অই নিঃতমৰ তাৎপর্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, March 5, 2022

অই নিঃতমৰ তাৎপর্য

 


অই নিঃতমৰ তাৎপর্য

 ডাঃ জৱাহৰ জ্যোতি কুলি


        মিচিং জনগােষ্ঠীৰ লােকগীতৰ মালাকুঞ্জৰ ভিতৰত ঐনিতম হ’ল সবাতােকৈ আপােন আৰু জনপ্রিয় গীত। আনবােৰ লােকগীত যেন আঃবাং আৰু কাবানৰ পিছতেই ৰচনা আৰু ব্যৱহাৰৰ শাৰীত এইগীতবােক হ’ব পৰা যায়। আবাল-বৃদ্ধ-বনিতা সকলােৰে অতি মৰমৰ এইবােৰ গীত মিচিং সমাজৰ কিছুমান সামাজিক উৎসৱ পাৰ্বনৰ বাহিৰেও বিভিন্ন পৰিবেশতাে গায়। এইবােৰ গীতত প্রকাশ পায় চিন্তাভাৱনাৰ প্ৰাচুৰ্য্যভৰা অনুভূতি। স্বতঃস্ফূর্তভাৱে নিগৰি আহে প্রেম-পীৰিতিৰ হিয়াভৰা অই নিঃতমবােৰ।

        আক্ষৰিক অর্থত অই নিঃতমক চমুকৈ নিজৰ অতি মৰমৰ বা আপােনজনক উদ্দেশ্য কৰি, গােৱা গীত বুলিব পাৰি। অই মানে মৰমৰ, নি মানে নিচুকনি আৰু তম মানে যাক উদ্দেশ্য কৰি নিচুকণি দিয়া হৈছে। অসমীয়া বনগীত, বিহুঙ্গীত আদিৰ সমার্থক হিচাপেও ইয়াক ক'ব পাৰি যদিও অই নিঃতমৰ অৰ্থৰ ব্যাপকতা সুৰ আৰু প্ৰকাশভংগীয়ে স্বকীয়তা প্রদান কৰিছে। এইবােৰ গীত গাই মনৰ বেদনা, দুখ, হর্ষ, বিষাদ আদি সাময়িকভাৱে হলেও উপশম কৰিব পাৰে। অই নিঃতমৰ যােগেদি যৌৱন বসন্তৰ কোৱাল বন্যাত সাতুৰি নাদুৰি ফুৰা ডেকাগাভৰুৱে নিজৰ প্রিয়জনক লাভ কৰিবৰ বাবে আকুল আহ্বান জনায়। সেইমতে বহু প্রেমিক প্রেমিকাই নিজৰ জীৱনসংগীও লাভ কৰিব পাৰে। ভালপােৱাৰ গভীৰ প্রণয় সম্পর্কীয় কথাৰে পৰিপূৰ্ণ অই নিঃতমবােৰ ডেকাডেকেৰীৰ প্রাণােচ্চল মনত কামনা বাসনাৰ তৰংগ জাগ্রত কৰি তােলে।

        অন্যান্য লােকগীতবােৰৰ ৰচক আৰু ৰচনা কাল নির্ণয় কৰিব নােৱাৰাৰ দৰে অই নিঃতমবােৰৰাে ৰচনাকাল জনা নাযায়। তথাপি কালৰ সোঁতেও ইয়াৰ সার্বজনীয়তা আৰু জনপ্রিয়তাৰ প্ৰভাৱ পেলাব পৰা নাই। মিচিং জনগােষ্ঠীৰ সামাজিক সাংস্কৃতিক দিশবােৰাে বহুদিশত প্রতিফলিত হােৱাকৈ গােৱা এই গীতবােৰ ৰঞ্চ প্রতিদিনে জনপ্রিয়তাৰ দিশত আগবাঢ়ি যােৱাহে পৰিলক্ষিত হৈছে। প্রতিবছৰে ফেনে ফুটুকাৰে নতুন বন্যাৰে বাৰিষাৰ ঢল অহাদি নিত্য নতুন অই নিঃতমৰ ৰচনা আজি এক অবিৰত পৰম্পৰা।

        মিচিং ডেকাগাভৰুৱে মনৰ প্রেম-পিৰীতিৰ কথাবােৰ অইনিঃতমৰে প্রায়ে প্রকাশ কৰে। যৌৱনৰ আকুল আহ্বান, লগহৈ কথা পতাৰ বাসনা, চেনেহীৰ ৰূপগুণ বর্ণনা, মনৰ আনন্দ নিৰানন্দ আদি কথাবােৰ এইবােৰ গীতেৰে প্ৰকাশ কৰে। তদুপৰি । অইনিঃতমত ঠাই পায় সমাজৰ সাময়িক পৰিস্থিতি, প্রাকৃতিক দুর্যোগ, বিলাই বিপত্তি আদি।

        অইনিঃতমবােৰ গােৱাৰ কোনাে বিশেষ ঋতু নাই। যিকোনাে পৰিস্থিতিতে ইয়াক গাব পাৰি। সাধাৰণতে অই নিঃতমবােৰ পঃৰাগ উৎসৱ, আলি আই নৃগাং, বিহু, সমজুৱাভাৱে পথাৰত কৃষিকৰ্মৰ কৰাৰ সময়ত, গৰখীয়াই পথাৰত গৰু মহ চৰাওতে, ধানদোৱা, বন নিৰােৱাৰ সময়তাে অই নিঃতম গাব পাৰে। কেতিয়াবা গাভৰু ছােৱালীয়ে তঁতশালতাে অই নিঃতম নিম্নস্বৰত গােৱা দেখা যায়। | অই নিঃতমৰ বৈশিষ্টবােৰৰ ভিতৰত এটা হৈছে ইয়াৰ ৰচক বা গাওঁতাসকলৰ পাৰদৰ্শিতা। সম্পূৰ্ণৰূপে অশিক্ষিত গাঁৱলীয়া ডেকাডেকেৰীয়ে আচৰিত ধৰণে অই নিঃতম ৰচনা কৰি গাব পাৰে। প্রতিবছৰে নতুনকৈ লিপিবদ্ধ নােহােৱাকৈ অই নিঃতম কণ্ঠস্থ কৰি গাব পৰাটো সঁচাকৈ লেখত ল'বলগীয়া।

        এইবিধ গীতৰ আন এটি তাৎপর্যপূর্ণ দিশ হৈছে ইয়াৰ সুৰবােৰ। প্ৰতিটো অই নিঃতমৰ সুৰ বেলেগ বেলেগ লগতে প্রতিজন গায়কৰ সুৰবােৰাে একে নহয়। হাজাৰ হাজাৰ অই নিঃতম গীতৰ হাজাৰটা সুৰেই থাকিব লাগিব। অর্থ আৰু সুৰৰ সংমিশ্ৰণত শ্ৰোতাৰ মন অভিভূত হৈ নেথাকে। অই নিঃতমৰ দীঘলীয়া সুৰৰ আৰম্ভণিয়ে কোনােবা অমিচিং শ্রোতাৰাে মন ক্ষন্তেকীয়া ভাৱেও নিশ্চয় প্রভাৱ পেলাব। বৃদ্ধ-বৃদ্ধাও এইবােৰ গীত শুনি তাহানিৰ কথাবােৰ মনত পৰে ক্ষন্তেকৰ বাবে হলেও দুখ বেদনা পাহৰি মনবােৰ আনন্দৰে উপচাই দিয়ে। অই নিঃতমৰ সুৰ আৰু অৰ্থৰ স্বতঃস্ফুত আকর্ষণেই হৈছে ইয়াৰ অন্য এক বৈশিষ্ট।

        অই নিঃতমৰ শ্ৰেণীবিভাজন কৰাটো সহজ সাধ্য নহয় বুলিয়েই ক’ব লাগিব। ইয়াক ভাৱ আৰু অৰ্থৰ ভিত্তিত অইনিঃতমক নৃগা, আমৰাগ, বৃৰদূক নিঃতম আদিত ভাগ কৰা দেখা যায়। তথাপি অইনিঃতম অইনিঃতমেই। ইয়াৰ লগত সংযােজিত সৰল শব্দবিন্যাস, ছন্দ আৰু সুৰ লগাই গাব পৰা গুণবােৰ হৈছে অই নিঃতমৰ আংগিক সৌন্দর্যবােৰৰ প্রকাশ। কালৰ সোঁতত অই নিঃতমৰ ৰচনাৰ প্রয়ােভৰ হৈছে, নতুন সুৰ সংযােজিত হৈছে, চিন্তাধাৰাৰাে আমূল পৰিবর্তনেও ইয়াত প্রভাৱ পেলাইছে। অন্যান্য ভাষা বিশেষকৈ অসমীয়া ভাষাৰ শব্দৰাে প্রয়ােগ হােৱা অই নিঃতম শুনিবলৈ পােৱা গৈছে। অই নিঃতমৰ ৰচনা, সুৰ আদিত খাচ মিচিং শব্দ প্রয়ােগ অক্ষুন্ন ৰখাটোৱেই ইয়াৰ বৈশিষ্ট হােৱা উচিত। তলত অই নিঃতম গীতৰ কেইফাকিমানৰ ভাবানুবাদ দাঙি ধৰিলাে।


(১)

নৈৰ পানী এসুতি                                              

চকুৰ পানী এসঁতি 

নৈৰ পানী শুকাব 

চকুৰ পানী নুশুকায়।।

(২)

তুমি মােৰ চেনেহী 

অন্তৰ ভৰা তােমালৈ মৰম 

এৰি যােৱা যদি তুমি 

মই থাকিমনাে ক’ত? 

(৩) 

পূবৰ বেলিয়ে 

পশ্চিমত যায় মাৰ 

তােমালৈ মৰমবােৰ

মৰহী নগৈ অন্তহীন হ'ব। 

(৪)

নেচাই থাকিব পাৰাে 

নেভাবি নােৱাৰাে থাকিব 

মনত পৰিলে তােমালৈ 

উৰি যাও লাগে মনটি। 

(৫) 

দুভাগ নিশা সময়ত 

তােমাক দেখি সপােনত 

কাষত নেপাই তােমাক  

ভাগৰিছে দেহা কান্দোনত।

(৬)

তােমাক ধুনীয়াকৈ 

কোনেনাে সৰজিলে 

হাঁহিৰ মিছিকিয়াই 

কৰিছে বলিয়া দেহা মােৰ। 

(৭) 

মনত পৰিছে তােমালৈ 

দেহা মােৰ জ্বলিছে

মলয়া বতাহ হৈ 

কাষ পাও যেন লাগিছে। 

(৮)

উৰণীয়া চৰাইৰ দৰে 

উৰি যাও কৰে মন 

মৰমৰ চেনেহীক 

সদায় কাষত পাবৰ মন। 

(৯)

 সুগন্ধি ফুলপাহ হৈ 

ফুলিছিলাে। একেথােপাতে

মেঘে ঢাকা জোনৰ দৰে 

এৰি গ'লা তুমি মােক। 

(১০)

বেদনাৰ অশ্রু নুটুকিবা 

পাহৰিম বুলি নেভাবিবা 

উঠি অহা বসন্তত 

তােমাক নেপাহৰিম মই।

(১১)

কপৌ নহ'লাে মই দুপাখিৰে 

উৰি গৈ চাবলৈ

মন যায় যেতিয়াই 

তােমাৰ কাষ পাবলৈ। 

(১২) 

বৰনৈ পানী দেখি 

দুহাত তুলি পিবৰ মন 

হাতৰ ফাকে ফাকে দেখাে 

তােমাৰ মিঠা মুখনি।

(১৩)

নৈৰ সোঁত বাঢ়িছে 

ঢৌ তুলি তুলি 

চেনেহীক মনত পৰিছে 

চকুলাে টুকি টুকি। 

(১৪)

নৈৰ সোঁতে সোঁতে 

মনটিও মােৰ বৈছে 

মিঠা তােমাৰ কথাৰে 

মােৰ মনটিও নাচিছে 

(১৫) 

উৰাজাহাজ উৰিছে 

ঘূৰি থকা পাখি জানাে দেখি

তােমাক বুলি চিনাইছাে

চকুলাে জানাে দেখিছা তুমি।

(১৬)

বৈ যােৱা সোঁত দেখিছাে 

নদীখন দেখা নাই 

তােমাক দেখা পালেও 

মনৰ কথা পােৱা নাই।

(১৭) 

বৰবিহ খাব পাৰাে 

ভাতৰ পাতত ঢালি 

এৰিব নােৱাৰাে তােমাক 

এপলকৰ বাবেও।

(১৮) 

তােমাক কেনেকৈ এৰিম 

তােমাক কেনেকৈ পাহৰিম 

বৰনৈ শুকাই দুবৰি গজিলেহে 

তােমাক পাহৰিম মই। 

(১৯) 

বসন্তৰ দুৱাৰ দলিত 

প্রেমৰ জ্ঞান পালাে মই 

তােমাৰ মৰমত আচ্ছন্ন 

পাহৰিম কেনেকৈ মই। 

(২০) 

প্রাণে ভাল পােৱাৰ পাছত 

এৰিছা কিয় তুমি মােক 

ওখ চাপৰ বাটেৰেই গৈছাে 

হাবাথুৰি বিচাৰি তােমাক। 

(২১)

সূর্যোদয়ক আবৰিছে 

কলা আকাশৰ ডাৱৰে 

তােমাক নেপাই মােৰ 

জুপুকা মাৰিছে মনটিও। 

(২২)

পাহাৰৰ কাষেদি গলে 

জুৰিৰ সোঁত দেখা যায় 

লগপােৱা ঠাইত গলে 

দুচকুত লােতক বয়।

তােমাৰ বাবে চিন্তি মই

দিনে ৰাতি পাহৰি

দেহা মােৰ এতিয়া যেন

শুকান বৰালী মাছ।

(২৩)

আকাশৰ তৰাক কোনে গণিব 

আমাৰ পীৰিতি কোনে জানিব 

(২৪)

ইমান বৃষ্টিৰ পাছতাে

কচুপাতত পানী নাই

ইমান বিননিৰ অন্ততাে

তােমাৰ মােলৈ মৰম নাই।

(২৫)

অবিৰাম বানৰ সোঁতত

গৰা খহনীয়া বাঢ়িছে

তােমাৰ কথা নেপাই

নকন্দা মনাে কান্দিছে

(২৬)

নৈৰ কাষত নেথাকো

গৰা খহনীয়া নেদেখাে

তােমাৰ কাষত নেথাকো

দেহা দহি নমৰাে

(২৭)

চেনেহী বুলি চিঞৰিলাে

মাত এষাৰ নেপালাে  

এবাৰ উলটি চালে 

মাত এষাৰাে নেমাতিলে। 

(২৮)

বৰনৈ পাৰ হ'ব খুজিলে

টুলুঙা নাৱত নুঠিবা 

মােক যদি পাব খােজা 

আনৰ কথা নশুনিবা। 

(২৯)

এবাৰ জনমৰ পাছত

পুনৰ জনম নােপােৱা 

বসন্ত পাৰ হ'লে 

আকৌ ঘূৰাই নেপাবা। 

মােৰ চেনেহী মনদি শুনা 

আবিয়ৈ হৈ থাকি।

হিয়া ঢাকুৰি নেকান্দিবা। 

(৩০)

বৈ যােৱা সোঁতক 

উভতাব জানাে পাৰি 

কথা নােকোৱা চেনেহীৰ

মন জানাে পাব পাৰি। ইত্যাদি 

        মিচিং জনগােষ্ঠীৰ এইবিধ আপুৰুগীয়া লােকগীতৰ পূর্ণাঙ্গ পর্যায়ৰ অধ্যয়ন আৰু চৰ্চাৰ প্রয়ােজন অনস্বীকার্য। ইয়াৰ প্রকৃত ৰূপ, সুৰ আদিৰাে বিশদ আলােচনা সকলােৱে কামনা কৰে। অতীতৰ অই নিঃতমবােৰৰ ৰচনা আৰু সুৰবােৰ সংৰক্ষণৰ অভাৱত আজি প্রায় শুনি নােপােৱাকৈ দুষ্প্রাপ্য হৈ পৰিছে। বর্তমান অনাতাঁৰ আদিত প্রচাৰিত অই নিঃতমবােৰৰাে সুৰ আৰু ৰচনাত ত্রুটি পূর্ণভাবেও প্রচাৰিত হােৱা বুলিয়েই ধৰিব লাগিব। তথাপি অই নিঃতমবােৰ প্রকৃত বৈশিষ্ট্য থকাকৈ ৰচনা কৰি গােৱাটো সমাজে কামনা কৰে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages