বৃদ্ধাশ্ৰম
গৌতম মালাকাৰ
কৰিমগঞ্জ
আৰু এটি বিপ্লৱ হওক !
নৈতিকতা আৰু কৰ্তব্যৰ ন্যায্য দাবীত
এটি বিপ্লৱ হওক....
জুই-পানী-ৰোগৰ পৰা ৰক্ষা কৰি
ৰক্ত-শোহা কষ্টকো আওকাণ কৰি
সন্তানৰ সুন্দৰ ভবিষ্যতৰ সপোন ৰচিছিল...
এৰা, সিহঁত পিতৃ-মাতৃ !
কৰ্তব্যৰ পূজাত সকলো উজাৰি দিছিল
পুত্ৰৰ হাঁহিয়ে সকলো দুখ উটুৱাই নিছিল
পিতৃ-মাতৃৰ পৰিচয়েৰে গৰ্ববোধ কৰিছিল !
সেই পূজ্য পুণ্যাত্মা আজি অনাকাংক্ষিত,
ঘৰে ঘৰে অবহেলিত দুৰ্বল দুটি প্ৰাণ...
আজি বৃদ্ধাশ্ৰমৰ চুকে-কোণে
মমতাৰ আঁচল সুঁৱৰি
অসহায় পিতৃ-মাতৃয়ে বোৱাই অশ্ৰুজল...
যন্ত্ৰণাৰ ভৰত দিনবোৰো এন্ধাৰ এন্ধাৰ !
কঠোৰতাৰ কবচ পিন্ধি এদিন আহিবা
শিশু সদৃশ বৃদ্ধৰ কোমল অন্তৰবোৰ পঢ়ি চাবা
সন্তানৰ প্ৰতি থকা স্নেহাশিসৰ
অক্ষয় ভাণ্ডাৰ উপলব্ধি কৰি যাবা...
নৈতিকতা আৰু কৰ্তব্যৰ দাবীত
আৰু এটি বিপ্লৱ হওক...
বৃদ্ধাশ্ৰমবোৰ বে-আইনী ঘোষিত হওক,
বৃদ্ধাশ্ৰমবোৰ বন্ধ কৰাৰ দাবীত
এটি বিৰাট মানৱীয় বিপ্লৱ হওক....
মোবাইল নং- ৯৪৩৫১৬৮৩৭৮
No comments:
Post a Comment