অবিশ্বাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 3, 2022

অবিশ্বাস

 

অবিশ্বাস 

ললিতা দাস

শুৱালকুছি, কামৰূপ



        তোমালোকে ভাতখিনি খাই ল'বা। মই বেংকৰ পৰা আহি খাই আছো বুলি কৈ বাইকখন লৈ ওলাই যোৱা জিতুৰ ফালে বেকা দৃষ্টিৰে মাকে ভোৰভোৰাই কৈ উঠিল -"সময় অসময় নাই শাহুৱেকে যেতিয়াই বিচাৰে তেতিয়াই যাব লাগে। প‌ইচা থ'বলৈ হ'লেও মোৰ ল'ৰা উলিয়াব হ'লেও মোৰ ল'ৰা ,দৌৰি থাক এতিয়া "।

      বোৱাৰী মিনুৱে কথাষাৰ আওকাণ কৰি ভিতৰলৈ সোমাই গ'ল । যিহেতু মিনু ঘৰৰ একমাত্ৰ ছোৱালী আছিল তাতে বাপেক নোহোৱা সেয়ে টানে -বিপদে জোঁৱায়েকে সেইকন সহায়ৰ হাত আগবঢ়ায়। 

       ক্ষন্তেক পাছতেই ফোন কল আহিল জীয়েকৰ ঘৰৰ পৰা -"হেল্ল' মা সৰ্বনাশ হৈ গ'ল।তুমি উলিয়াব দিয়া টকাখিনি জোৱায়েৰাই উলিয়াই আহি থাকোঁতে দুজন অচিনাকি ব্যক্তিয়ে বেগটো থাপমাৰি লৈ পলালে অ' মা"বুলি কৈ কান্দিবলৈ ধৰিলে। কথাষাৰ শুনা মাত্ৰকে মাকে ঘৰত হুৱা-দুৱাখন লগাই দিলে। 

       বাৰাণ্ডাত বাতৰি কাকত ‌লৈ বহি থকা গিৰিয়েকে খঙেৰে কৈ উঠিল --"নিজৰ ল'ৰা থাকোঁতেই জোঁৱায়েৰাক টকা উলিয়াব দিছিলা নহয়, এতিয়া মনে মনে থাকা। 

           


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages