প্ৰমাণ হৈ গৈছে
লক্ষী প্ৰসাদ ৰেগন
এয়া যে মাউৰৰ দিন প্ৰমাণ হৈ গৈছে। টালি টোপোলা বান্ধা আৰু
সাজু থাকা
এইষাৰ কথাও কোনোবাই কাৰোবাক ক'বলৈ বাকী নাই
এয়াও প্ৰমাণ হৈ গৈছে
অতবোৰ ঘটনা ঘটি থকাৰ পাছতো। বহুতক আকৌ প্ৰমাণ লাগে
অমুকে ঘোচ লৈছে। অমুকৰ মৃত্যু হৈছে
অমুকে অমুকটো কৰিছে
দৈনন্দিন মোৰ কবিতাৰ সৈতে লৰা ঢপৰা
তথাপি কাৰোবাক প্ৰমাণ লাগে
মই এজন কবি। মইতো কোৱা নাই, মই নিপুণ কবি
মই সুকবি, মই বিখ্যাত কবি
প্ৰমাণ যদি লাগে নিজেই প্ৰমাণ কৰি চাবা
চকু নাক কাণ ঢাকি। ভিতৰৰ পৰা চাবা। দেখিবা এন্ধাৰ
সেই এন্ধাৰৰ মাজতো দেখি বহুত কিবাকিবি
বছ, এতিয়া প্ৰমাণ হৈ গৈছে
এন্ধাৰেও কিবা নহয় কিবা এটা কয়
No comments:
Post a Comment