এগৰাকী বিধৱা নাৰীৰ নিঃসঙ্গতাৰ মৰ্মবেদনা
"উদং বুকুৰ আৰ্তনাদ"
পৰাগ প্ৰিয়ম
যোৰহাট,তিতাবৰ
নাই, নাই আজি তেওঁ নাই
হাঁহাকাৰ আজি মোৰ হৃদয়
উদং বুকুৰ আৰ্তনাদ
কোনে এবাৰ শুনিবনো ???
মই বৰ অকলশৰীয়া
তেওঁ মোক এৰি থৈ যোৱাৰ দিনৰে পৰা ।
হঠাৎ তেওঁ মোক এৰি গুছি গ'ল,
অজান দেশলৈ……,
আশাৰ ফুলপাহি ফুলিব খোজোতেই ,,
মৰহি শুকাই গ'ল …।
জোনাকে জিকমিকাই থকা
হৃদয়ৰ কোঠালি ,
হঠাৎ উপচি পৰিল আন্ধাৰে ...!
হে বিধাতা ……!!
কি দোষৰ বাবে তেওঁক তুমি
মোৰ জীৱনৰ পৰা নিলা আঁতৰাই ,
চিৰদিনৰ বাবে…।
কিয় দিলা মোক
সহিব নোৱাৰা দুখৰ বোজা ??
কেনেকৈ বাৰু জীয়াই থাকো তেওঁৰ অবিহনে ??
যিদিনা তেওঁ মোক উকা শিৰত
সেন্দুৰৰ ৰেখা আঁকি দিছিল,
যিদিনা তেওঁ মোক জীৱনে-মৰণে কাষতে থকাৰ শপত দিছিল,
যিদিনা তেওঁ মোক তেওঁৰ পত্নী বুলি সমাজত স্বীকৃতি দিছিল,
সেইদিন ধৰি তেওঁ মোৰ ছাঁটো হৈ লগতে আছিল ।
আজি তেওঁলৈ বৰকৈ মনত পৰিছে,
উদং বুকুখনে তেওঁক
বৰকৈ কাষত বিচাৰিছে,
আজি যে আমাৰ বিবাহ বাৰ্ষিকী ।
হে, মোৰ প্ৰাণৰ দেৱতা
তুমি য'তে আছা সদায় কুশলে থাকা,
মই সদায়ে তোমাৰ হৈয়ে থাকিম,
তোমাৰ সুখৰ বাবে
সদায় জ্বলাই ৰাখিম
গোঁসাই ঘৰত এগছি চাকি ।
No comments:
Post a Comment