গুৰুৰ প্রতি
অমৰজিৎ কুমাৰ পঠক
হে শ্রদ্ধাপদ !
প্রেমৰ ফুলেৰে গাঁথিব নোৱাৰিলোঁ মালাধাৰ
তোমাৰ বৰনৰ; কবিতাৰে নো কিদৰে বৰিম ?
চকুলো তোমাৰ চকুতে শুকায়
মৰম কোমল ভাষাবোৰ কণ্ঠতে হেৰায়।
অগ্নিবৰষা ভাষাৰ আঁৰত ফুলে
চেনেহৰ ফুল; কোনেও নেদেখাকৈ।
বাস্তৱৰ কঠোৰতাত নীৰৱে জঁয় পৰা
নানাৰঙী ফুলবোৰ সামৰি-সুতৰি থোৱা হৃদয়ৰ কোণত সঁচাকৈয়ে, পদুলি মূখৰ পৰা দেখা নাযায়
ঘৰৰ পিচফালে পতা ফুলনিখন।
শিক্ষাৰ নিয়াৰিত গঢ়ি-পিতি মানুহ গঢ়া
তুমি সুদক্ষ কর্মকাৰ;
জ্ঞানৰ হাতুৰীৰে মগজুত খুন্দিয়াই তুমি
দূৰ কৰা অমানৱীয়তাৰ কলীয়া আন্ধাৰ।
শিক্ষকতাই তোমাৰ কৰ্ম
পবিত্রতাই তোমাৰ বর্ম।
মানৱ ফুলনিৰ তুমি যে মালী
মানৱতাই তোমাৰ ধর্ম।
তোমাৰ চেতনায় উজ্জীৱিত হয়
বৈক্ষম্যহীন, প্রেমময় এখন সুস্থিৰ সমাজ।
আপোচহীন বিপ্লবী তুমি
আকাশ আৰু দিগন্তই ঢুকি পোৱা আপোন পৃথিৱীখনক
তোমাৰ মহত্বৰ ভাৱনাবে উদ্ভাসিত কৰি
তোলাৰ অবিৰত প্রয়াস।
জীৱন-মৃত্যু আৰু মৰম-নিষ্ঠুৰতাৰ
দ্বন্দৰ মাজতো বিৰাট মানৱতাৰ লুপ্তভাণ্ডাৰ
সন্ধানী দৃষ্টিৰে তোমাৰ দীর্ঘ পথ পৰিক্রমা।


No comments:
Post a Comment