হাতত ষ্টেনগান লৈ ঘূৰি ফুৰাএজন কবি আছিল তেওঁ
নীলিম কুমাৰ
হাতত ষ্টেনগান লৈ ফুৰা
এজন কবি আছিল আমাৰ এই মাটিত।
তেওঁক আপোনালোকে ‘কলাগুৰু’ বুলি কৈ
আপোনালোকৰ বৌদ্ধিক জেলত ভৰাই নথ’ব।
নিৰন্ন মানুহৰ কাঁহীত তেওঁ
বাঢ়ি দিব খুজিছিল এমুঠি ভাতৰ বগা।
হাতে হাতে গুজি দিব খুজিছিল তেওঁ
গোলাপৰ টিকটিকিয়া ৰঙা।
মানুহ আছিল তেওঁৰ কবিতা।
স্বাধীনতা দিৱসৰ দিনা হাতত কলা পতাকা লৈ চিঞৰিছিল তেওঁ _
“ইয়ে আজাদী ঝুঠা হ্যায় …”
তেওঁৰ স্বাধীনতাৰ সংজ্ঞা আছিল মানুহৰ শোষণ মুক্তি।
মানুহৰ হৃদয়ে হৃদয়ে বাস কৰিব খুজিছিল তেওঁ।
সেয়াই আছিল তেওঁৰ অপৰাধ।
সেই কবিজনক জেলত ভৰাই থোৱা হৈছিল।
ধাৰ্য্য কৰা হৈছিল তেওঁৰ শিৰৰ মূল্য।
হাতত ষ্টেনগান লৈ ঘূৰি ফুৰিছিল তেওঁ
বুকুত ভৰি আছিল কবিতা।
বনে জংঘলে ঘূৰি ফুৰিবলগীয়া হৈছিল তেওঁ অঘৰীৰ দৰে।
পুলিচে তেওঁক খেদি ফুৰিছিল,
হাৰমনিয়াম লৈ গাঁৱে গাঁৱে গান
গাই ফুৰিছিল সেই কবিজনে।
গানবোৰ আছিল ৰক্তিম, নিয়ম ভঙাৰ গান।
হাতত আছিল তেওঁৰ ৰং আৰু ব্ৰাছ।
হাতত ষ্টেনগান লৈ ফুৰা সেই কবিজনেই
জেলৰ ভিতৰত তেওঁ আঁকিছিল শংকৰদেৱ।
হাতে ভৰিয়ে লোহাৰ শিকলি লগাই
দূৰৰ জেললৈ লৈ যোৱা হৈছিল তেওঁক। আমাৰ মাটিত সেই এজনেই জন্মিছিল তেনে এজন অপ্ৰতিদ্বন্দ্ব্বী সৈনিক, কবি, গায়ক, চিত্ৰকৰ আৰু
নৃত্য বিশাৰদ। যাৰ নৃত্যত
কপি উঠিছিল ৰজাঘৰীয়াৰ মুকুট।
বুকুত আছিল যাৰ ভালপোৱাৰ মহাসাগৰ, সুৰৰ কত মূৰ্চনা,
ৰঙৰ কত উৎসৱ ....
তেওঁক আপোনালোকে “কলাগুৰু” বুলি কৈ
আপোনালোকৰ বৌদ্ধিক জেলত ভৰাই নথ’ব।
তেওঁক আবিষ্কাৰ কৰক
এজন বিৰল সৈনিক আছিল তেওঁ।
যাৰ বুকুত আছিল মানুহৰ মুক্তিৰ স্বপ্ন
যাৰ বাবে তেওঁ হাতত লৈ ফুৰিছিল ষ্টেনগান আৰু হাৰমনিয়াম
সেই বিশাল নক্ষত্ৰ খচিত আকাশৰ নাম
বিষ্ণু ৰাভা।


No comments:
Post a Comment