প্ৰভেদ
মিনাক্ষী কলিতা
নলবাৰী
ৰাতিপুৱাই ৰাতিপুৱাই বাৰীত হোৱা শাক পাচলি খিনি আৰু মঠাউৰিৰ কাষৰ পৰা আগদিনা আবেলিয়ে গটোৱা ঢেকীয়া পচলা আৰু কলডিলকেইটাৰ লগতে হাঁহ কুকুৰাৰ কণীকেইটা ওচৰৰ বজাৰখনত ততাতৈয়াকৈ বিক্ৰী কৰি আহি দেউতাকক চহৰৰ ডাক্তৰৰ ওচৰলৈ নিবলৈ উলিয়াই হাতত থকা পইচা খিনিক এটকা এটকাকৈ হিচাপ কৰি থকা জীয়েক আইমনিলৈ একেথিৰে চাই ৰ'ল মাক পাপৰিয়ে।
উফ্ ছোৱালী জনীকো যদি অলপ পঢ়ুৱালোহেতেন.. আজি অন্ততঃ তাই পইচাখিনি এনেদৰে আঙুলি মুৰত গনিব লগা নহলহেতেন!
কিন্তু....
অভাৱৰ কাৰণেহে...
সঁচাকৈয়ে বাৰু অভাৱৰ কাৰণে নে!!
নিজৰ মনত উদয় হোৱা প্ৰশ্নটোৰ ওচৰত নিজে লজ্জিত হ'ল পাপৰি।
অভাৱ আছিল সঁচা...যথেষ্ট অভাৱে আছিল। এক কথাত কবলৈ গলে এসাঁজ নখোৱাতে পিছৰ সাঁজৰ চিন্তা কৰিব লগীয়া হৈছিল। কিন্তু আইজনীক নপঢ়োৱাৰ সেয়াই জানো একমাত্ৰ কাৰণ আছিল!
নহয়..অকল সেয়াই নহয় ইয়াৰ উপৰি আছিল আমাৰ মনত থকা প্ৰভেদ...
ল'ৰা সন্তান আৰু ছোৱালী সন্তানৰ মাজত থকা প্ৰভেদ!
আইমনিৰ জন্মৰ তিনি বছৰ নহোৱাতে পাপৰি হতৰ জীৱনলৈ দ্বিতীয় সন্তান হৈ আহিছিল পৱন। পৱনৰ জন্মৰ পিছত মাক দেউতাকে আইমনিক যথেষ্ঠ মৰম কৰিছিল যদিও পৱন তেওঁলোকৰ হিয়াৰ আমঠু হৈ পৰিছিল। লাহে লাহে দুয়োটা সন্তানে ডাঙৰ হৈছিল। আইমনিয়ে যেতিয়া দ্বিতীয় শ্ৰেনী পাইছিল তেতিয়া পৱন ও স্কুললৈ যাব পৰা হৈছিল। কিন্তু অভাৱে জুৰুলা কৰা আইমনি পৱনৰ মাক দেউতাকৰ বাবে দুটাকৈ সন্তানক একেলগে পঢ়োৱাতো তেওঁলোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল।
আইমনি যিহেতু ছোৱালী তাইকটো অলপ ডাঙৰ হলে আন এঘৰলৈ উলিয়াইয়ে দিব লাগিব। সেয়েহে মই ভাবিছো তাইক আৰু স্কুললৈ নপঠিয়াই এতিয়াৰ পৰা পৱনকে পঠিয়াম। এনেও পিছলৈ পৱনেহে...
আইমনিৰ মাক পাপৰিয়ে কোৱা কথাষাৰ বিনাপ্রতিবাদে মানি লৈছিল আইমনিৰ দেউতাকে। সেয়েহে পিছদিনাৰ পৰা পৱন স্কুলীয়া ছাত্ৰ হোৱাৰ বিপৰীতে আইমনি হৈ পৰিছিল মাকৰ প্ৰতিটো ঘৰুৱা কামৰ লগৰী। আইমনিয়ে সেই তেতিয়া কথাবোৰ ভালদৰে বুজা হোৱা নাছিল যদিও স্কুললৈ যাব নপোৱাৰ দুখটোৱে তাইৰ বুকুতো হাহাকাৰ লগাইছিল। লাহে লাহে বুজা হোৱাত সেই দুখবোৰ বুকুতে সামৰি মাকৰ প্ৰতিটো ঘৰুৱা কামৰ লগৰী হোৱাৰ বিপৰীতে হেজাৰ অভাৱৰ মাজতো নিজে লঘোনে থাকি হলেও পুতেকক প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰা মাক দেউতাকৰ হিয়াৰ আমঠু পৱনেও শিক্ষা সুকলমে সমাপ্ত কৰি এটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ চাকৰিত যোগদান কৰিছিল।মাক দেউতাকৰ মুখতো সুখৰ হাঁহি বিৰিঙিছিল। আইমনিক আন এঘৰলৈ উলিয়াই দিয়াৰ যো-জা চলিছিল।
কিন্তু কথাবোৰ সিমানতে অন্ত পৰাৰ সলনি আনফালে গতি সলনি কৰিছিল।কোম্পানীৰ চাকৰিত জইন কৰিয়ে কোম্পানীৰ মালিকৰ জীয়েকৰ প্ৰেমত পৰা পৱন মালিকৰ ঘৰ জোঁৱাই হৈছিল। ধনী শাহু শহুৰৰ আলসৰ জোৱাই হৈ পৱনে পঢ়ি শুনি মাক দেউতাকৰ বৃদ্ধ বয়সৰ সাৰথি হব বুলি আশা কৰি থকা দুখীয়া মাক দেউতাকক একেবাৰে পাহৰি পেলাইছিল।হয়তো মাক দেউতাকে ল'ৰা ছোৱালীৰ মাজত দেখুওৱা প্ৰভেদৰ নিচিনাকৈ পৱনেও ধনী দুখীয়া মাজৰ প্ৰভেদ বিচাৰি মাক দেউতাকক এনেদৰে আওকাণ কৰিছিল।
মা ইমানকৈ চিন্তা কৰি নাথাকিবি!
দেউতা সোনকালে ভাল হব.. মই এতিয়া দেউতাক চহৰৰ ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। লগত যাবলৈ নবীন খুৰাকো কৈ আহিছোঁ.. মই অকলে সেইবোৰৰ একো আওভাও নাপাওঁ যে.....
আমাৰ অহাত পলম হলে হাঁহ কুকুৰা কেইটা বান্ধিবি...
কথাখিনি কৈয়ে দেউতাকক হাতত ধৰি বাট লোৱা ছোৱালীজনীলৈ চাই দুচকু ভৰি আহিল পাপৰিৰ...
ছোৱালী হোৱাৰ বাবদ আনৰ ঘৰলৈ উলিয়াই দিব লাগিব বুলি পঢ়া শুনা সকলোৰে পঢ়া বঞ্চিত কৰা ছোৱালী জনী আজি আমাৰ কনাৰ লাখুটি হোৱাৰ বিপৰীতে নিজে কষ্ট খাই হলেও অন্তিম সময়ত আমাৰ সাৰথি হব বুলি সকলো সুবিধা দি ডাঙৰ কৰা ল'ৰাটো আজি আনৰ প্রহৰী।
No comments:
Post a Comment