সংঘাত
সঞ্চিতা বৰা
নগাঁও
তাহানিৰ দিন নাই অ’
তই যে গজিছিলি
মাটিৰ পুতাই হৈ
অতি সাম্প্ৰতিকঃ
সঠিক তাৰিখ
চিকুণাই থোৱা চুক এটিত
প্ৰথম চপৰা মাটি দিয়েই
কণ্ঠ কাতৰ
বেছি শিপা নেমেলিবি মোৰ সোণামুৱা
ঠাই তাকৰ
আকাশ চাবলৈ নাপালেও কথা নাই
ফুল দে ফল দে
পাতৰ এমখা ধূলি আতঁৰাই
চুহিবলৈ শিক
দিনৰ পোহৰ
No comments:
Post a Comment