মিচিং লোকসাহিত্য
ডাঃ জৱাহৰ জ্যোতি কুলিপ্রত্যেক জাতিৰে অতীজৰে পৰা নিজস্ব স্বকীয় বৈশিষ্ট্যৰে সজীৱ লোককথা, লোকগীত আদি আছে। সেইবোৰৰ মাজতেই নিহিত থাকে তেওঁলোকৰ মনৰ ভাৱ, প্রবচন, গীতমাত আদি। ইংৰাজীত ইয়াকেই চমুকৈ ফ’কল’ৰ বা লোকসাহিত্য বোলে। এই ফ'কল'ৰ বা লোকসাহিত্যৰ মূল প্ৰৱৰ্তক আছিল উইলিয়াম থমাছ। ১৯৪৬ চনত তেওঁৱেই পোন প্ৰথমবাৰৰ কাৰণে মানুহৰ গীতমাত, কথা, সাধু, চলন ফুৰণ আদি সামৰিবলৈ এই শব্দৰ প্ৰচলন কৰিছিল। পিছলৈ বেচকমে ইয়াৰ পৰিবৰ্ধন ঘটাই ব্যাপকভাবে নাচগান আদিকো সামৰি ল'বলৈ ব্যৱহাৰ কৰে। লোককথা, গীতমাত আদি চৰ্চা কৰা পণ্ডিতসকলে সময়ে সময়ে ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সামাজিক জীৱন পদ্ধতিৰ বেৰখন সামৰি বহলাই লৈ যোৱা পৰিলক্ষিত হৈছে।
ফ’কল’ৰ অসমীয়া ভাষাত লোকসাহিত্য হিচাবে স্বীকৃত। কবিগুৰু ৰবীন্দ্ৰনাথৰ দৃষ্টিকোণেৰে ‘শিপাই যেনেকৈ মাটিৰ তলত থাকি গছক পত্রে পুষ্পে সুশোভিত কৰি ৰাখে সেইদৰে সকলো দেশৰে সাহিত্যৰ মূলভাগ লোকজীৱনৰ মাটিৰ তলত ঢাক খাই সজীৱ হৈ থাকে। লোকজীৱনৰ লগত জড়িত এই সাহিত্য জনসাধাৰণৰ উপভোগ্য আৰু উপলব্ধিৰ যোগ্য।' জনজীৱনৰ প্ৰতিটো শত আচৰণ, কথোপক আদিও লোকসাহিত্যৰ একো একোটি উপাদান। ড° বিৰিঞ্চ কুমাৰ বৰুৱাই কৈছে ‘লোকসাহিত্য জনসাধাৰণৰ উমৈহতীয়া সৃষ্টি, সমাজৰ সৰ্বৰ্জনৰ ভাৱচিন্তা আৰু কল্পনাৰ মিলনতীর্থ।' উইলচন ষ্টিৱাৰ্টৰ ভাষাত ক’বলৈ গ'লে ‘লোকসংগীত মৌখিক প্ৰবহন প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত। ই বিবৰ্তনৰ সৃষ্টি প্রবহমানতা, পৰিৱৰ্তন আৰু নিৰ্বাচনৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰশীল।' গতিকে গীতমাত হ’ল মানৱ মনৰ আনন্দৰ এক স্বতঃস্ফূর্ত, বাহ্যিক প্রকাশ। গীততেই নিহিত হৈ থাকে আনন্দ, অশ্ৰু, বেদনা, স্মৃতি, স্বপ্ন আদি। মানুহৰ জন্ম মুহূৰ্তৰ পৰা মৃত্যু পর্যন্ত সমাজ প্ৰক্ৰিয়াৰ দৈনন্দিন মাতকথা, পূজাপার্বণ, কৃষিকর্ম, উৎসৱ আদিও লোকসাহিত্যৰ বহল ক্ষেত্ৰখনৰ অন্তর্গত। অধ্যক্ষ পৰাগ চলিহাৰ কথাৰে ‘জনসাধাৰণৰ নিৰ্ভাঁজ মনৰ মধুৰ ভাৱৰাজিৰ মুকলি প্রকাশেই লোকসাহিত্য। দৰাচলতে জনজীৱনৰ স্বৰূপ প্ৰকাশ পায় লোকসাহিত্যতহে।' গতিকে দেখা যায় লোকসাহিত্যৰ ঠালঠেঙুলিৰ ধাৰাবোৰ অব্যাহতভাবে কথোপকথন, আচাৰ-ব্যৱহাৰ আদিৰ যোগেদি মানৱ সমাজত বৰ্তি আছে। ডাঃ লীলা গগৈ দেৱৰ দৃষ্টি ভংগী এনেধৰণৰ ‘লোকসাহিত্যৰ অন্যতম বাহন মুখ। যুগৰ সীমা চেৰাই লোকসাহিত্য মানুহৰ মুখে মুখে চলি আহিছে। এইদৰে আহোতে সময়ৰ আঁচোৰ লাগিছে, শব্দৰ পলস পৰিছে, কল্পনাৰ ৰহণ লাগিছে।
লোকসাহিত্যত গীতমাত, কথা, সাধু আদি কোনে কেতিয়া প্রথম গাইছিল বা কৈছিল তাক কোনেও সঠিককৈ ক'ব নোৱাৰে। কিন্তু মানৱ সমাজৰ ভিতৰৰে নিশ্চয় কাৰোবাৰ মুখৰ যোগেদি কল্পনাৰ গীত বা কাহিনীটো সর্বপ্রথমে সমাজে শুনা পাইছিল। ইয়াৰ পিছত যুগ যুগ ধৰি লোকসাহিত্যৰ সম্ভাৰৰূপে মানৱ সাহিত্যত প্ৰসাৰ লাভ কৰিছে। সেয়েহে পৰাগ চলিহাই উনুকিয়াইছে ‘যেই কোনো উৎসৱ আদি পালন কৰোতে সমাজত সমূহীয়া অনুষ্ঠানৰ যো-জা হয়। তাতে কোনো এজনে এফাকি পদ-গীত জুৰি দিয়ে। তাক শুনাৰ পাছত আন এজনে হয়তো সেই জোৰণিত আন এফাকি যোগ দিলে। সেয়ে যথাৰ্থ আৰু সুশ্রাব্য হৈ পৰিল, মানুহৰ মুখ বাগৰি লোকসাহিত্যত পৰিণত হ'ল।
অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ লোকসাহিত্যৰ ভৰাল চহকী। যুগ যুগ ধৰি ৰখা কথিত ভাষাৰ মিচিং ভাষা লিখিত ৰূপত আত্ম প্ৰকাশ কৰাৰ লগে লগে তেওঁলোকৰ লোকসাহিত্যৰ পুষ্পগুচ্ছও লিখনীত ঠাই পাইছে। ফলস্বৰূপে মিচিং ভাষা ও সাহিত্য সংস্কৃতি ক্ষেত্ৰত চৰ্চাৰ সুযোগেৰে প্ৰসাৰতা লাভ কৰিছে। তেওঁলোকৰ লোকসাহিত্যক প্রধানতঃ লোকগীত আৰু লোককথা বা লোকসাধু দুই ভাগত বিভক্ত কৰিব পাৰি। লোকগীতসমূহক আঃবাং, কাবান, অইনিঃতম, কঃনিঃনাম আৰু মমান এই পাঁচটি ভাগত ভাগ কৰিব পাৰি। লোককথাৰ ভিতৰত লোকসাধু, কথা, প্রবচন আদিক সামৰি লয়। লোকসংগীত বা গীতৰ ভিতৰত আঃবাং অন্যতম। ইয়াত প্রয়োগ হোৱা শব্দ বিন্যাস তথা অর্থ সহজ বোধগম্যহীনতাৰ বাবে আঃবাঙক সবাতোকৈ পুৰণি লোকগীত বুলি ধৰিব পাৰি। আঃবাং মূলতঃ ধর্মীয় গীত। মিচিং জাতিৰ পুৰোহিত মিবুৰ দ্বাৰা ধৰ্মীয় অনুষ্ঠান উৎসৱ আদিত আঃবাং গাই পূজাপার্বনসমূহ দুর্যোগ, ৰোগ ব্যাধি আদি সম্পর্কে অৱগত কৰি পৰিত্ৰাণৰ উপায় দিয়ে। অবাঙৰ ভাষাবোৰ সৰ্বসাধাৰণ লোকৰ বাবে অবোধ্য। অভিজ্ঞ আৰু পাৰ্গত মিবুয়েহে ইয়াৰ প্ৰকৃত অৰ্থ বৰ্ণনা কৰিব পাৰে। তদুপৰি আঃবাঙত পোৱা যায় মিচিং জনসমাজৰ জীৱন পদ্ধতি, সৃষ্টিতত্ব তথা গীতমাত। ধর্মীয় দিশৰ বাহিৰেও সমাজ ব্যৱস্থাৰ বহল প্রতিচ্ছবি আঃবাঙৰ গীতৰ মাজেদি প্ৰকাশ পোৱা বাবেই ইয়াক মিচিং জাতিৰ ‘গীত সাহিত্য' বুলি নামকৰণৰ যুক্তিযুক্ততা আছে। তদুপৰি প্রখ্যাত গৱেষক শচীন ৰায়দেৱেও আঃবাঙক সংস্কৃতৰ পুৰাণ শাস্ত্ৰৰ লগত তুলনা কৰি আঃবাঙক তাৎপৰ্য আৰু গুৰুত্ব প্ৰদান কৰিছে। কাবান হ'ল দুখ বেদনা, বিহ বিচ্ছেদ, তাড়না, বিষাদ, স্বপ্ন, স্মৃতি আদিক সামৰি গোৱা গীত। প্রেমিক-প্ৰেমিকাৰ মিলন-বিচ্ছেদ হ’লে বা অকাল বৈধব্য প্রাপ্ত হলে অন্তৰত যি জ্বালা যন্ত্রণা, বিৰহ, বেদনা সমাগত হয় সেইবোৰৰ চিন্তাৰ পৰিণতি হ’ল অবিৰত বেদনাৰ দুধাৰি তপত লোতক। তদুপৰি কাবানত সন্নিৱিষ্ট হয় অতীতৰ স্মৃতি ৰোমন্থন গীত, আপোনজনৰ মৃত্যুত পোৱা বিৰহৰ গীত, কাহিনীভিত্তিক বিচ্ছেদৰ গীত ইত্যাদি। শোকাকুল, যাতনাপূর্ণ মানৱ অনুভূতিয়ে স্বতঃস্ফূর্তভাৱে কান্দোন বা বিননিৰ ৰূপেৰে দুচকুত বান আনে অবিৰত তপত লোতকেৰে।
অইনিঃতমে হিয়াভৰা সুমধুৰ গীতৰ ঝংকাৰে তোলে যৌৱন বসন্তৰ উদ্বাউল হিয়াতপ্ৰেমৰ বন্যা। প্রেমিক প্রেমিকাই মিলনৰ প্ৰবল বাসনা তেওঁলোকৰ মুখেদি নিগৰি অহা অইনিঃতমৰ যোগেদি নিবেদন কৰে। ভাল পোৱা, প্ৰেম প্ৰণয়ৰ সকলো শিৰা উপশিৰাই অইনিঃতমৰ শ্ৰুতিমধুৰ সুৰেৰে প্ৰকাশ পাই আপোনজনক আকুল আহ্বান জনায়। সেয়েহে অইনিঃতমক প্রেম প্রণয় ভালপোৱা আদি সম্বন্ধীয় গীত বুলি কোৱা হয়। নির্জন পথাৰ, জুৰিৰ পাৰ, কৃষি কর্ম, আলিয়াই লৃগাং, পঃৰাগ উৎসৱ, বিহু আদিত অইনিঃতম গায়।
কঃনিঃনাম (নিচুকনি গীত) আৰু মমান (ধেমেলীয়া গীত) আদি লোকসঙ্গীতবোৰেও মিচিং জনজীৱনৰ লোকগীতৰ একো একোটি উল্লেখযোগ্য উপাদান।
লোককথাৰ ভিতৰত লোকসাধুবোৰেই প্রধান। মিচিং সমাজতো যথেষ্ট লোকসাধু পোৱা যায় যিবোৰ তেওঁলোকৰ আদি বাসস্থান, প্রব্রজন, লোকবিশ্বাস, আদি সম্পর্কে আভাস দিব পাৰে। আবুতন তুৰং, য়াকা মিৰৗম, পেটুগাৰী, মূলং পেত্তাং আদি লোকসাধুবোৰ চিৰন্তন আৰু চিৰযুগমীয়া। লোকসাধুবোৰৰ সংগ্ৰহ আৰু অধ্যয়নে মিচিং লোকসাহিত্যক চহকী কৰাৰ লগতে তেওঁলোকৰ সমাজ সংস্কৃতি আদি সম্পর্কেও বহু কথা জ্ঞাত কৰিব।
যিয়েই নহওক মিচিং লোকসাহিত্যৰ সকলো শাখা প্রশাখাবোৰৰ সংগ্ৰহ, সংৰক্ষণ আৰু চৰ্চাই মিচিং ভাষা সাহিত্য সংস্কৃতিলৈ হ’ব এক অনন্য অৱদান। মিচিং জাতিৰ ইতিহাস তথা সমাজ সংস্কৃতি অধ্যয়ন কৰিবলৈ লোক সাহিত্যৰ অধ্যয়ন অপৰিহাৰ্য। লোকসাহিত্যৰ উচিত মূল্যায়নে মিচিং সমাজ সংস্কৃতিৰ প্ৰকৃত ৰূপৰেখা দাঙি ধৰিব।
No comments:
Post a Comment