পোহৰৰ গান
মিনাক্ষী কলিতা
নলবাৰী
: সিমানখিনি সাহস আছে বুকুত ....
চকুত চকু থৈ দৃঢ়ভাৱে কৰা প্ৰশ্নটোত সিয়ো স্থিতপ্ৰজ্ঞ ভাৱে দিলে উত্তৰটো। উত্তৰটো দিৱলৈ গৈ অকণমানো শংকিত নহ'ল সি।
হয় তাৰ সিমানখিনি সাহস আছে।
কেৱলমাত্ৰ এবাৰ যদি তাই তাৰ প্ৰস্তাৱক সমৰ্থন জনাই তেন্তে সমাজৰ সকলো বাধাক হেলাৰঙে অতিক্ৰম কৰিবলৈ সাহস আছে তাৰ বুকুত।
আৰু সমাজৰ বাধানো কি...!
এনেও সি সমাজৰ কথা বৰ বিশেষ ভাবি নাথাকে।
সমাজৰ বহুত মানুহে বেছিভাগ সময়তে লাগিব লগীয়া কথাত নালাগে আৰু নালাগিবলীয়া কথাত লাগে। তাতে আকৌ সমাজে তাক বাধা দিবলৈ নাইবা তাক অপৰাধী সজাৱলৈ সিটো একো ভুল নাইবা দোষ কৰা নাই।
কেৱলমাত্ৰ সি বৰ্তমান যিখন গাঁৱত বাস কৰি আছে সেইখন গাওঁৰ কোনেও এতিয়ালৈকে এইটো কাম কৰা নাই।
গাঁওখনত আগতে কোনেও নকৰা কামটোৰ আৰম্ভনি সি কৰাৰ ফলত যদি কাৰোবাৰ জীৱন অকণমান পোহৰ হয় কোনোবাই অকণমান সুখৰ ৰেঙণি দেখা পায় তেন্তে তাত আনে আপত্তি কৰিব লগীয়া কিবা কাৰণ আছে বুলি সি কেতিয়াওঁ নাভাবে।
সি মানে গৌৰৱে। গাঁওখনৰ ভিতৰত সকলোতকৈ উদণ্ড ল'ৰা বুলি পৰিচিত গৌৰৱ।আজি যদি ইয়াত কাজিয়া কৰে কাইলৈ আকৌ তাত মাৰপিত কৰে।
উদণ্ড হলেওঁ সি কিন্তু মদাহী ভাঙৰী নাইবা জুৱাৰী নহয়... চৰিত্রহীনো নহয়। কেতিয়াওঁ কোনো ছোৱালী নাইবা বোৱাৰীৰ ফালে সি নিদিয়ে লোলুপ চাৱনি। সেয়েহে তাৰ ওচৰলৈ কোনোবাই মদ ভাং খাই আহিলে একো প্ৰশ্ন নকৰাকৈ সি চিধাই সেইজনৰ ওপৰত হাত তোলে। আৰু তাৰ আগত কোনোৱে যদি ছোৱালী বোৱাৰীৰ প্ৰতি নিক্ষেপ কৰে অশ্লীল দৃষ্টি সেইজনে নিজৰ প্রাণটো বচাৱলৈ যে তাৰ ওচৰত ক'ত কাকূতি মিনতি কৰিব লগীয়া হয় সেয়া পাল্লাত পৰাজনেহে জানে।একেদৰে কোনোবা ছোৱালীয়ে যদি কেতিয়াবা ৰাস্তাত কোনোবা ল'ৰাক জোকোৱা নাইবা কোনোবা ল'ৰাক প্রতাৰণা কৰা তাৰ চকুত পৰে সেই ছোৱালীজনীকো মানুহৰ আগতে সি গালি গালাজ কৰে। এই কথাবোৰলৈয়ে নিতৌ সি বহুজনৰ লগত কাজিয়া কৰে... মাৰপিত কৰে। যাৰ বাবে তাক সকলোৱে ভয় কৰে।
কি ল'ৰা কি ছোৱালী সকলোৱে পাৰিলে তাৰ পৰা পলাইয়ে ফুৰে। সকলোৱে তাক গুণ্ডা বুলিয়ে ভাৱে।
আজিও তাই যেতিয়া সন্ধিয়া কামৰ পৰা ঘৰলৈ উভতি আহি আছিল ৰাস্তাতে দুজন ল'ৰাই তাইক অশ্লীল ইংগিত দিয়া তাৰ চকুত পৰিছিল।
লগে লগে সি তাৰ বাইকখন ৰখাই সিহঁতক কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ চিধাচিধি সিহঁতৰ গাত হাত তুলিছিল। আচৰিত দৃষ্টিৰে তাই অবাক হৈ বহুসময় চাই ৰৈছিল তালৈ। ল'ৰা দুজনক লাঠি গোৰ সোধাই ভবিষ্যতে কোনো নাৰীৰ লগত এনে আচৰণ নকৰিবলৈ সকীয়াই দি সি একপ্ৰকাৰ তাইক টানি অনাদি আনি বাইকৰ পিছফালে বহুৱাই লৈ গৈছিল তাইৰ ঘৰলৈ।
তাইক মানে মানসীক। ডেৰ বছৰ আগত কাল কৰোণাত আক্ৰান্ত হৈ কোনোদিন ঘুৰি নহাৰ প্রতিশ্রুতিৰে অজান দেশলৈ গুছি যোৱা বিক্ৰমৰ পত্নীক।অকালতে স্বামীক হেৰুৱাই অসুখীয়া বৃদ্ধ শাহুৱেক আৰু কণমানি ছোৱালীজনীৰ লৈ দিশহাৰা হৈ পৰা নাৰীগৰাকীক।
চোতালত বাইকৰ পৰা নমাই দিয়ে পোনপটীয়াকৈ সি তাইৰ সুধি পেলাইছিল কথাষাৰ।
ঃ তুমি যদি সন্মতি দিয়া তেন্তে তোমাৰ উকা সেওঁতাত মই আঁকি দিৱ খোজোঁ মোৰ নামৰ এটা সেন্দুৰীয়া আলি...
কিছুসময় স্থিৰ দৃষ্টিৰে তাৰ চকুলৈ চাই ৰৈছিল মানসীয়ে।ক্ষন্তেক নিস্তব্ধতাৰ অন্তত সশব্দে উচুপি উঠিছিল তাই। উচুপি উচুপি এটা সময়ত ক্ষান্ত হোৱা মানসীয়ে তাৰ চকুত চকুত থৈ কেৱলমাত্ৰ সুধিছিল এষাৰ কথা।
'সেইখিনি সাহস আছেনে তাৰ বুকুত'
দ্বিধাহীন ভাৱে সদৰ্থক উত্তৰটো দি সি ওলাই আহিছিল তাইৰ চোতালৰ পৰা।
এতিয়া অপেক্ষা মাথোঁ তাইৰ উত্তৰলৈ...।
তাই যদি সঁহাৰি দিয়ে তেন্তে সি পুনৰ ৰাঙলী কৰিব তাইৰ উকা কপালখন। পিতৃহাৰা সন্তানটোক পিতৃত্বৰ উমাল স্পৰ্শৰে ডাঙৰ কৰাৰ লগতে অকালতে পুত্ৰক হেৰুৱাই নিঠৰুৱা হৈ পৰা মাতৃগৰাকীকো জীপাল কৰিব পুনৰ এগৰাকী পুত্ৰৰ মৰমেৰে। অকালতে অমাৱস্যা নামি অহা তিনিগৰাকী মানুহৰ জীৱনত সি পুনৰ চটিয়াই দিব এমুঠি জোনাক।
মানসী যদি তাৰ জীৱন যাত্ৰাৰ সাৰথি হয় তেন্তে তাৰ মাক দেউতাকৰ লগত একেলগে বিক্ৰম মানসীৰ কণমানিটো আৰু শাহুৱেক লৈ সি আৰম্ভ কৰিব তাইৰ সৈতে যুৰীয়া যাত্ৰা।
মানসীৰ উশাহত নিজৰ উশাহ বিলীন কৰি সি জুৰিব জীৱনৰ গান...যি গান হৱ তাৰ বাবে পোহৰ কিম্বা হেপাঁহৰ গান...
••••••••••••••সমাপ্ত••••••••••••
No comments:
Post a Comment