ভাইৰাছ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

ভাইৰাছ

 


 ভাইৰাছ

                টম মেদক



সকলো পাহৰি গ’লোঁ

মই কোন

কোন আই কোন পিতাই 

ক’ত ঘৰ


সকলো দিন বাৰ তাৰিখ বছৰ আনকি এতিয়া ক’ত আছো!


মই এনেকুৱা নাছিলো 

মোৰ চেহেৰা হয়তো এনে নাছিল মোৰ আই পিতাইৰ ঘৰ এই ৰাজ্য 

এই বিশাল দেশ


নেতা মন্ত্ৰী জনতা

সকলো সলনি হ’ল


আনকি কুকুৰটোকো নিচিনা হ’লো আৰু কুকুৰটোৱে মোক


গোহালিৰ পৰা ওলাই আহিলো

গঁৰালৰ পৰাও


ছাত্ৰ সংগঠন

জাতীয় দ’ল ৰাজনৈতিক দ’ল

ক’তো মোৰ চিনাকি বিশ্বাসী এজন নাই


ভোট কাক দিব পাৰি

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈকে নেতাৰ অভাৱ গণতন্ত্ৰৰ যোগ্য হৈ থকা নাই নেকি কোনো এখন দেশ


প্ৰেম জীৱন মৃত্যু

পৃথিৱীত বহুৰূপী মানুহ

আমাৰ আপোন গ্ৰহ নষ্ট হৈছে কাহানিবাই


কৃত্ৰিম পৃথিৱী এইয়া কৃত্ৰিম আকাশ সাগৰ

মায়াৰ মধ্যাকৰ্ষণ


সকলোকে ভাইৰাছে পোৱা

নিজৰ মাজতে নিৰলে

মৰি থাকা


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages