জীৱনৰ ধুনীয়া অংক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

জীৱনৰ ধুনীয়া অংক

 


জীৱনৰ ধুনীয়া অংক

                                     ৰুনাল্ডো টাইদ

                                      


(ধুনীয়া মনৰ মানুহবোৰৰ হাতত)


ধুনীয়া কথাবোৰে মন জুৰায়

ধুনীয়া কথাবোৰে পেট ভৰায়


ধুনীয়া ভাৱনাবোৰে জীৱন জুৰায়

ধুনীয়া  ভাৱনাবোৰে জীৱনৰ পাঠ শিকায়


জীৱনৰ জটিল অংকবোৰ ফলিত পাতি কৰিব নোৱাৰি অ' পিতাই

জীৱনৰ জটিল বান্ধোনৰ গাঁঠিবোৰ সহজে খুলিব নোৱাৰি অ' পিতাই


কঠিন শিলেৰে ৰজাই বান্ধে দৌল

 মেল পাতে, খেল খেলে 

ইমান ইমান পানী

ঘৰ ঘৰ ৰাণী


উকা কাগজত নীলা চিয়াঁহীৰে লিখিব পাৰি

জীৱনৰ ধূসৰ বুৰঞ্জী 


হৃদয়ত থুপ খাই থকা অযুত ভাৱনাৰে চিঙিব নোৱাৰি আকাশৰ মুঠি মুঠি তৰা 


  সৰুতে পঢ়াশালিত শিকাইছিল  জীৱন মানেইতো এক জটিল অংক। ভৰ বাৰিষাৰ উথলি থকা  ঢৌ।  ৰ'দত দেই পুৰা, বৰষুণে তিয়াই নিয়া  মাটিৰ দেহা।


জীৱনৰ জটিল অংকবোৰ ফলিত পাতি কৰিব নোৱাৰি অ' পিতাই 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages