বোধৰ পাছৰ পদ্য
ইলামণি শইকীয়া
স্তৱক- এক
নিজাকৈ কিবা আছে বুলি
কোনসতে কওঁ
মুখৰ মাতষাৰেইচোন নাই৷
আনৰ সুৰত সুৰ টানিছো
আনৰ কথাৰে কণ্ঠৰ শিৰ ফুলাইছো৷
স্তৱক-দুই
যিফালে বতাহ সেইফালেই নিজক হাওলাই দিছোঁ
তাৰ পাছত বাহু দাঙি চিঞৰিছোঁ--
আমি স্বাধীন
স্বাধীনতৰ সোৱাদ মোৰ ককা, আজোককাই পাইছিল
ঘাম-তেজেৰে পখালি যি
বিবেকক আয়ুস্মান কৰিছিল
স্তৱক-তিনি
লেটাই বাহটোকে বিশাল দেখে
মূৰ্খই বিক্ৰী যোৱা বিবেকেৰে
পৃথিৱীক পদানত কৰাৰ বধিৰ সাধনা কৰে৷
উপৰিপুৰুষে তাহানিতেই কৈ গৈছিল-'সৰুক বৰ আসন নিদিবি’
স্তৱক-চাৰি
ঠিক এনেকৈয়ে পাৰ হ’ব আমাৰ কুকুৰধূলি জীৱন
এছোৱা খাবলৈ মুখ মেলি থাকোঁতে,আনচোৱা চুৱাপাতনিত লেটি লৈ ফুৰোঁতে
সিহঁতৰ চিঞৰবোৰ ব্যৰ্থ বুমেৰাং৷
উপসংহাৰ-
সাধাৰণ নৰমনিচ আমি
বেলি গ’ল গধুলি হ’ল
কানি-কাপোৰো 'কুলা' হ’ল
দুৱাৰৰ দাং মাৰি বৃত্তত বন্দী 'পিথবী’ৰ নপতা ফুকন হ’লো আমি৷
কুলা- উজনিৰ কিছু কিছু ঠাইৰ কথিত শব্দ৷ লিখিত ৰূপ- ক’লা৷
পিথবী-এইটো শব্দৰ ক্ষেত্ৰতো একে কথা৷ লিখিত ৰূপ-পৃথিৱী
No comments:
Post a Comment