প্ৰতিযোগিতা
ববী দত্ত
টীয়ক
চহৰ খনৰ কথা ভাবিলে ৰিত্ৰাঙ্গল এটা চকুৰ আগত ভাহি উঠে
চহৰখনৰ গলিটোৰ ঠিক মধ্য
স্থানতে শটো পৰি আছিল
তাৰ সোঁ দিশত শাৰী পাতি বহি আছিল ৰঙচুৱা মাটিৰ দালালবোৰ
বাওঁ দিশত
টেঁটু বেঁকা কৰি থকা এটা আদহীয়া শগুন আৰু লগত এজাক বদনামী
কাউৰী।
ভোজমেলৰ পাছৰ দিনটোৰ স্পষ্ট ছবি
দাঁত নিকতাই পৰি থকা শটো কাৰ
কোনেও নাজানে
কোনে হত্যা কৰিলে সেইয়া সন্দেহৰ অৱৰ্তত
কোনোজনে কয় হত্যাকাৰীয়ে আপেল খাই আছে
কোনোজনে কয় মদৰ ৰাগীত মাতাল জয়াল ৰাতি
কোনোজনে কয় বেশ্যাৰ শৰীৰত মানচিত্ৰ অংকন।
জনগণৰ মতামত : হত্যাকাৰী চুৱাপাতনিৰ কুকুৰ
কাৰ্লমাক্স জিন্দাবাদ
কাৰ্লমাক্স জিন্দাবাদ
ভোগ আৰু ভোকৰ প্ৰতিযোগিতাত
শৰীৰ জয়ী হৈছিল
................
.......................
শটো জ্বলাবলৈ বেছি সময়ৰ প্ৰয়োজন হোৱা নাছিল
নপছা টকাত দপদপাই জ্বলিল জুই
ছাইবোৰ বতাহত উৰিল
বাধ্যবাধকতাৰে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিলে মাটিৰ দালাল,শগুন আৰু কাউৰী জাকে।
ভোকাতুৰ চহৰত অঘোষিত জুইৰ প্ৰতিযোগিতা চলিল।
প্ৰতিযোগিতা
জীৱনৰ
সম্পত্তিৰ
মৃত্যুৰ।
No comments:
Post a Comment