মিচিং ভাষা শিক্ষা
খগেন পেগু
যোৱা খণ্ডৰ পৰা
নৱম খণ্ড( চতুৰ্থ ভাগ)
মিচিং ভাষা লিখি প্ৰকাশ কৰিবলৈ সংশোধিত ৰোমান লিপিত মুঠ 24 টা ধ্বনিপ্ৰতীক লোৱা হৈছে৷ তাৰে দুটা মিচিঙৰ নিজা মৌলিক ধ্বনি নহয়৷ সেই দুটাৰ এটা হ'ল h(হ) আৰু আনটো হ'ল w(ৱ)৷ আমি h(হ)ৰ প্ৰয়োজনীয়তা আৰু ব্যৱহাৰ সম্পৰ্কে পৰৱৰ্তী স্তম্ভলেখনবোৰত আলোচনা কৰিম৷ সদ্যহতে ধৰিছোঁ w(ৱ)ৰ ব্যৱহাৰ আৰু প্ৰয়োজনীয়তা সম্পৰ্কত৷ তাৰ লগতে আছে দ্বিস্বৰ(Diphthong)ত i(আই) আৰু y(ৱাই)ৰ ব্যৱহাৰ বা লিখন সম্পৰ্কত বিস্তৃত আলোচনা৷
মিচিং ভাষাত wৰ ব্যৱহাৰ
w(ৱ) মিচিং ভাষাৰ মৌলিক ধ্বনি নহয়৷ কিছুমান শব্দৰ লগত স্বৰবৰ্ণৰে আৰম্ভ হোৱা বিভক্তি, প্ৰত্যয় আদি সংযোগ ঘটিলে পূৰ্বস্বৰ বৃদ্ধিহৈ তাত u ধ্বনিযুক্ত যুগ্ম স্বৰৰ সমধ্বনিত পৰিণত হয়; অৰ্থাৎ w(ৱ) ধ্বনিৰ আগত হ্ৰস্ব স্বৰধ্বনি উচ্চাৰিত হয়৷ সেয়ে w(ৱ)ৰ আগত সদায় এটা u ব্যৱহাৰ কৰা যুগুত হ'ব৷ চাঃয়াং আৰু মঃয়ৃং উপভাষাত সাধাৰণতে w(ৱ) ধ্বনি উচ্চাৰিত নহয়৷ তাৰ ঠাইত শব্দৰ লগত স্বৰবৰ্ণৰে আৰম্ভ হোৱা বিভক্তি, প্ৰত্যয় আদি তেনেকৈয়ে লগ লাগে৷
উদাহৰণঃ
Ngo+oi=Ngouwoi/Ngouoi(চাঃয়াঙত Ngo-oi)—কেৱল ময়েইনে?
No+oi=Nouwoi/Nouoi(চাঃয়াঙত no-oi)—কেৱল তুমিয়েনে?
Ko:+é=Kouwé/Koué(চাঃয়াঙত Kué)— ল'ৰাই
R+ém=Rouwém/Rouém( চাঃয়াঙত Ruém)—ৰাতিপুৱা বা ৰাতিপুৱাত
Ao+é+néi=Auwénéi/Auénéi(Ao-énéi)—পুতেক বা পোৱালিনেকি?
Ko:+íng+ko= Kouwíngko/Kouíngko(কউঅৃংক)(চাঃয়াঙত ?)—ল'ৰাই হয়
Ko:+ao+éí=Kouwauwéí/Kouauéi(কউৱাউৱৗঅৃ)(চাঃয়াঙত Kuauéi)—হে'ৰা কণমানিটি/হে'ৰা পোনাটি? ইত্যাদি৷
ইয়াতে এটা কথা কৈ থোৱাটো ভাল হ'ব৷ সেয়া হ'ল, অসমীয়া ভাষাত w(ৱ) আখৰটো যিধৰণে ব্যৱহাৰ কৰা হয়, তাৰ প্ৰভাৱত পৰি বহুতে অনাৱশ্যকভাৱে বা নিজৰ) অজানিতে Awo, Íwo, Íwa, Pawo, Tawo, Dawo বা Daw, lawor, Píwang, Píwag, Uwag ইত্যাদি বানান লিখাৰ প্ৰৱনতা দেখা যায়; কিন্তু এইবোৰ শব্দত w(ৱ) ব্যৱহাৰ কৰাৰ কোনো ধ্বনিতাত্ত্বিক যুক্তি নাই৷ গতিকে এনেবোৰ শব্দত অযুক্তিকৰভাৱে w(ৱ) লিখি লাভ নাই; বৰঞ্চ শব্দতো দেখাত কুৎসিত আৰু ভাৰাক্ৰান্ত কৰিহে তোলে৷
সেয়ে সেইবোৰ শব্দৰ শুদ্ধ বানান হ'ব Ao(আঅ'), Ío(অৃঅ'), Ía(অৃআ), Pao(পাঅ'), Tao(তাঅ'), Dao(( দাঅ'), Laor(লাঅৰ), Píang(পৃআং), Píag(পৃআগ), Uag( উআগ) ইত্যাদি৷ মুঠতে w(ৱ)ৰ ব্যৱহাৰ অপৰিহাৰ্য নহয়৷ যেনে—
Bík auo(Ao+é=Auo) aumko—তেওঁৰ ল'ৰা তিনিটা
Bí Pauo(Pao+é=Pauo)—তেওঁ পাঅ'৷
দ্বিস্বৰ(Diphthong)ত i(আই) নে y(ৱাই)?
শব্দত -ai, -oi, -ui, -éi আদি ধ্বনি থাকিলে i(আই)ৰ সলনি y(ৱাই) ব্যৱহাৰ কৰিও আখৰ জোঁটনি কৰিব পাৰি বুলি 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপখনত কোৱা হৈছে৷ যেনে—Gíkai(গৃকাই), অথবা Gíkay(গৃকায়)৷ কিন্তু নিৰ্দ্দিষ্ট ৰীতি হিচাপে এনে ক্ষেত্ৰত y ব্যৱহাৰ নকৰি i ব্যৱহাৰ কৰিব লাগে৷ যথা—
Ba:boi(বাঃবই)—দদাইদেউ
Youoi/Na:noi(য়উঅই/নাঃনই)—খুড়ীদেউ
Ka:kai(কাঃকাই)—মামা বা মোমাইদেউ আছিল
Na:nyai(নাঃঞাই)—মামী আছিল
Makakui(মাকাকুই)—বিচাৰি যাওঁগৈ (বলা)
Édílai(অৌদৃলাই)— কেতিয়াবা
Kouéi(কউঅৌই)— ল'ৰানেকি
Aipé(আইপৗ)— ভালকৈ
Aidag(আইদাগ)—ভাল
Aimang/Aima:(আইমাং/আইমাঃ)—বেয়া
Koiyang/Koyyang(কইয়াং/কয়্ য়াং)—ময়লা ইত্যাদি৷
অৱশ্যে Ayo, Doyé, gíyé আদি শব্দৰ শেষ অক্ষৰ(Syllable)ত y(য়) ধ্বনি থাকিলে বিভক্তি, প্ৰত্যয় আদি যোগ হোৱাৰ পিছত দুটা y উচ্চাৰিত হয়৷ গতিকে এনেবোৰ ক্ষেত্ৰত দুটা y লিখা যুগুত হ'ব বুলি 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপত কোৱা হৈছে৷ উল্লেখযোগ্য, চাঃয়াং বা মঃয়ৃং উপভাষাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷ যথা—
Ayo+é=Ayyo(আয়্ য়)(চাঃয়াং-মঃয়ৃঙত Ayué)—জিভা(হয়)৷ শাহু আই(হয়)
Doyé+a:mílo=Doyya:mílo/Doiya:mílo(মঃয়ৃং-চাঃয়াঙত Doya:mílo)—খোৱা হ'লে
Kayé+a:mílo=Kayya:mílo/Kaiya:mílo(চাঃয়াং-মঃয়ৃঙত kaya:mílo)—থকা হ'লে
Gíyé+ai=Gíyyai/Gíiyai(মঃয়ৃং-চাঃয়াঙত Gíyai)—গ'লোঁহেঁতেন
Koyé+ai=Koyyai/Koiyai(চায়াং-মঃয়ৃঙত Koyai)—খুজিলোঁহেঁতেন ইত্যাদি৷
অৱশ্যে এনেকৈ লিখিগৈ থাকিলে এনেকুৱা আৰু বহুতো উদাহৰণ ওলাব, যিটো লিখি থাকিলে নিবন্ধৰ আকাৰ বহুখিনি দীঘল হ'ব; কিন্তু সেয়া কৰিবলৈ আমাৰ যথেষ্ট সময়ৰ অভাৱ৷ সেয়ে কথাৰ বাহুল্য নকৰি এনেকুৱা সাদৃশ্য থকা বাকীবিলাক উদাহৰণ পৰিবেশন কৰাৰ পৰা সদ্যহতে বিৰত থাকিলো৷
আগলৈ......
No comments:
Post a Comment