শৱদেহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, March 5, 2022

শৱদেহ

 


শৱদেহ

             স্বপ্নালী কলিতা



খুৱ সম্ভৱ মই লাইনৰ দহ নম্বৰত আছিলো

মোৰ বাবে তৎপৰ হ'ব পৰাকৈ সিঁহত সাজু হ'বলৈ আৰু বহু পৰ ।

মোৰ আত্মীয়ক মোৰ পৰা বিতাৰিত কৰা হ'ল  ।

আত্মীয়ৰ বিননি শুনিবলৈ মই তেতিয়া সেই ঠাইত নাছিলোঁ ।

মাজতে সিহঁতে কাম এৰি খৰিৰ সন্ধানতো গৈছে 

বোধকৰো খৰিবোৰ শেষ হৈছে ।

এনেদৰে লাইনত থাকি আমনিও লাগিছে ।অৱশ্যে এনেদৰে লাইন পাতিবলৈ সুবিধা পোৱাটোও ভাগ্য নহয়  ; সৌভাগ্য ।


গৰুড় পুৰাণ আৰু শিৱ পুৰাণতো উলেখ আছে--জন্মিলে মৃত্যু নিশ্চিত ।


পিছে জীৱনকালত লাইন ধৰাৰ দৰে

শৱ হৈও লাইনত শেষকৃত্যৰ বাবে

ৰোৱাৰ কথা ক'তো নাই ।


মই এতিয়া পাঁচ নম্বৰ শৱ এটা ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages