লেভেনদাৰ
অংকুৰিতা ফুকন
আমাৰ আকাশত জিলিকি থাকক
আনে নেদেখা সূৰুয এটি
পোহৰপথাৰত প্ৰাণ পাওক
বিশ্বাসৰ অমোঘ বীজ
মই আৱৰি ৰাখোঁ তোমাক
কোনেও চাব নোৱাৰাকৈ
তুমি সামৰি থোৱা মোক
বিয়পি পৰিব নোৱাৰাকৈ
এই যে আমাৰ এজাৰবুলীয়া প্ৰেম
বাট মাত প্ৰকৃতি অতিক্ৰমী
চকুৰে মনিব পৰালৈকে আমাৰ নতুন পৃথিৱী
উৰিব পৰালৈকে এখন আকাশ মুকলি
মোৰ বাবে তুমি এখন সাগৰ
তোমাৰ বাবে মেঘ মই
তুমি কল্লোলিত তৰঙ্গ
প্ৰৱাহমান মই একে দিশে
তুমি উজলাই থৈছা নিজক
ময়ো জিলিকিছো তোমাৰ স'তে
তোমাৰ অব্যক্ত প্ৰেম মোৰ সমুখত উন্মুক্ত
মোৰো অনুৰাগ ঠিক তোমাৰ দৰে
এই যে আমাৰ এজাৰবুলীয়া প্ৰেম
বাট মাত প্ৰকৃতি অতিক্ৰমী
জগতে বুজক আমি দুয়ো দুয়োৰে পৰিপুৰক
আমাৰ বাবে আমি জীৱনৰ পথপ্ৰদৰ্শক…


No comments:
Post a Comment