সময়ৰ আহ্বানত দঃঞি পঃল ধৰ্ম
জুৱেল পেগু
গুৱাহাটী
ধৰ্ম, ভাষা-সংস্কৃতিয়েই এটা জাতিৰ মেৰুদণ্ড আৰু দাপোণস্বৰূপ– এই কথা সকলোৰে বিদিত৷ মিচিং জাতিৰ ভাষা-সাহিত্য-সংস্কৃতি চৰ্চাৰ মূল সংগঠন ‘মিচিং আগম কৗবাং’ [সাহিত্য সভা] আৰু ‘মিচিং দৃৰবৃ কৗবাং’ [সাংস্কৃতিক সন্থা] গঠন হোৱা দিন ধৰি মিচিং জাতিৰ নিজা ভাষা-সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা হৈ আহিছে৷ পিছে, স্বকীয় পৰম্পৰাৰে সমৃদ্ধ ধৰ্মীয় দিশটি সু-শৃংখলাবদ্ধভাৱে চৰ্চা কৰা পৰিলক্ষিত হোৱা নাই৷ পণ্ডিতসকলেও কৈছে যে– ‘‘যি জাতিৰ নিজস্ব ভাষা-সংস্কৃতি, পৰম্পৰাগত সামাজিক জীৱন নিৰ্বাহ পদ্ধতি, ৰীতি-নীতি, জনবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত উন্নত অধ্যাত্মিক আদৰ্শৰ পৰিচয় নাই, সেই জাতি হেনো নিকৃষ্টৰো নিকৃষ্টতম৷ ’’ এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আবতানিৰ সতি-সন্ততি হিচাপে নিজকে পৰিচয় দি অহা অৰুণাচলৰ আদী, গালং, নিচি, আপাতানি আদিকে ধৰি অসমৰ মিচিং জনগোষ্ঠীসকলৰ মাজত পূৰ্বপুৰুষৰপৰা উপাস্য দেৱতা হিচাপে বিশ্বাস আৰু পালন কৰি অহা দঃঞি পঃলক সৃষ্টিকৰ্তা বা ৰুঃনৗ পৃনৗ হিচাপে বিজ্ঞানসন্মত ৰূপত প্ৰতিষ্ঠাৰ আপ্ৰাণ প্ৰচেষ্টা চলাই থকা হৈছে৷ এই প্ৰচেষ্টাৰ ফলস্বৰূপেই অৰুণাচলৰ ‘আদী’ জনগোষ্ঠীৰ প্ৰাণকেন্দ্ৰ পাচিঘাটত ১৯৮৬ চনৰ ৩১ ডিচেম্বৰত ‘দঃঞি পঃল য়েলাম কৗবাং’ [দঃঞি পঃল ধৰ্মীয় সংস্থা] গল্গৃ বতৗ তালম ৰুকবৰ নেতৃত্বত প্ৰতিষ্ঠা লাভ কৰে৷ লগে লগে অৰুণাচলৰ আবতানিৰ বংশধৰৰূপে খ্যাত বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত দঃঞি পঃল য়েলাম কৗবাঙে প্ৰসাৰতা লাভ কৰে৷ অসমতো আবতানিৰ বংশধৰ মিচিং জনগোষ্ঠীৰ মাজত এই দঃঞি পঃল ধৰ্মীয় নৱজাগৰণৰ প্ৰভাৱ আহি পৰে৷ তাৰেই ফলশ্ৰুতিত মিচিং অধ্যূষিত জনাইত কে’বাজনো দূৰদৰ্শী, সমাজপ্ৰিয়, বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত ১৯৯৬ চনত দঃঞি পঃল য়েলাম কৗবাঙৰ এটি সমিতি গঠন কৰা হয়৷ মিচিং সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ জনাইৰপৰা দঃঞি পঃল য়েলাম কৗবাঙে অসমৰ মিচিং বসতিপ্ৰধান চিলাপথাৰ, ধেমাজি, গোগামুখ, লখিমপুৰ, মাজুলীলৈ প্ৰসাৰতা লাভ কৰাৰ পিছত ২০০৩ চনৰ ১০ মে’ তাৰিখে অভিৱৰ্তনৰ জৰিয়তে ‘দঃঞি পঃল য়েলাম কৗবাং, অসম’ গঠন কৰা হয়৷ উক্ত কৗবাঙৰ বিভিন্ন শাখা হিচাপে মংকে কৗবাং আৰু দঃলুং কৗবাং বা গাংগৃং সমিতি আদি গঠন কৰা হৈছে৷ লগতে গাংগৃং অৰ্থাৎ প্ৰাৰ্থনা গৃহ সাজি পৰম্পৰা, জনবিশ্বাস, আধ্যাত্মিক চিন্তাধাৰাৰে, বিজ্ঞানভিত্তিক যুক্তিবাদৰ দৰ্শনেৰে, দঃঞি পঃল ধৰ্মক আগুৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছে৷ নিৰ্দিষ্ট দিন আৰু সময় নিৰ্ধাৰণ কৰি সমূহীয়া প্ৰাৰ্থনা-গীতেৰে সু-শৃংখলাবদ্ধতাৰে সৰ্বমংগলৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে মত বিনিময়ৰো ব্যৱস্থা কৰা হৈছে৷
সাংগঠনিকভাৱে নিজস্ব পৰিচয় দিয়াৰ প্ৰচেষ্টাত দঃঞি পঃল য়েলাম কৗবাঙক আজি International Association for Religious Freedom, World Council of Elders and Ancient Tradition and Culture, International Centre for Cultural Studies, North-East India Tribal Faith and Cultural Protection Forum আদি বিশাল ধৰ্মীয় সংগঠনসমূহে স্বীকৃতি প্ৰদান কৰি সহযোগিতা আগবঢ়াইছে৷ উল্লেখ্য যে, দঃঞি পঃলৰ সমপৰ্যায়ৰ সংগঠন ভাৰতৰ বিভিন্ন সৰু-বৰ জনগোষ্ঠীসমূহৰ লগতে এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ দৰে মহাদেশবোৰৰ বিভিন্ন আদিম জনগোষ্ঠীসমূহৰ মাজতো সু-সংগঠিত ৰূপত গতিশীলতা লাভ কৰিছে৷ International Centre for Cultural Studies নামৰ সংগঠনটোৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, বিশেষভাৱে উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যক সাঙুৰি USA, Canada, Costorica, Guatemala, Trinidad, Latvia, Lithuania, Lithuania Romuva, Estonia, Hungary, France, UK, Poland, Greece, South Africa, Keniya, Myanmar, Indonesia, New দ্বeeland, Thailand, Sri Lanka, Germany, Nepal, Salvador, Mexico, দ্বambia, Ghana, Ecuador, Netherland, Britain, Guyana, Mauritius, Korea, Switzerland. Israel, Peurto Rico, Surinam, Malaysia ইত্যাদি দেশৰ আদিম জনগোষ্ঠীসমূহে একেখন বিশাল মঞ্চত ঐক্যবদ্ধ প্ৰচেষ্টাৰে Guatemala ভাষাত ক্টMitakuye Oyasinক্ট (দ্দ্বঙ্গ are all related) ধবনিৰে আগুৱাই যাবলৈ সক্ষম হৈছে৷ কেন্দ্ৰীয় দঃঞি পঃল য়েলাম কৗবাঙৰ অন্যতম সম্পাদক হিচাপে আমি নিজে International Centre for Cultural Studies অৰ উদ্যোগত ২০০৯ চনৰ ৩১ জানুৱাৰীৰ পৰা প্ত ফেব্ৰুৱাৰিলৈ মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত ৩rd Internation Conference গু Gathering of Elders আৰু ২০১২ চনৰ চ্ছ্ৰ মাৰ্চৰপৰা জ্জ মাৰ্চলৈ উত্তৰাখণ্ড হৰিদ্বাৰৰ দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত চ্ছ্ৰth International Conference গু Gathering of Elders অৰ গুৰুত্বপূৰ্ণ সময়োপযোগী কাৰ্যক্ৰমণিকাত আবতানি বংশৰ হৈ ‘আদী-মিচিং’ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাওঁ৷ বিশ্বায়নৰ যুগতো আমাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ আদিম জনগোষ্ঠীসমূহে ঐক্যবদ্ধ প্ৰচেষ্টাৰে বিশাল বিশ্বৰ বুকুত বৰ্ণাঢ্য সাংস্কৃতিক সম্ভাৰেৰে উন্নত জাতি হিচাপে জীয়াই থকাৰ প্ৰেৰণা প্ৰতিজন প্ৰতিনিধিয়ে যাবৰ সময়ত নিজ নিজ মাতৃভূমিলৈ কঢ়িয়াই লৈ যায়৷
দঃঞি পঃল য়েলাম কৗবাং, অসম গঠন হোৱা পিছৰেপৰা বয়োজ্যেষ্ঠ, চিন্তাশীল, দূৰদৰ্শী, সমাজপ্ৰিয় ব্যক্তিসকলৰ সু-পৰামৰ্শত এটি বহুমুখী ‘দঃঞি পঃল সাংস্কৃতিক গৱেষণা আৰু চৰ্চাৰ কেন্দ্ৰ’ চিলাপথাৰৰ কুলামুৱাত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ এই কেন্দ্ৰত মুঠ বাৰটাকৈ উপ-আঁচনি অন্তভুৰ্ক্তিৰে বিশেষজ্ঞৰদ্বাৰা প্ৰাক্কলনৰ নমুনা তৈয়াৰ কৰি প্ৰস্তুতি চলাই থকা হৈছে৷ উক্ত আঁচনি ৰূপায়ণৰ বাবে ধেমাজি জিলা প্ৰশাসনৰ তৰফৰপৰা ইতিমধ্যে ২৫ বিঘা চৰকাৰী মাটি আবণ্টন দিছে৷ এই কাম সম্পূৰ্ণ হৈ উঠিলে দঃঞি পঃল য়েলাম কৗবাঙেও বিশ্বৰ লেখত ল’বলগীয়া ধৰ্মীয় অনুষ্ঠান হৈ উঠিব বুলি আশা কৰিব পাৰি৷
সম্প্ৰতি মিচিংসকলে অনাদি কালৰপৰা চলি অহা স্ব-ধৰ্ম পৰিত্যাগ কৰি অসংখ্য ধৰ্মপন্থাত বিভক্ত হোৱা পৰিলক্ষিত হৈছে৷ প্ৰতিটো ধৰ্মপন্থাৰ নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ বেলেগ বেলেগ হোৱাত প্ৰতিটো গোটৰ চিন্তা-আদৰ্শও বেলেগ বেলেগ হৈ মিচিং সমাজ আজি বহুধাবিভক্ত হৈ আছে৷ বৰ্তমান মিচিং সমাজত প্ৰচলিত অধিকাংশ নীতি-নিয়ম [যেনে– সাতজনীয়া, ন-জনীয়া, ন-পুৰুষীয়া, ন-ভাত, ৰিষ্ট, নাম-কীৰ্তন, তিলনি, শান্তিবিয়া, জন্মদিন পালন আদি] অন্য ধৰ্ম, সমাজ-সংস্কৃতিৰপৰা অহা, মিচিঙৰ নহয়৷ ফলত মিচিং সমাজখনত আগৰ দৰে স্বকীয় নীতি-নিয়ম, একতা আৰু সামাজিক বান্ধোন নাইকিয়া হৈ আহিছে৷ এই অন্য ৰীতি-নীতিৰ সংযোজন তথা নিজস্ব ৰীতি-নীতিৰ প্ৰণালীবদ্ধ ৰূপত প্ৰতিষ্ঠা নকৰাৰ প্ৰৱণতাই মিচিং জাতিৰ স্বকীয় ধৰ্মীয় সংস্কৃতি আৰু ঐতিহ্যৰ অস্তিত্ব নিঃশেষ কৰাৰ ইংগিত বহন কৰিছে৷ মিচিঙৰ বাদে অন্য সমাজত ধৰ্মৰ নামত, ৰীতি-নীতি-পৰম্পৰা ৰক্ষাৰ নামত ইমান বেমেজালি আৰু বিভ্ৰান্তি নি(য় দেখা পোৱা নাযাব৷
বৰ্তমান তানি গোষ্ঠীৰ লোকসকলে দঃঞি পঃলক প্ৰণালীবদ্ধভাৱে উপাস্য দেৱতা হিচাপে প্ৰতিষ্ঠা কৰি আগুৱাই গৈ ৰূপালী জয়ন্তী বৰ্ষ সফলতাৰে সমাপন কৰিছে৷ এই আধ্যাত্মিক জাগৰণৰ ফলস্বৰূপে আজি ব্যয়বহুল দেৱতা, অপ-দেৱতা, ভূত-প্ৰেত, চয়তানী চলনা, মূৰ্তি পূজা আদি বিশ্বাসৰপৰা মিচিং সমাজক কিছু আঁতৰলৈ নি জড় পূজাৰ প্ৰচলনৰ অমূলকতাৰ বিষয়ে জ্ঞান দিছে৷ যুগ পৰিৱৰ্তনৰ পাৰিপাৰ্শ্বিকতাৰ সলনিয়ে আমাৰ সৰ্বসাধাৰণ মানুহৰ চিন্তা-চৰ্চাকো সলনি কৰি পেলাইছে৷ সেয়েহে আজি দঃঞি পঃল য়েলাম কৗবাঙে মিচিং সমাজৰ এৰাব নোৱৰা কাৰণবশতঃ প্ৰচলিত হৈ থকা পূজা-পাতলবোৰহে স্বকীয় সামগ্ৰীৰে, কম সময়, কম খৰচত, সহজ-সৰলভাৱে পতাৰ ব্যৱস্থা কৰিছে৷ পূজা বা সকামৰ নামত দান-দক্ষিণা দাবী কৰাৰ নিয়ম বাদ দি গৃহস্থৰ সাধ্যানুসাৰে প্ৰয়োজনীয় আপ্যায়নৰ ব্যৱস্থা কৰি এটা নিৰ্দিষ্ট নীতি-নিয়মৰ বান্ধোনৰ মাজলৈ অনাৰ ব্যৱস্থা হাতত লৈ আগবাঢ়িছে৷ এইখিনিতে দঃঞি পঃল য়ৗলাম কৗবাঙে দূৰদৰ্শী, চিন্তাশীল ৰাইজৰপৰা প্ৰভুত সঁহাৰি পাই অতি উৎসাহেৰে নিজস্ব কেইবাটাও কৰ্মসূচীৰে আগবাঢ়িবলৈ সক্ষম হৈছে৷ য়ৗলাম কৗবাঙক আগুৱাই নিয়া কৰ্মসূচীসমূহৰ অন্যতম হিচাপে ‘মিচিং সমাজৰ পূজা পদ্ধতি–প্ৰণালীবদ্ধ ৰূপত প্ৰৱৰ্তন আৰু ৰাইজৰ পালনৰ বাবে’ প্ৰয়াত ডিৰাম কুম্বাংদেৱৰ কাৰ্যবিৱৰণেৰে জুৱেল পেগুৰ সম্পাদনাৰে এটি প্ৰস্তাৱনা পুস্তিকা প্ৰকাশ কৰা হৈছে৷
আমি জানো সময় গতিশীল আৰু পৰিৱৰ্তনশীল৷ কাজেই, পৰিৱৰ্তিত পৰিস্থিতিত মিচিং জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত, বৌদ্ধিক আদৰ্শৰ পৰিচয় আৰু সামাজিক বান্ধোন ৰক্ষাৰ স্বাৰ্থত গভীৰভাৱে চিন্তা কৰাৰ সময় সমাগত৷ স্ব-ধৰ্ম প্ৰচাৰ, প্ৰসাৰৰ লগতে স্বকীয় ৰীতি-নীতি, সমাজ জীৱনৰ লগত জড়িত পৰম্পৰাৰ সংস্কাৰ-সংৰক্ষণ আৰু সংবৰ্ধন সাধন কৰাটো সময়ৰ আহ৩ানত নিতান্তই আৱশ্যক বুলি অনুভৱ হৈছে৷ এই সকলোবোৰ উদ্দেশ্য আগত ৰাখি স্ব-ধৰ্ম জাগৰণৰ লগতে বৰ্ণাঢ্য সংস্কৃতি, স্বকীয় ৰীতি-নীতি, দৈনন্দিন পৰম্পৰাৰ সংস্কাৰ, সংৰক্ষণ, চৰ্চা আৰু বিকাশৰ বাবে ৰাইজৰ মতামত দঃঞি পঃল য়ৗলাম কৗবাঙে কামনা কৰি আহিছে৷
ভ্ৰাম্যভাষঃ ৯৯৫৪৭২৮২৬৮
No comments:
Post a Comment