এটা “গাঁৱৰ গধূলি” - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, March 4, 2022

এটা “গাঁৱৰ গধূলি”

 


এটা “গাঁৱৰ গধূলি”

                             ড° ৰঘুনাথ কাগয়ুং



নির্জনতাৰ বুকুৰ গভীৰত আলফুলে শুই আছে এই এটা গাঁৱৰ গধূলি 

যেন শাওনৰ ঘন ঘােৰ ডাৱৰে আৱৰা অর্ধ মৃত নীলচীয়া আকাশ


ভৰপক বাৰিষাই নাঙঠ কৰা সদ্য গেঁৰ ধৰা ধানৰ শেঁতা মুখ ঢৌ খেলা ল’ৰালিৰ নষ্টালজিয়াত ডুব মৰা প্রৌঢ়ৰ বিষাদঘন হৃদয়


নিমাত নিখুঁত সুৰ এটাই গম্ভীৰ কৰা এই এটা মৰা গধূলি গােমা গধূলিক দুচিতা কৰি উৰি আছে অলস ক্লান্ত চেপা উচুপনি


নৱ দম্পতিৰ নতুন আলহীৰ আগমনৰ দৰে আকাশৰ উদং বুকু 

ৰঙেৰে ৰঙীয়াল কৰা কাঁচি জোনটোও খৰি দিয়া হ’ল নিঠৰ গধূলিতে


পােৰা খৰিৰ পর্বতসম মৰিশালীৰ ছাঁইৰ দম দেখি উচ্চাভিলাসী কুকুৰবােৰে হষোল্লাসেৰে দেও দি নাচিছে উন্মাদৰ দৰে


কাৰণ ; ফুটছাইৰ দমতে আছে আধা পােৰা মঙহ আৰু হাড়ৰ টুকুৰা 

আৰু আছে নেজ পেলাই টোপনি যাব পৰা এডােখৰ ধূসৰ আৰু ধূমায়িত পৃথিৱী


জেং আৰু কাঁইটীয়া পথৰ দুকাষে কেবাটিও শাৰী শাৰী নতুন সমাধি 

নাতি দূৰত মলঙি যােৱা মাংসপিণ্ড আৰু কেঁচা তেজৰ চেকুৰা


গাঁৱৰ ইমূৰৰ পৰা সিমূৰলে’—সমাধি পথৰ পৰা সমূহীয়া পথলে’ অন্ধকাৰতত আশ্বস্ত নােহােৱা তেজাল নৈশ ঘোঁৰাৰ দ্রুত পদসঞ্চালন


যেন আন্ধাৰৰ সেওঁতা ফালি উৰি ফুৰা এজাক ৰঙা চকুৱা ভয়ার্ত ফেঁচা 

বাট এৰি যি বাচি ল’লে অবাট; ফুল আৰু ফলৰ সলনি জেং আৰু কাঁইট


কোবাল পানীৰ পকীয়াত পাক খাই বুৰি যােৱা হে লক্ষ্যভ্রষ্ট নাবিক 

কলৰ ভঁৰ লৈ ওলাই আহিছোঁ মই পনীয়াৰ পৰা তােমাক বচাম বুলি 


(পাৰত কেনেকৈযে এতিয়াও অপেক্ষা কৰি আছে তােমাৰে শুভচিন্তক সকল।)


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages