মিচিং সমাজ আৰু টাবুৰাম টাইদ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

মিচিং সমাজ আৰু টাবুৰাম টাইদ

 


মিচিং সমাজ আৰু টাবুৰাম টাইদ

                                                                                                  জাতিৰাম কামান


          উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈদেৱে ঘূনাসূঁতিৰ পটভূমিতেই কালজয়ী উপন্যাস "মিৰি জীয়ৰী" ৰচনা কৰি কাললৈ খ্যাতি ৰাখি থৈ গৈছে। বিশ্ব বিখ্যাত প্ৰেম কাহিনী ৰোমিঅ জুলিয়েটৰ প্ৰেম কাহিনীতকৈ পানৈ জংকীৰ প্ৰেম কাহিনী কোনো গুণে কম নহয়।

  সেই মিৰি জীয়ৰীখ্যাত ঘূনাসূঁতিৰেই সুযোগ্য সন্তান আগম মিগাং(ভাষাচাৰ্য্য)টাবুৰাম টাইদদেৱ।যিগৰাকী বৰেণ্য শিক্ষাবিদ টাবু টাইদ নামে সুধী সমাজত সৰ্বজনবিদিত।তেখেত একেধাৰে শিক্ষাবিদ,ভাষাতত্ববিদ,গীতিকাৰ,সুৰকাৰ আৰু কন্ঠশিল্পী।

   ইংৰাজী ভাষা আৰু ব্যাকৰণত তেওঁৰ ব্যুতপত্তি থকাৰ ওপৰিও তেওঁ মিচিং ভাষাৰ জনক। ইংৰাজী ব্যাকৰণৰ বাবে English for Schools তেওঁৰ অনবদ্য অৱদান।তাৰোপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে প্ৰস্তুত কৰা আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰত ধাৰাবাহিকভাৱে প্ৰচাৰিত তেওঁৰ ইংৰাজী ভাষা আৰু ব্যাকৰণ শিক্ষণৰ নিয়মীয়া শিতান তেওঁৰ উল্লেখনীয় অৱদান ইংৰাজী ভাষা শিক্ষাৰ বাবে।

   মিচিং আগম কৗবাং(মিচিং সাহিত্য সভা)ৰ প্ৰতিষ্ঠাপক সভাপতিৰূপে থাকি মিচিং ভাষা সাহিত্যক প্ৰতিষ্ঠা কৰাৰ লগতে ভাষাটো গতি দি গল তেওঁ।তেওঁৰ আহোপুৰুষাৰ্থৰ বাবেই ৰোমান লিপিক  মিচিং ভাষাৰ উচ্চাৰণ আৰু ধব্নিৰ আধাৰত ব্যৱহাৰিক লিপি কৰা হল যিটো বিজ্ঞানসন্মত।তেওঁৰ সদ্য প্ৰকাশিত "গমপিৰ কুমচুং"(মিচিং শব্দকোষ)এখনি মূল্যবান গ্ৰন্থ।মিতভাষ খ্যাত বৰেণ্য সাহিত্যিক ডঃ নগেন শইকীয়াদেৱে তেখেতে প্ৰণয়ন কৰা শব্দকোষখন অতি সহজে বুজিব পৰা উৎকৃষ্ট মানৰ গ্ৰন্থ বুলি অভিহিত কৰিছে।Handsome those handsome does কথাষাৰ তেখেতৰ ক্ষেত্ৰত হাড়ে হিমজুৱে খাটে। অতি পৰিপাটিকৈ জীৱন নিৰ্বাহ কৰা সেইজনা পুৰোধা ব্যক্তিয়ে তেওঁৰ কামৰ চানেকিৰে নিজৰ পৰিচয় দি থৈ গৈছে। তেওঁ যিটো কামত ধৰে তাকেই অতি নিষ্ঠা সহকাৰে নিৰহ নিপানিকৈ নিৰ্ভুলভাৱে কৰি অঁতায়।

    গুৱাহাটীবাসী সুধী সমাজত তেওঁ এগৰাকী ভদ্ৰলোক হিচাপেই পৰিচিত আছিল। ব্যক্তিগত জীৱনতো তেওঁ স্বল্পভাষী,মৃদুভাষী তথা অতিশয় নম্ৰ আৰু শিষ্টপুৰুষ আছিল।তেওঁ ইচ্ছা কৰা হলে বহুতো আপুৰুগীয়া গ্ৰন্থ অসমীয়া সাহিত্যত দি থৈ যাব পাৰিলেহেঁতেন কিন্তু স্বজাতিৰ কথা চিন্তা কৰি ডুবি যাব ধৰা মিচিং ভাষাটো ঠন ধৰাবলৈ তেওঁ সেইদিশতেই জীৱনৰ অধিকাংশ সময় আত্মনিয়োগ কৰিলে।

     এইখিনিতে স্বনামধন্য চিন্তাবিদ,জ্যেষ্ঠ সাংব‍াদিক তথা বৰেণ্য কবি সাহিত্যিক হোমেন বৰগোহাঞি চাৰে তেওঁক কৰা উক্তি প্ৰণিধানযোগ্য। তেওঁ এঠাইত কৈছে..."টাবু টাইদ লিখামেলা কাৰ্য্যত বৰ এলেহুৱা..তেওঁক বাৰম্বাৰ কৈ থকাৰ পাছতো লেখাব নোৱাৰিলোঁ"..। আচলতে বৰগোহাঞি চাৰে আপোন ভাৱেৰে কথাটো টাইদ দেৱক মৰমৰ তাগিদাৰে কোৱা কথা। তৎসত্বেও তেওঁ বৰগোহাঞি চাৰৰ কথা হয়তু আশা কৰা ধৰণে ৰাখিব নোৱাৰিলে!বিভিন্ন ৰোগত আক্ৰান্ত হৈ কেবাবাৰো অস্ত্ৰোপচাৰ কৰি কঠিন নিয়মানুৱৰ্তিতাৰে স্বাস্থ্যৰ প্ৰতি যতন লব লগা হৈছিল,যিটো স্বাস্থ্যজনিত কাৰণত তেওঁ অধিক অধ্যয়ন অাৰু লেখামেলা কৰা কামৰ পৰা বিৰত থাকিব লগাত পৰিছিল।কাজেই তেওঁৰ মেধাশক্তিলৈ চাই অসমীয়া সাহিত্যত আশা কৰা ধৰণে বৰঙণি আগবঢ়াব পৰা নগল।

   জীৱিতাৱস্থাত আমি তেখেতক ব্যক্তিগত ভাৱে বহুবাৰ পাইছোঁ। যেতিয়াই  লগ পাইছোঁ শান্ত সৌম্য ব্যক্তি ৰূপে দেখা পাইছোঁ। ঘূনাসুঁতিৰ দৰে অগম্য অঞ্চলত জন্ম লৈ অতি দুখীয়া কৃষক পৰিয়ালৰ পৰা ওলাই আহি ছাত্ৰবৃত্তিৰে কলিকতাস্থিত ৰামকৃষ্ণ মিছনৰ দৰে প্ৰখ্যাত শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সম্মানসহ স্নাতোকোত্তৰ ডিগ্ৰী লৈ কটন মহাবিদ্যালয়ৰ দৰে গৰিমাময়ী কলেজত অধ্যাপনা কৰা প্ৰফেছৰ টাবু টাইদ দেৱ সঁচা অৰ্থত অসমৰ ছাত্ৰ সমাজৰ বাবে বিৰাট প্ৰেৰণাস্ৰোত।

   তেওঁ অধ্যাপনাতেই  ক্ষান্ত নাথাকি সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা আৰু বৈদেশিক সেৱাৰ পৰীক্ষাতো বহিছিল আৰু অনায়াসে উত্তীৰ্ণ হৈছিল। কিন্তু স্বাস্থ্য পৰীক্ষাত সেউজ সংকেত নোপোৱ‍া বাবেই সেই গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা বঞ্চিত হব লগাত পৰে।ইয়াতেই তেওঁৰ প্ৰখৰ মেধাশক্তিৰ পৰিচয় পোৱা যায়।

   তেওঁ "অসম মাধ্যমিক শিক্ষা পৰিষদৰো" সঞ্চালক আছিল।তেওঁ অতি নিকা ভাৱমূৰ্তিৰে তেওঁৰ কাৰ্য্যকাল সম্পন্ন কৰে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পাছত অসম চৰকাৰৰ অধীনত "আনন্দৰাম বৰুৱা ভাষা,কলা,সংষ্কৃতি প্ৰতিষ্ঠান"ৰ সঞ্চালকৰ পদতো অধিষ্ঠিত হয়।

    সাহিত্যিক পেন্সনাৰ টাইদদেৱক অসম চৰকাৰৰ চুকাফা বঁটা,অসম সাহিত্য সভাৰ বিমল জালান বঁটা,সাহিত্য অকাডেমীৰ ভাষা সন্মান বঁটা আদি বিভিন্ন বঁটাৰে বিভূষিত কৰা হৈছে।

    ‍আমি কেইজনমান ব্যক্তিয়ে এবাৰ তেওঁক দেখা কৰিবলৈ যাওঁতে  কথা প্ৰসংগত অসম চৰকাৰে বিয়াগোম সভা পাতি শিক্ষকক নিযুক্তি পত্ৰ বিলোৱা কথাৰ সমালোচনা কৰি ধীৰ গম্ভীৰভাৱে কৈছিল..."এই যে চৰকাৰে ডাঙৰ ডাঙৰ সমাৰোহ পাতি শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰি আছে, এয়া কি সূচায়? আমাৰ দিনটো অগনন মানুহক চাকৰি দিলো,শিক্ষক নিযুক্তি দিলোঁ,আমিতো তেনেদৰে চাকৰি দিছোঁ বুলি ৰৌজাল বৌজাল কৰা নাছিলোঁ ! চাকৰি দিয়া লোৱাটো ongoing official process ..ইয়াক বিজ্ঞাপন দিয়াৰ দৰে দি থকাৰ কি অৰ্থ থাকিব পাৰে?"...প্ৰজ্ঞাৰ সাধক,জ্ঞানৰ পূজাৰী টাবুৰাম টাইদ দেৱৰ সেই অমোঘ উক্তি বৰ্তমানৰ ৰাজনৈতিক তথা সামাজিক পৰিস্থিতিলৈ চাই অতি সময়োপযোগী টিপ্পনী।সাম্প্ৰতিক ৰাজনৈতিক আৱহ হাৱালৈ চালে প্ৰতীয়মান হয় যে আজি আমি  সকলোক্ষেত্ৰতেই  বিজ্ঞাপনমুখী হৈছোঁ। চাকৰি বাকৰিৰ ক্ষেত্ৰত,বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত,কলা সংষ্কৃতিৰ ক্ষেত্ৰত। আনকি শিক্ষাৰ ক্ষেত্ৰতো বিজ্ঞাপনে ৰঘূমলাৰ দৰে চানি ধৰিছে। টাবু টাইদদেৱৰ দৰে সমাজৰ মহীৰূহ সকলে সবল বটবৃক্ষৰ দৰে থিয় দি থাকিলে সেই ৰঘূমলা সদৃশ পৰজীৱী লতাবোৰে অনিষ্ট কৰিব যে নোৱাৰে ই ধুৰূপ।

   সেইজনা জ্ঞানৰ পূজাৰী,উত্তৰ লখিমপুৰৰ সুযোগ্য সন্তান,মিচিং ভাষাৰ বাটকটীয়া,অসমৰ বৰেণ্য বুদ্ধিজীৱি, ঘূনাসুঁতিৰ মহীৰূহ শ্ৰদ্ধাৰ টাবুৰাম টাইদদেৱ মিচিং সমাজৰ বাবে যিখিনি অৱদান আগবঢ়াই থৈ গৈছে সেয়া মিচিং সমাজে কেতিয়াও পাহৰিব নোৱাৰে।মিচিং জাতিৰ ইতিহাসত তেখেতৰ নাম সোনালী আখৰেৰে লিপিবদ্ধ হৈ ৰব।

     স্বৰ্গীয় টাইদদেৱে ক্ৰমাগতভাৱে মিচিং ভাষাটো দোৱানলৈ পৰ্যৱসিত হব ধৰা দুৰ্দিনত বলিষ্ঠ পদক্ষেপ গ্ৰহন কৰি ভাষাটো সাৰপানী যোগাই আকৌ সঁজাল কৰাত ভাষাটোৱে লাহে লাহে ঠন ধৰি উঠে।মিচিং ভাষাৰ সাধক,সতীৰ্থ নাহেন্দ্ৰ পাদুন দেৱৰ সহযোগত ১৯৬৮ চনত "গুৱাহাটী মিচিং কৗবাং গঠন" কৰে।সেই কৗবাঙৰ আহোপুৰুষাৰ্থত মিচিং ভাষাটোৰ বিজ্ঞানসন্মত লিপি গ্ৰহন কৰাৰ গৱেষণা আৰু চৰ্চা আৰম্ভ কৰা হয়।টাবু টাইদ দেৱৰ একক গৱেষণা আৰু চৰ্চাৰ পৰিণতি স্বৰূপে দেৱনাগৰি লিপিৰ সলনি ৰোমান লিপিটো মিচিং ভ‍াষাৰ লিপি হিচাপে সৰ্বসন্মতি ক্ৰমে গ্ৰহন কৰা হয়।ৰোমান লিপিটো কিয় মিচিং ভাষাত প্ৰয়োগ কৰিব লাগে তাৰ যুক্তিপূৰ্ণ উদাহৰণেৰে তেওঁ সাৱলীল ভাৱে ফঁহিয়াই দেখুৱাইছিল।অসমীয়া ভাষাৰ ওজা ড০ মহেশ্বৰ নেওগ সমন্বিতে তদানীন্তন অসম সাহিত্য সভাৰ কৰ্ণধাৰ সকলক অকাট্য যুক্তি প্ৰদৰ্শন কৰি মিচিং ভাষাত ৰোমান লিপি গ্ৰহন কৰাবলৈ সন্মত কৰাইছিল।Phonetics(স্বৰবিজ্ঞান)ত উদাহৰণ স্বৰূপে দিয়া তেওঁৰ সেই চিৰপৰিচিত 'শব্দ'টো হল "কনজক কনৰক"(konjok konrok)।যিকোনো ভাষাৰ লিখনি ,বানান আৰু উচ্চাৰণৰ লগত স্বৰবিজ্ঞানৰ ওতঃপ্ৰোত সম্বন্ধ আছে।এটা শব্দ উচ্চাৰণ কৰোঁতে স্বৰধ্বনিৰ লগত সামঞ্জস্য ৰাখিহে কৰা হয়।যেনে ধৰক...ওখোৰা মোখোৰা, উখল মাখল আদি শব্দবোৰ কওঁতে স্বৰধব্নিত যেনেকৈ শিকোৱা হয় ঠিক তেনেকৈয়ে উচ্চাৰণ কৰি কব লাগিব।মিচিং ভাষাত

'কনজক কনৰক' শব্দটো মুখেৰে অনামিচিং এগৰাকীক যদি আওৰাবলৈ দিয়া হয় তেন্তে তেওঁৰ মুখৰ পৰা হব পৰা বহুধা উচ্চাৰণ এনেদৰে হব পাৰে____কন(অ)জক(অ) কন(অ)ৰক(অ)

             ক(অ)নজ(অ)ক ক(অ)নৰ(অ)ক

             কনজক(অ) কনৰক(অ)

             কনজ্ ক কনৰ্ ক

             কন জক কন ৰক

             কনজ ক কনৰ ক

ইত্যাদি বিভিন্ন প্ৰকাৰে উচ্চাৰিত হোৱাৰ আশংকা থাকে।মুঠতে একেচাটেই সঠিক উচ্চাৰণ নহব।

ইয়াৰ পৰিৱৰ্তে ৰোমান লিপিত লিখা Konjok konrok টো একে আষাৰে লিখা ভাগেই তদ্ৰুপ উচ্চাৰণ হব।তেনে দেধাৰ স্বৰ সম্বন্ধীয় খেলিমেলি দেখা যায় দেৱনাগৰি অথবা অসমীয়া লিপিত মিচিং ভাষাটো লিখিলে।কিন্তু ৰোমান লিপিত তেনে স্বৰসম্বন্ধীয় বিসংগতিৰ পৰা সম্পূৰ্ণ মুক্ত মিচিং ভাষা লিখনত।কাজেই টাবু টাইদদেৱৰ নেতৃত্বত অনেক পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত ৰোমান লিপিটোৰ বৈধতা স্বীকাৰ কৰা হয়।এয়া তেওঁৰ বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা আৰু নেৰে নেপেৰা চেষ্টাৰ ফল,যিটো আজি মিচিং সমাজে ভাষাৰ ক্ষেত্ৰত সুফল ভোগ কৰি আছে।

  ১৯৭২ চনত তেওঁৰ নেতৃত্বত "মিচিং আগম কৗবাং"(মিচিং সাহিত্য সভা)গুৱাহাটীত গঠন কৰা হয়।জন্মলগ্নৰে পৰা তেওঁ ১৯৮০ চনলৈকে মিচিং আগম কৗবাঙৰ সভাপতি পদ অলংকৃত কৰি আছিল।

   প্ৰয়াত টাবুৰাম টাইদদেৱে নিজৰ জন্মস্থান ঘূনাসুঁতিলৈ আহি চকুলো টুকিছিল সেইবুলি যে তেওঁ ঘূনাসুঁতিৰ বাবে একোৱেই কৰি যাব নোৱাৰিলে।এয়া এগৰাকী নিকা ভাৱমূৰ্তিৰ নিৰৱ সাধকৰ নিৰ্ভেজাল স্বীকাৰোক্তি।সামগ্ৰিকভাৱে তেওঁ নিজৰ গাওঁখনিৰ বাবে হয়তু ভৱাধৰণে বহুকিছু কৰি থৈ নাযাবও পাৰে কিন্তু মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক পদত থাকি অতি নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি যোৱাৰ লগতে অসমৰ বহু শিক্ষিত নিবনুৱ‍া যুৱক যুৱতীক সাধ্যানুসাৰে কৰ্মসংস্থান দি থৈ গৈছে।তেওঁৰ সঞ্চালনা কালত নিযুক্তিপ্ৰাপ্ত বহু শিক্ষক কৰ্মচাৰীয়ে এতিয়াও তেওঁৰ নাম বৰ শ্ৰদ্ধাৰে সোঁৱৰে।অসম চৰকাৰৰ বিভিন্ন বিভাগত অধিষ্ঠিত বহু সংখ্যক সঞ্চালকে উপঢৌকনৰ বিনিময়ত বহু বিষয়া কৰ্মচাৰীক চাকৰিত মকৰল কৰাৰ নজিৰ আছে কিন্তু টাবুৰাম টাইদদেৱৰ ক্ষেত্ৰত সেই অভিযোগ কস্মিনকালেও হোৱা নাছিল।তেওঁ যে এগৰাকী অতি নিকা ভাৱমূৰ্তিৰ চৰকাৰী বিষয়া আছিল সেয়া সৰ্বজনবিদিত যিসকল জনালোকে তেওঁক জানিছিল।দুৰ্নীতিক তেওঁ প্ৰশয় দিয়া নাছিল আৰু নিজৰ সততাৰ লগত আপোচ কৰা নাছিল।আজীৱন শিক্ষাকৰ্মত উৎসৰ্গিত ব্যক্তিৰ পক্ষে দুৰ্নীতিৰ লগত আপোচ কৰাতো অৱশ্যে সম্ভৱো নহয়।

   তেওঁতকৈ জ্যেষ্ঠ অথবা কনিষ্ঠ বহু মিচিং অগ্ৰজ বা অনুজ যিসকলে মিচিংসকলক সামাজিক, ৰাজনৈতিক আৰু সাংষ্কৃতিক ক্ষেত্ৰখনত দিক্ দৰ্শন কৰি গৈছে সেইসকলৰ ভিতৰত কিন্তু টাবু টাইদেই মিচিংসকলৰ একমাত্ৰ পুৰুধা ব্যক্তি যিগৰাকীক মিচিং সমাজে মিচিঙৰ দিক্ দৰ্শক হিচাপে সামগ্ৰিকভাৱে স্বীকৃতি দিছে।ইয়াৰ একমাত্ৰ কাৰণ হল মিচিং ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা তেওঁৰ অনবদ্য অৱদান।ক্ৰমাগতভাৱে মূলসুঁতিত বিলীন হব ধৰা মিচিং ভাষাটো প্ৰায়োগিক দিশত বিজ্ঞানসন্মতভাৱে গৱেষণা আৰু চৰ্চা কৰি ভাষাৰ দিশত এক বৈপ্লৱিক চেতনা আনি দিয়া ব্যক্তিগৰাকীয়েই হল টাবুৰাম টাইদ।মিচিং ভাষাত লিপি ব্যৱহাৰৰ ক্ষেত্ৰত অসম চৰকাৰ,অসম সাহিত্য সভাকে আদি কৰি বহুতো বৰেণ্য ভাষাবিদ,আনকি সম সাময়িক স্বগোষ্ঠীয় বিজ্ঞমহলৰ পৰা বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈও নিজৰ তীক্ষ্ণ মেধাসম্পন্ন যুক্তিৰ বলত ৰোমান লিপিটো গ্ৰহন কৰিবলৈ বাধ্য কৰোৱা হল ‌আৰু এই লিপিৰেই মিচিং ভাষাটো চৰ্চিত আজিৰ তাৰিখলৈকে।

   মিচিং ভাষাত ৰোমান লিপিৰ ব্যৱহাৰৰ যুক্তিযুক্ততাক উদাহৰনসহ প্ৰতিপন্ন কৰিবলৈ তেওঁ Konjok konrok শব্দৰ ব্যৱহাৰিক উদাহৰণেৰে স্বৰবিজ্ঞানৰ ক্ষেত্ৰত যি সাৱলীল বিশ্লেষণ আগবঢ়াইছিল ঠিক তেনেকৈ Mishing Miching Missing ৰ লিখনৰ ব্যৱহাৰিক পাৰ্থক্য সুন্দৰকৈ বুজাই থৈ গৈছে।প্ৰথমে Mishing ৰ কথালৈ আহোঁ।Mishing বানানটো তদানীন্তন বৃটিছ চৰকাৰৰ শদিয়াৰ এচিছটেন্ট পলিটিকেল অফিছাৰ J F Nidham চাহাবে  ১৮৮৬ চনত প্ৰকাশিত তেওঁৰ "Outline Grammar of the Shaiyang Miri Language"গ্ৰন্থখনিত Mishing শব্দটো উল্লেখ কৰিছিল আৰু এতিয়াও অনা মিচিং লেখকে ব্যৱহাৰ কৰি আহিছে।আনকি মিচিং ইতিহাসবিদ প্ৰয়াত ডা০ নোমল চন্দ্ৰ পেগু দেৱেও তেওঁ ৰচিত গ্ৰন্থ The Mishings of the Brahmaputra Valley ত ব্যৱহাৰ কৰিছে।কিন্তু ভাষাতত্ববিদ টাইদ দেৱৰ যুক্তি হল যিহেতু মিচিং ভাষাত sh(স শ ষ)আদি উচ্চাৰণ নাই সেইহেতু shi হব নোৱাৰে তাৰ পৰিৱৰ্তে Mising হে হব।Mising নিলিখি Mishing লিখিলে মিচিং উচ্ছাৰণটো মিসিং বা মিশিংহে হব যিটো মিচিং উচ্ছাৰণ বা বানান পদ্ধতিত ভুল।Miching ৰ সম্পৰ্কে তেওঁৰ ব্যাখা হল__অসমীয়া লিখন পদ্ধতিত চ আদি ইংৰাজীত লিখোঁতে Ch ব্যৱহৃত হয়।যেনে চন্দ্ৰকান্ত,চন্দ্ৰেশ্বৰ,চবিলাল আদি লিখিবলৈ Chandra Kanta,Chandreswar অথবা Chabilal আদি লিখা হয়।তদ্ৰুপ কোনোবা অনা মিচিং নবিচে হয়তু অসমৰ চৰকাৰী গেজেটত Miching লিখিলে আৰু চৰকাৰী নথিত থাকি গল যিটো অশুদ্ধ।বহু নজনা লিখকে Missing বুলি লিখা দেখা যায় কিন্তু এয়া একেবাৰেই অশুদ্ধ।ইংৰাজীত Missingৰ অৰ্থ 'হেৰাই যোৱা'ৰ সমাৰ্থক হোৱা বাবে Missing লিখ‍াটো অগ্ৰহনীয় আৰু বিজ্ঞানসন্মত নহয়।Missing লিখিলে অৰ্থটো ইংলিচত সঠিক উচ্চাৰণ 'মিচিং' হয় কিন্তু এয়া ইংৰাজী 'হেৰুৱা শব্দ'ৰ সমাৰ্থক হোৱা বাবে গ্ৰহনীয় নহয়।তাৰ পৰিৱৰ্তে Mising লিখিলে কিন্তু আমেৰিকান আৰু বৃটিছ ইংলিছ দুয়োটাতেই "মাইজিং" চাউণ্ড হয়।তথাপিও Mising শব্দটো এইভাৱেই লোৱা হৈছে যে মিচিং বা অসমীয়াত Mising লিখিলে  চিধাই মিচিং উচ্ছাৰণেই হয়।কাজেই Mising ব্যৱহাৰটো গ্ৰহনযোগ্য।যিকোনো স্থানীয় ভাষা,নিজৰ কথনভংগী,সুৰ,উচ্ছাৰণ আৰু ধব্নিক কেন্দ্ৰ কৰিয়েই প্ৰয়োগ আৰু বিকাশ সাধন কৰা হয় ; কোনো বিদেশী ভ‍াষাৰ উচ্চাৰণ আৰু ধব্নিৰ ভিত্তিত নহয়।ইংৰাজ এমেৰিকানসকলে Misingক 'মাইজিং"বা ম‍াইচিং বুলি মতাৰ ভিত্তিত মিচিং ভাষাৰ বিকাশ নিৰ্ভৰশীল নহয় বৰঞ্চ মিচিং ভাষাৰ নিজস্ব কথনশৈলী,প্ৰয়োগ তথা স্থানীয় ভ‍াষাৰ সংমিশ্ৰিত বৰ্ণাশুদ্ধিৰ ওপৰতহে নিৰ্ভৰ কৰিব।যেনেকৈ বৃটিছ ইংলিছে দিয়া Assam ক অসমীয়াত Axom, Gauhatiক Guwahati,Culcutta ক বাংলাত Kolkata বা Bombay ক মাৰাঠীত Mumbai লিখা হৈছে। সেই সূত্ৰে মিচিং শব্দটো Mising লিখা হৈছে যত ইংৰাজী Phoneticsক ভিত্তি কৰা নাই।

   প্ৰয়াত টাইদদেৱ ইংৰাজী ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত হলেও তেওঁ হাড়ে হিমজুৱে মিচিং আছিল বাবেই মিচিং ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰিছিল।জাতিটোক ভাল নাপালে জীৱনৰ বেছিভাগ সময় নিজৰ জনগোষ্ঠীটোৰ ভাষা চৰ্চাত আত্মনিয়োগ নকৰিলে হয়।অকল ভাষাৰ ক্ষেত্ৰতেই তেওঁৰ অৱদান আছে তেনে নহয় বৰং মিচিং সংষ্কৃতিৰো তেওঁ এগৰাকী সাধক আছিল।এটা মাত্ৰ ঘটনাৰ কথা কৈ লিখনিটো সামৰিম।

    অসমত এন আৰ চি'ৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা গুৱাহাটীৰ পূব শৰণীয়া নিবাসী ভূঞা দম্পতী(প্ৰদীপ ভূঞ‍া,উদ্যোগিক অভিযন্তা আৰু বন্তি ভূঞা,তদানীন্তন অধ্যক্ষা,ফেকাল্টি হাইস্কুল,শিলপুখুৰী)য়ে আশীৰ দশকত এফবি ট্ৰাষ্টৰ (ভিৰেনগাওঁ ফেকাল্টিৰ বনলক্ষ্মী কছাৰীৰ সহযোগত)পৃষ্ঠপোষকতাত "বাৰেবৰণীয়া অসম"বুলি এটা এলপি ৰেকৰ্ড জ্যোতি চিত্ৰবণত বাণীবদ্ধ কৰা হৈছিল।সেই লং প্লেয়িং ৰেকৰ্ডত অসমৰ বিভিন্ন জনগোষ্ঠীৰ জনজাতীয় লোক সংগীত যেনে___ বড়ো,মিচিং,কাৰ্বি,ৰাভা ‌আদি লোক সংগীতৰ লগতে অসমৰ আগশাৰীৰ কন্ঠশিল্পীক লৈ অসমীয়া সমবেত গীত বাণীবদ্ধ কৰা হৈছিল।সংগীত পৰিচালক আছিল "মা কামাখ্যা"বোলছবিৰ সংগীত পৰিচালক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত প্ৰয়াত ৰাজেশ্বৰ বৰদলৈ।বাঁহীবাদক আছিল এতিয়াৰ বৰেণ্য সংগীতজ্ঞ প্ৰভাত চন্দ্ৰ শৰ্মা।জ্যোতি চিত্ৰবনৰ ৰেকৰ্ডিং ইঞ্জিনিয়াৰ আছিল প্ৰয়াত পিযুষ কান্তি ৰায়।গোৱালপৰীয়া লোকগীতত কন্ঠদান কৰিছিল সুধাকন্ঠ ভুপেন হাজৰিকাদেৱৰ কনিষ্ঠ ভাতৃ ভগ্নী বলেন হাজৰিকা ‍অাৰু কবিতা হাজৰিকা।

   মিচিং লোকগীতৰ বাণীবন্ধনৰ পাল পৰিছিল টাবু টাইদদেৱ আৰু মিচিংশিল্পী ৰীতাদেৱী মেদকৰ দ্বৈত কন্ঠত।বাণীবন্ধনৰ কিছু বছৰ আগেয়ে টাবু টাইদদেৱৰ কেবাবাৰো মেজৰ অস্ত্ৰোপচাৰ হৈ গৈছিল।ভগ্ন স্বাস্থ্য!তথাপি তেওঁ ৰুক্মিনী নগৰৰ পৰা পূব শৰণীয়ালৈ ৰাতি ৰাতি আহি কেবাদিনো মিচিং লােকগীতৰ আখৰা কৰিছিল।তাতোকৈ ডাঙৰ কথাটো হল দুপৰনিশা বাৰটা এটা বজাত জ্যোতি চিত্ৰবণত অসুস্থ দেহাৰে নিজৰ কন্ঠদান কৰি মিচিং লোকগীতৰ বাণীবন্ধন কৰিছিল।এয়া এগৰাকী অসুস্থ দেহাৰ বয়সীয়াল মানুহৰ বাবে বৰ কঠিন কাম।কিন্তু তেখেতে অসম্ভৱকো সম্ভৱ কৰি তুলিলে‍ একমাত্ৰ জাতীয় কৃষ্টি সংষ্কৃতিক ভালপোৱা অত্যধিক আগ্ৰহ আৰু ইচ্ছাশক্তিৰ টানৰ বলত।শৰীৰ ৰোগগ্ৰস্থ নোহোৱা হলে হয়তু তেওঁ আৰু অধিক মিচিং সমাজক দিব পাৰিলেহেঁতেন।

  অসমীয়া সাহিত্যলৈ তেখেতৰ প্ৰধান অৱদানসমূহ হল__

  একুকি নিৱন্ধ(পশ্চিমীয়া চিত্ৰকলা সম্পৰ্কে)

  Glimpses(ইংৰাজী প্ৰৱন্ধ সংকলন)

Mising Gompir Kumsung(মিচিং শব্দৰ

       ভঁৰাল,অভিধান)

Banikanta Kakati,The man and his

       works(ৰঞ্জিত দেৱ গোস্বামীৰ সৈতে যুটীয়া

         সম্পাদনাত)

লেখৰ জোখেৰে তেওঁৰ অৱদান তাকৰ যদিও তেওঁ সমাজৰ বাবে দেখুৱাই থৈ যোৱা আৰ্হি চিৰস্মৰণীয় আৰু আদৰ্শনীয়।বিশেষকৈ মিচিং সমাজৰ বাবে তেওঁ দি থৈ গল এখনি অমূল্য গ্ৰন্থ,ব্যাকৰণ সম্বলিত অভিধান Mising Gompir Kumsung,যিটো গ্ৰন্থ এধাৰি মুকুতা মালাৰ দৰে।সেয়ে আপোন জেগাৰ,নিজা জন্মস্থান,সোৱনশিৰি ঘূনাসুঁতিৰ ৰাইজে তেওঁক অলংকৃত কৰিছে "অৱনৰি দগনৗ"(সোৱনশিৰিৰ মণিক/মুকুতা)বুলি।

   এৰা,তেওঁ আছিল সোৱনশিৰিৰ মাণিক।পঢ়নৰ পৰা দূৰৈৰ মাণিক সঁচা অৰ্থত বুটলা জ্ঞানী সাধক।তেওঁ অকল ঘূনাঁসুতিৰেই মাণিক নহয়,তেওঁ হল মিচিং সমাজৰ মাণিক,অসমৰ এগৰাকী উজ্জ্বল ৰত্ন।



ফোন: 9678005058


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages