বকুল সৰা ৰাতি
নিৰু দত্ত
সৰুপথাৰ, গোলাঘাট
ৰৈ ৰৈও বাব পাৰি বাটকুৰি
গৈ গৈ অতিক্ৰম কৰিব নোৱাৰা দূৰত্ব।
আকাশখন বুকুত কঢ়িয়াব পাৰি
নৈখন গাত পিন্ধি ।
সকলো গছতে জীৱন থাকে সেউজীয়া অবিহনেও
বগাত সাতো ৰং ।
শিলত খোপনি পুতিব নোৱাৰি
কন কন পাহাৰী জুৰি হুৰুসাই বাগৰি
জলপ্ৰপাত , যেন জিয়া গাভৰু খিলখিল হাঁহি
ৰামধেনু গলপতা গলত জিলিকে ।
বকুল সৰা ৰাতি
কথাবোৰ সবাক হৈ মোক আগুৰি ধৰে ।
**********
ফোন ৭০০২২৪১১৪৫
No comments:
Post a Comment