বিষন্নতা
সঞ্চিতা বৰা
নগাঁও
আজি কালি কথা কম কওঁ
এনে নহয়
কথা কম কাম বেছি কৰোঁ
কেতিয়াবা ইচ্ছা কৰিয়েই গাঠি লগাওঁ
বস্তুস্থিতিত
জঁট ভাঙি ব্যস্ত থাকোঁ
অনৰ্থক
দিনৰ পোহৰ কমি আহিলেই ৰাতিহে হয়
আবেলিবোৰ নিৰুদ্দেশ
দাঁতত বিষ
হাতত বিষ
দাঁত লৰে
হাত কঁপে
হুমুনিয়াহটোত
ভিতৰখনক বাহিৰ দেখুৱাই
আকৌ সুমুৱাই থওঁ


No comments:
Post a Comment