মৰুভূমি আৰু অসমৰ প্ৰকৃতি
প্ৰগ্ৰেছ মেদক
আমি জানো,মৰুভূমিত কেইবা বছৰলৈকে বৰষুণ নিদিয়াকৈ থাকে বা কাচিৎহে জলবায়ুৰ পৰিবৰ্ত্তণ সাপেক্ষে বৰষুণ দিয়ে।কেৱল আকাশৰ বেলিটোৱে জুই বৰষে। মৰুভূমিত বেলিটোৰ বাহিৰে আকাশত চৰাই চিৰিকতি দেখিবলৈ পোৱা নেযায়।ডাৱৰ থকাৰ প্ৰশ্নই নাহে।মৰুভূমিৰ অ'ত ত'ত শুকান কাইটীয়া গছৰ বাহিৰে এজোপাও সেউজীয়া গছ দেখা নাপায়।কৰবাত জীৱ জন্তূ মৰিলে শুকান হৈ যায় আৰু মৰাশটো গেলিবলৈ বীজানু বা মাখি পোক পতঙগ নাই।মৰাশ বোৰৰ শৱবোৰ শুকাই খৰখৰীয়া হৈ পৰে।
অসমত আকৌ সেউজীয়া প্ৰকৃতিৰ বুকুত ভৰ যৌৱনা নৈ, বিল,পুখুৰী,খাল-ডোঙেৰে ভৰপূৰ আৰু প্ৰকৃতিয়ে হিয়া উজাৰি সকলো দিছে।গছ ৰোৱাটো দূৰৈৰ কথা যদিও ইয়াত চৰাই চিৰিকটিয়ে মলত্যাগ কৰিলেও তাৰ পৰাই গছ গছনি গজি উঠে।আমি কেৱল গছ গছনিবোৰ কাটিছো কেৱল নিজৰ স্বাৰ্থৰ কাৰনে।প্ৰকৃতি সঙৰক্ষণৰ কথা বাদেই প্ৰকৃতিক ধ্বঙস কৰাৰ কোনো প্ৰচেষ্টাই বাদ দিয়া নাই।ফলত সঙকুচিত হৈ পৰিছে হাবি জঙঘলবোৰ।পাহাৰবোৰ টকলা হৈ পৰিছে।দূৰ্তগঠিত পৰিবেশ প্ৰদূষিত হৈছে আৰু প্ৰাকৃতিক প্ৰাচুৰ্য্যই আমি বোৰক কৰ্ম বিমূখ কৰি তুলিছে।আমাৰ গাওবোৰত ফল মূলৰ গছ গছনিবোৰো নাইকীয়া হৈ গৈ আছে।অন্য দেশৰ বিভিন্ন ঠাইৰ পৰা আৰু বিদেশৰ পৰা আমদানি কৰা ফলবোৰ বজাৰৰ পৰা কিনি খাব লগা হৈছে।পাচলিৰ ক্ষেত্ৰতো একেই অৱস্হা হৈছে
আমাৰ কৰ্ম বিমূখতাৰ এয়াই জলবায়ু আৰু অসমৰ প্ৰকৃতিৰ পৰিবৰ্তনৰ অভিশাপ।
No comments:
Post a Comment