নিমাতী ঘাট
ৰুনাল্ডো টাইদ
গোলাঘাট
অ' হেপাহৰ নিমাতী ঘাট
ৰজাৰ সেন্দুৰীয়া বাট
প্ৰজাৰ আবেগৰ ঘাট
অ' নিমাতী
তোৰ বুকুত বৰনৈৰ বাকৰি
ককাই উজাইছিল হাতে বঠামাৰি
অ' নিমাতী তই অজস্ৰ জনৰ চকুপানী
ক'ৰপৰা আহিল অভিশপ্ত ফেৰী
বুকুত বাজিল বিষাদৰ বাঁহী
ক'ত জনৰ হেঁপাহৰ ঘাট নিমাতী
মা-কমলা ফেৰীত সলিল সমাধি
ৰৈ ৰৈ বাজি থাকে কাবান বুকু ভেদী
নিমাতী ঘাট বিষাদৰ ঘাট
অজস্ৰ জনৰ চকুলোৰ বাট
নিমাতী ঘাট
নিমাতী ঘাট
বুকুত কাটি গ'ল
বিষাদৰ দাগ
ফোন - 8638814629
ডাক-ফৰকাটিং,785610
No comments:
Post a Comment