ফাইন আৰ্টছ (Fine Arts) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 3, 2022

ফাইন আৰ্টছ (Fine Arts)

 ফাইন আৰ্টছ (Fine Arts) 

ড° বুলজিৎ বুঢ়াগোহাঁই



     বৰ্তমান যুগত ফাইন আৰ্টছ (Fine Arts) এটা আকৰ্ষণীয় পাঠ্যক্রম । ‘ফাইন আৰ্টছ’ত কেৰিয়াৰ গঢ়িব খোজা সকলে ফাইন আৰ্টছৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰা বন্ধা কথা নাই । কিন্তু ফাইন আৰ্টছৰ বিষয়ে সবিশেষ জানিবৰ বাবে ফাইন আৰ্টছৰ পাঠ্যক্রম অধ্যয়ন কৰা আৱশ্যকতা আছে । তাৰোপৰি কোনো উদ্যোগ তথা প্রতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে ফাইন আৰ্টছৰ পাঠ্যক্রম গ্রহণ কৰা প্রমাণ পত্র থাকিব লাগিব । ‘ফাইন আৰ্টছ’ত কেৰিয়াৰ গঢ়িব খোজা ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ‘‘ফাইন আৰ্টছ’’ৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে । ইয়াৰ উপৰিও ‘‘ফাইন আৰ্টছ’’ত চাৰ্টিফিকেট , ডিপ্লমা , স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে । ‘ফাইন আৰ্টছ’ৰ কেইবাটাও শাখা আছে , যেনে – পেইণ্টিং (Painting), স্কাল্পচাৰ (Sculpture), ডিজাইনিং(Designing) , গ্ৰাফিকছ(Graphics) আদি ।


    ‘ফাইন আৰ্টছ’ত কেৰিয়াৰ গঢ়িব খোজা সকলৰ শিক্ষাগতৰ অৰ্হতা বাহিৰেও কিছুমান গুণ থকা দৰকাৰ, যেনে - সৃজনীশীলতা , ভাল পৰ্য্যবেক্ষক ,আত্মবিশ্বাস ,সূক্ষ্মদৰ্শী , সুন্দৰ নিৰীক্ষণ ক্ষমতা , ভাল যোগাযোগ দক্ষতা থকা , দলগত ভাবে কাম কৰা দক্ষতা থকা আদি ।


    অসমৰ সকলো জিলাতে ফাইন আৰ্টছৰ শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । অসম বিশ্ববিদ্যালয় (www.aus.ac.in) ত ভিজুৱেল আৰ্টচ(Visual Arts) বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৪০ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৪০ খন ।ইয়াৰ উপৰিও ভিজুৱেল আৰ্টচ (Visual Arts)ত পি.এইচ.ডি.পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । ‘গভৰ্ণমেণ্ট কলেজ অৱ আৰ্ট এণ্ড ক্ৰাফ্ট , গুৱাহাটী (https://govtcollegeofart.assam.gov.in)’ত ‘ফাইন আৰ্টছ’ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে ।


   অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল – এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in) , অন্ধ বিশ্ববিদ্যালয়(www.andhrauniversity.edu.in),বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in ) , বাঙ্গালোৰ বিশ্ববিদ্যালয় ( http://bangaloreuniversity.ac.in) ,গুৰু নানক দেৱ বিশ্ববিদ্যালয় ( https://online.gndu.ac.in), জামিয়া মিলিয়া ইছলামিয়া ( http://jmi.ac.in),কৰ্ণাটক বিশ্ববিদ্যালয় (www.kud.ac.in), কুৰুক্ষেত্র বিশ্ববিদ্যালয় ( www.kuk.ac.in),এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা(www.msubaroda.ac.in),নাগপুৰ বিশ্ববিদ্যালয় (https://nagpuruniversity.ac.in) ,পঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), ৰাজস্থান বিশ্ববিদ্যালয় ( www.uniraj.ac.in ) ,চাৰ জে জে ইনষ্টিটিউট অৱ এপলাইড আৰ্ট (http://jjiaa.org),মাদ্রাছ বিশ্ববিদ্যালয় ( www.unom.ac.in),পুণে বিশ্ববিদ্যালয় (www.unipune.ac.in ),ৰাজস্থান বিশ্ববিদ্যালয় ( www.uniraj.ac.in ), কলা ভৱন , বিশ্বভাৰতী (www.visvabharati.ac.in)আদি । এই শিক্ষানুষ্ঠানবোৰৰত ফাইন আৰ্টছৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।


    শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ড (টেক্সটাইল উদ্যোগ, বিজ্ঞাপন প্রতিষ্ঠান, সংবাদ প্রতিষ্ঠান, আৰ্ট ষ্টুডিঅ,প্রকাশন প্রতিষ্ঠান আদি)ৰ বিভিন্ন পদ (যেনে – চিত্ৰকৰ, ভাস্কর্য শিল্পী , ডিজাইনাৰ আদি ) নিযুক্তি লাভ কৰিব পাৰে ।  ফাইন আৰ্টছ বিষয়ত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ফাইন আৰ্টছ বিষয়ৰ লেখা-মেলাক কেৰিয়াৰ হিচাপে গ্রহণ কৰিব পাৰে ।

 


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com



বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages