ধূলিৰ ধুমুহাত ফাগুনৰ ‌অৱগুন্ঠন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

ধূলিৰ ধুমুহাত ফাগুনৰ ‌অৱগুন্ঠন

  ধূলিৰ ধুমুহাত ফাগুনৰ ‌অৱগুন্ঠ 

                                               কৰবী ভূঞা 

                                             মুৰফুলনী বাগান গাঁও গোলাঘাট


 


  ময় আহে পাৰভঙা স্মৃতিৰ পৰশ লৈ। প্ৰতিটো ঋতুয়ে মোহছন্ন কৰি ৰাখে ন-ন আয়োজনেৰে।লঠঙা শীতৰ উমাল ৰ’দালি।ঠৰঙা শেতেলীৰ কথকতা ভাঙি ফাগুন আহে ৰঙাকৈ।শীতে বাট বুলে ফাগুন অহাৰ পথেৰে। প্ৰকৃতিৰ পৰিবৰ্তন হয়,গছবোৰে গা-পখালে।সৰাপাতত ফাগুনৰ ৰং লাগে। হালধীয়া সৰাফুলবোৰ বননি শুৱাই সৰি পৰে,তাৰে এপাহ বুটলি জাক গাভৰুৰ মাজৰে এজনীৰ খোপাত গুজি কোনো ডেকাই আটাহ মাৰে। 

 ফাগুন মানেই জোনাকৰ জোৰোণ। ফাগুন ৰঙেৰে ৰাগিয়াল।পলাস, মদাৰ, কৃষ্ণচূড়াৰ আবিৰত যৌৱনৰ চিলা উৰে । ফাগুন আহে ছন্দময় গতিৰে হৃদয়ত প্ৰেমৰ জোৱাৰ আনে। ধূলিৰ ধুমুহাত ফাগুনে জোকাই গাভৰুৰ আচল খহাই। চাৰিওফালে ৰঙৰ আয়োজন,ৰঙবোৰে আকাশত জুই ছটিয়াই। লিগাংৰ নিশাচৰ ৰাতিটোত গুমৰাগৰ সুৰ ভাহে,কনেংৰ মনৰ কথা বুজি পোৱা সময় এইয়া। শিমলু ফুলৰ ভাজত মনবোৰত বা লাগে, বসন্তক আদৰা কচৰৎ কৰে ফাগুনে। নৈখন তৰাং হয়,গোমোঠা ডাৱৰৰ লগত নীলাবোৰৰ ঠেহ লাগে। ফাগুন আহে নতুন সৃষ্টিৰ আৱহগীত হৈ।ফাগুনে সোৱৰাই স্মৃতিৰ দৰিয়ালিত নৱনতুন চিন্তাৰ উন্নেষণ।কোনে‌ কয় ফাগুন খৰাং ! কোনে কয় ফাগুন ৰুক্ষ! ফাগুন উন্মুক্ত ,পছোৱাৰ খেলাত আনমনা হয় মনৰ আবেগ। পাৰভঙা কথাবোৰ ফাগুনে লৈ যায় আপোনজনৰ কাষলৈ।কাণে কাণে বিৰবিৰাই বেথা বোৰে।

  শৈশৱৰ দিনবোৰত ফাগুনৰ ৰং বোৰে বাৰুকৈয়ে মোক জোকাইছিল।“ গাঁৱৰ জীয়াৰী সপোন সুন্দৰী, গাওঁতে সপোন ৰচো মই,মাটিতেই সৰগ ৰচো মই দেৱতাই ৰ লাগি চাই”। কাৰণ ফাগুনৰ আবেলিপৰত বহল পথাৰখনত  চিলা উৰুৱাই দূৰলৈ উৰা মৰা হেঁপাহ জাগিছিল। ফাগুনৰ প্ৰেমত পৰি ডায়েৰী পৃষ্ঠাত আবিৰ আঁকিছিল মনৰ আউল লগা কথাবোৰে। ঘৰৰ পাচচোতালত সৰাপাতে পোহাৰ মেলিছিল। আইয়ে বাহনিৰে সৰাপাতক ঠেলে। ফাগুনৰ পছোৱাজাকৰ দিশত দৌৰি বতাহে গা কপোৱা সেই ৰাগিলগা সময়বোৰ । এতিয়া সাক্ষী হিচাপে স্মৃতিবোৰ আছেগৈ।প্ৰতি বছৰে ফাগুন‌ আহে , পাৰভঙা আবেগ অনুভৱ লৈ।বছৰে বাগৰ সলায়, ব্যস্ততাৰ অজুহাতত অতীতৰ দৰে ফাগুনক অনুভৱ কৰা নহয়,লিখা নহয় মনৰ কথাবোৰ।মনতে শেষ হয় বহু কাহিনী। তথাপি ফাগুন প্ৰিয়,সৰাপাত বুটলি জীৱন জিনাৰ অদম্য হাৱিয়াস।সৰাফুলৰ সুগন্ধ লৈ,শিমুলৰ তেজাল ৰঙত জীৱনটো ৰঙীন কৰা প্ৰতিজ্ঞা কৰো। ফাগুন প্ৰতিশ্ৰুতিৰ প্ৰতীক ই প্ৰেমৰ সৌধ গঢ়ে প্ৰত্যেকৰ হৃদয়ত। ফাগুনৰ মতলীয়া ৰঙত প্ৰতিজনৰ অন্তৰত উজ্জীৱিত হয় নৱ চেতনাৰ উন্মেষ। বুকুৰ পৰা বৈ থাকক অনামী লহৰত। ফাগুন আহক সদায়ে তেজৰঙাকৈ।




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages