

সাগৰ নচুৱা ঢৌত উটি

বুৰুলিত পুঙা কাটিলো


গান এটা সুৰ তুলি

মই বুকু খন বিচাৰি চালোঁ


কিনো এনে বতৰা

মোক হেৰুৱা বুকুখনে পুৰণিত পঢ়ি আছে

পাহাৰ গজা এটা ৰাতিৰ কথা


এনেকৈয়ে ঢলফাটত দেখো বেলি পুৰণি ৰ'দ

বৈ থকা নৈ পুৰণি কথা

আকাশ ফুটুকীয়া হোৱা অলেখ আখৰা


পুৰণি- খোপনি পোতা

পুৰণি- সময় গৰকা

পুৰণিবোৰ বসন্ত নচুৱাই সামৰা পৰ


পুৰণিতে মই পাওঁ পুৰঠ মেঘৰ ছাঁ

পুৰণিতে মই পাওঁ নিলগৰ নৈৰ সাঁচতীয়া কথা

পুৰণিতে মই পাওঁ মোক বুৰাই পেলোৱা জিকাফুলীয়া জীৱন


এদিন তেওঁ কলে নতুনকৈ লোৱাটো নিয়ম

মই কলোঁ গাৰ ছাঁটো সুলকি নপৰক


য'ত মই পুৰণিতে বিচাৰি পাওঁ নতুনক


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages