মিচিং সমাজৰ পুনৰ মিলনৰ উৎসৱ পঃৰাগ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

মিচিং সমাজৰ পুনৰ মিলনৰ উৎসৱ পঃৰাগ




মিচিং সমাজৰ পুনৰ মিলনৰ উৎসৱ পঃৰাগ

                                                                                                    ভাইগেশ্বৰ পগাগ



         মিচিং সকলৰ কেবাটাও নিজা উৎসৱ আছে। তাৰে এটা হ’ল “পঃৰাগ” উৎসৱ।পঃৰাগ মিচিং সকলৰ প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে উৎযাপিত এক ধৰ্মীয় উৎসৱ। সেই উৎসৱ,খেতি চপোৱাৰ পিছৰ আজৰি সময়ত অথবা নৰা-চিগা সময়ত অনুষ্ঠিত কৰা হয়, কাৰণে অনা-মিচিং সকলে এই উৎসৱক নৰা-চিগা বিহু বুলিও কোৱা হয়। পঃৰাগ উৎসৱ ঘাইকৈ ডেকা-গাভৰু সকলৰ দ্বাৰা উদযাপিত কৰা উৎসৱ। সেই কাৰণে ইয়াক “য়াঃমে-মৃম্বৃৰ দনাম” বুলিও কব পৰা যায়। মাঘ-ফাগুন মাহত আহু-বাও খেতিত নমাৰ পূৰ্বে পঃৰাগ উৎসৱ পালন কৰা হয়। সেই বতৰ শিমুলু মদাৰ ফুলাৰ বতৰ। ডেকা-গাবৰুৰ মনবোৰ শিমুলু মদাৰ ফুলৰ দৰে ৰঙীন হয়। সেয়ে মাঘ-ফাগুন মাহত পঃৰাগ উৎসৱ উৎযাপন কৰা হয়।

     গাৱঁত পঃৰাগ উৎসৱ পতাৰ বিষয়ে বহু দিনৰ আগৰ পৰাই চিন্তা-চৰ্চা চলে। পঃৰাগ উৎসৱ আয়োজন কৰিবলৈ বহু পৰিমাণৰ অৰ্থৰ আৱশ্যক হয়। সেই কাৰণে দুই তিনি বছৰ আগৰপৰাই ডেকা-গাভৰু সকলে মাইনং আৰু বিহুত হুঁচৰি গাই পুঁজি সংগ্ৰহ কৰা আৰম্ভ কৰে। উৎসৱৰ সময়ত অগণন আলহী-অতিথিৰ আগমন ঘটে কাৰনে বহু পৰিমাণৰ খাদ্য-পানীয়ৰ আয়োজন কৰিবলগীয়া হয়। সেইয়ে খৰচৰ পৰিমাণ অত্যধিক হয়।

      আগৰ দিনত মিবুৰ দ্বাৰা পঃৰাগ উৎসৱ পৰিচালনা কৰিছিল। আজি কালি মিবু পাবলৈ নাই। মিবুৰ পৰিবৰ্তে গণতান্ত্ৰিক পদ্ধতিৰে গঠন কৰা এখন দঃলুং কৗবাংৰ দ্বাৰা উৎসৱ উৎযাপন কৰা হয়। য়াঃমে-মৃমবৃৰৰ দ্বাৰা পৰিচালনা কমিটি গঠন কৰা হয়। পৰিচালনা কমিটিত কিছুমান বিষয়ববীয়া থাকে। বিষয়ববীয়া সকলৰ ভিতৰত মিগম বৰা,বৰপুৱাৰী,ডেকা বৰা,তিৰি বৰা,সুধৰ বৰা(ধন ভৰালী),পাটগিৰি,বৰাণী,মিনম বৰা,নামনতি,তামুলী,ঢোলীয়া,তালিয়া,বাৰৃগ,য়ামেঃ টেকেলাং,মিয়ুম টেকেলাং আৰু পৃকচাই বৰা, আদি বহু বিষয়ববীয়া থাকে।সকলো বিষয়ববীয়া বাছনি কৰাৰ পাছতে উৎসৱৰ দিন বাৰ নিৰ্ধাৰণ কৰা হয় আৰু কোনখন গাৱঁক “মিনম” হিচাপে নিমন্ত্ৰণ হব,-এই বিষয় লৈ আলোচনা কৰা হয়।“মিনম” মানে পঃৰাগ উৎসৱলৈ নিমন্ত্ৰণ কৰা অতিথি। সকলো বিষয়ববীয়াই সচাৰু ৰুপে নিজৰ নিজৰ দাহিত্য পাল কৰা দেখা যায়। পঃৰাগ উৎসৱৰ কাৰণে মুৰং অকুম বা মুৰং ঘৰ অপৰিহায্য। আদী-মিচিং সমাজৰ বাবে মচুপ বা মুৰংঘৰ পবিত্ৰ স্থল। কিছু কিছু গাৱঁত মচুব বা মুৰংঘৰ নোহোৱাকৈয়ো মুকলি পথাৰত পঃৰাগ উৎসৱ উৎযাপন কৰে। আজি কালি কিছু গাঁৱত বাঁহ বেটেৰে সজোৱা মৃৰংঘৰৰ সলনি পকা মৃৰংঘৰ হৈছে। বাঁহ খেৰওঁ পাবলৈ নাই। সময়ৰ গতিত খাপ খাই চলিব লাগিব। সেয়ে কিছু কিছু পৰম্পৰাওঁ এৰা ধাৰৰ মাজেৰে উৎযাপন কৰা হয়। সেই বুলি সম্পুৰ্ণ পৰম্পৰা এৰি দিয়াটো জাতিৰ শুভ লক্ষণ নহয়।

উৎসৱৰ প্ৰথম দিনটোক “পঃৰাগ দাগাং” বা “অৃঃচাং” বোলা হয়। অৃ:চাঙৰ দিনা ঘাইকৈ দুটা কাম অনুষ্ঠিত কৰা হয়।

   ১।মুৰংঘৰলৈ মিবু,সাতোলা,মিগম বৰা আৰু বৰপুৱাৰীক আদৰি অনা হয়। তেনেকৈ ডেকা বৰা,তিৰি বৰাৰ সৈতে অন্য বিষয়ববীয়া সকলওঁ আদৰি অনা হয়।

২।পঃৰাগলৈ নিমন্ত্ৰিত কৰি অনা অতিথি  সকলক সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিচৰ কাৰ্যসূচী হল মিনম্ য়ামৰৃকচুনাম।মিনম্ সকলক ঢোল-তাল বজাই নাচি-বাগি সন্মানেৰে আদৰি আনা পঃৰাগৰ উতসৱৰ পৰম্পৰা।অতিথি সকলক আদৰি অনাৰ পিছৰ পৰাই পঃৰাগ তলিৰ পৰিবেশ আনন্দ মুখৰ হৈ পৰে।

৩।পঃৰাগৰ মূল কাৰ্যসূচী আৰম্ভ হয় মাজনিশাৰ পৰা।পঃদন সকলে পঃবৰত মাঙ্গলিক কাৰ্য্যৰে আপং ভৰোৱা হয়।পঃবৰ হৈছে পঃৰ আপং চেকা সজুলি।পঃবৰত আপং ভৰোৱা কাৰ্য সমাপন কৰাৰ আন্তত গুমৰাগ চঃমানেৰে মঃচুপ বা মুৰংঘৰ ঘৰটোত পাঁচবাৰ ঘুৰিব লাগে।ইয়াকে পঃনুং নুঃনাম বোলে।ইয়াৰ পিছত আচি কান্নাম বা পানী ঢলা কাৰ্য্য আৰম্ভ হয়।পঃবৰত ঢালিব লগা পানীখিনি অপুষ্পিতা (এঁৱা)চাৰিজনী ছোৱালীয়ে জ্যেষ্ঠ গাভৰুৰ সহযোগত তুলি আনে।এনেদৰে অপুষ্পিতা ছোৱালীয়ে তুলি অনা পানীক মিবু গম্পাগ পমচি বোলা হয়। মিগম বৰা আৰু বৰপুৱাৰীয়ে পানী ঢালি কাৰ্য্য শুভ আৰম্ভ কৰে।“আচি কানানাম” সময়ত সকলোৱে দঃঞি-পঃল,কাৰ্চিং কাৰ্তাং,গুঃমৃন-চঃয়িন আদি দেৱতাসকলৰ ইদ্দেশ্যে সমস্বৰে প্ৰাৰ্থনা জনায়। এই সমবেত প্ৰাৰ্থনাক “ৰৌঃবাদলৃগলা পেনাম” বোলে।মিচিং জনবিশ্বাস মতে পঃবৰ তাঃচুক(চক)প্ৰথম টোপাল “ পঃৰৃগ” কুকুৰা ডাক নিদিয়া আগতে তলত  থোৱা পাত্ৰত পৰিব লাগে বুলি কয়।ঠাই বিশেষে কিছু নিয়ম বেলেগ বেলেগ হোৱা দেখা যায়।  

উৎসৱৰ দ্বিতীয় দিনটো অতি আকৰ্ষকণীয় হয়।এই দিনটোৰ উল্লেখযোগ্য কাৰ্যক্ৰমণিকা হল -

(১)“এঃক মান্নাম বা য়ৌগমান মান্নাম” অৰ্থাত গাহৰি উছৰ্গাৰ কাৰ্য্য আৰম্ভ হয়।কেদে নাঃনৌ,দঃঞি পঃল,কাৰ্চিং-কাৰ্তাং,গুঃমৃন-চঃয়িন আদি সৃষ্টিকৰ্তা দেৱতাসকলকৰ নামত পাঁচটা গাহৰি,তাৰে এটা য়ৌকচক(চেঁউৰী)লগতে পাঁচটা কুকুৰা উছৰ্গা কৰে।এই উছৰ্গাপ সময়ত পানীৰে ধোৱাই থোৱা গাহৰিবোৰৰ গালৈ মূল বিষয়ববীয়াজনে (অৃঃৰগৃং জনে) চাউল ছটিয়াই লগে লগে মিবু আৰু সমৱেত ৰাইজে ৰৌঃবাদলা পেনাম কৰে। অন্য বিষয়ববীয়াবোৰে গাহৰি ডিঙিত চেপা মাৰি ধৰে গাহৰিবোৰৰ বুকুতকটাৰীৰে অলপ ৰেপি সেই তাইদি চেপেটা জোঙা বাঁহ এচটা বুকুৰ ভিতৰলৈ বেদ কৰি দিয়া হয়।এই বাঁহচটাক কঃপৃদ বা চেপৃদ বোলে।উছৰ্গিত গাহৰিৰ কলিজাৰে অভিজ্ঞজনে গাৱঁৰ শুভ-অশুভৰ বিষয়ে মঙ্গল চোৱা হয়।গাহৰিৰ কলিজাত ৰাইজৰ কি কি হব পাৰে,তাৰ চিহ্ণ থকা বুলি বিশ্বাস কৰা হয়।তাকেই “আইন তাগিৰ কাঃনাম” বোলে। 

(২)জুঃনৌ মিনম্ য়ামৰৃকচুনাম আৰু পঞ্জীয়ণ কৰা।জুঃনৌ মেঃনৌ হৈছে গাৱঁৰ জীয়াৰী।গাৱঁৰ পৰা বিয়া উলিয়াই দিয়া জীয়াৰী সকলক জুঃনৌ মেঃনৌ বোলা হয়।জী-জোৱাঁই সকলক সন্মানেৰে আদৰি অনা হয়।জী-জোৱাঁইসকলৰ উদ্দেশ্যে আয়োজন কৰা ভোজ-ভাতৰ অনুষ্ঠানক জুঃনৌ মিনম্ অঃনাম্ নামে জনা যায়। সকলো জুঃনৌ মিনমে দুই যোৰাকৈ ডেকা-গাভৰু লগত লৈ অনা নিয়ম।যদি আনিব নোৱাৰে তেতিয়া সমাজৰ নিয়ম অনুসৰি ৰাইজক ডণ্ড দিব লাগে।

(৩)সেই দিনা জুঃনৌ মিনম্ সকলৰ মাজত গুমৰাগ নৃত্য প্ৰতিযোগিতা হয়। দিনৰ ভাগত এনেদৰেই আবাল বৃদ্ধ বনিতা সকলোৱে উতসৱমুখৰ পৰিৱেশত বুৰ গৈ থাকে 

(৪)অনান্য নিমন্ত্ৰিত অতিথি সকলক আদৰি অনা আৰু বিদাই দিয়া হয়।

জীয়াৰীসকলকৰ উদ্দেশ্যে আয়োজন কৰা ভোজক “দমান তৃমান” বোলে।এই কাৰ্য অতি হৃদয়স্পৰ্শী হয়।এই কাৰ্যক্ৰম সকলোৰে হৃদয়ত উলাহৰ ঢল নমায়।গাৱঁৰ সকলো উলিয়াই দিয়া জীয়াৰীক পঃৰাগৰ কেইসপ্তাহ মানৰ আগতেই নিমন্ত্ৰণ জনোৱা হয়।গাৱঁৰ কোনো এজনী জীয়াৰীয়ে যাতে বাদপৰি নেজায়,তাৰ প্ৰতি বিশেষ ভাবে চকু দিয়া হয়। কোনোবা জীয়াৰীয়ে বুঢী হৈ আহিব নোৱাৰিলে,তেওঁৰ পুতেক বা নাতিয়েক আহি পঃৰাগত যোগদান কৰেহি।পৰিয়ালৰ ককাই-ভাই,বাই-ভনী,পিতা-মাতাৰ সৈতে জীয়াৰীহঁতৰ পুনৰ্মিলন ঘটে।এই দিশৰপৰা চালে পঃৰাগ উতসৱক পুনৰ্মিলনৰ উতসৱ বুলি কব পাৰি।

তৃতীয় দিনটো প্ৰিতি ভোজৰ আয়োজন হয়।মিনম সকলৰ দ্বাৰা গুমৰাগ নৃত্য পদৰ্শন কৰা হয় আৰু ৰং ৰহইচ কৰা হয়।সন্দিয়া ফালে সাতোলা আৰু আমন্ত্ৰিত মিনম সকলক “য়ামলেন-লৃক-কুনাম” অৰ্থাত বিদাই কাৰ্য্য কৰা হয়।

চতুৰ্থ দিনটো গাৱঁৰ ৰাইজে ৰং ৰহইৰে এসাজ খোৱা-বোৱাৰ কৰা দিন। এই দিনটোত অৃ:ৰগৃং আনৌ-আবুয়ে অৰ্থাত মিগম বৰা আৰু বৰপুৱাৰীয়ে নিজৰ ফালৰ পৰা ৰাইজক এটা দতাল গাহৰি মাৰি ভোজ-ভাত খোৱা নিয়ম আছিল।আজি কালি সেই নিয়ম  নোহোৱা হৈছেগৈ।সেই দিনটোত সকলোৱে মিলি-জুলি ৰং ৰহইচ কৰে।সকলোৱে আত্মীয় কুটুমক নিচেই ওচৰত পাই আত্মহৰা হৈ পৰে।

উৎসৱৰ অন্তত য়ামে মৃমবৃৰ সকলে মিগম বৰা আৰু বৰপুৱাৰীক পূৰ্বতে আদৰি অনাৰ ধৰেই ঢোলে তালে ঘৰত আগবঢ়াই থৈ আহেগৈ।

চতুৰ্থ দিনা গাৱঁৰ ডেকা গাভৰু সকলোৱে মিলি প্ৰিতি ভোজ ভাত খোৱা হয় আৰু পঃৰাগৰ সময়ত জমা কৰা বয়-বস্তুবোৰক ঘৰে ঘৰে চমজি দিয়া হয়।যিহেতু তিনিদিন ধৰি অতিথি আল পইচান কৰোতে খোৱা-বোৱাৰ সময় নাথাকে।সেয়ে চতুৰ্থ দিনা ডেকা গাভৰু সকলোৱে মিলি জুলি একে লগা এসাজ খোৱা হয়।কিছু কিছু গাৱঁত পাঁছ দিনিয়াকৈ পঃৰাগ উৎসৱ পালন কৰা হয়। সেয়ে সেই কাৰ্য্যসূচী পাঁছ দিনৰ দিনাখনো হব পাৰে। 

পঃৰাগ সাধৰণতে তিনি দিনীয়াকৈ উৎযাপন কৰা হয়। কিছু কিছু গাৱঁত মিনম্(অতিথি) নমতাকৈও পঃৰাগ উৎযাপন কৰা হয়। তেনে পঃৰাগক “জুঃনৈ মেঃনৌ পঃৰাগ” বোলা হয়।আগৰ দিনত ধান চাউলৰ,মাছ-কাছ,শাক পাচলি,হাবি জংগল,গাবৰি-কুকুৰা আদিৰ কাৰণে কোনো অভাৱ নাছিল। সেই কাৰণে মিচিং সমাজত  পঃৰাগ উৎসৱ প্ৰতি পাঁছ বছৰৰ মুৰে মুৰে পালন কৰিছিল। কিন্তু আজি কালি তেনে পৰিবেশ নাই।বৰ্তমান চহৰমুখী জীৱন আৰু যান্ত্ৰিক যোগত কোনো কাৰো সময় নাই।পঃৰাগ উৎসৱ উৎযাপন কাৰণে গাৱঁত ডেকা গাবৰু পাবলৈ নাই। তথাপি সমাজৰ পৰম্পৰাক জীয়াই ৰাখিছে গাৱঁলীয়া সমাজখনে।পঃৰাগ উৎসৱ মিছিং সমাজৰ জাতিয় চিনাকি আৰু এৰাই কৰিব নোৱাৰা পৰম্পৰা। পঃৰাগ উৎসৱ সম্প্ৰীতি আৰু সমন্বয়ৰ উৎসৱ। পঃৰাগে মানুহক ভাল পাবলৈ,একেলগে কাম কৰিবলৈ আৰু ৰং ৰহইছেৰে জীয়াই থাকিবলৈ শিকাই। তেনে উৎসৱে সমাজত একটা জৰিডালক ঠনকিয়াল কৰি ৰাখে আৰু মিচিং জনগোষ্ঠীক পুৰ্ণাঙ্গজাতি হিচাপে গঢ়দিয়াত পঃৰাগে অপৰিসীম অৰিহণা যোগাই আহিছে।



সহায়ক পুথি-

১।মিচিং সমাজ সংস্কৃতি আৰু পৰম্পৰা-জুৱেল পেগু

২।মিচিং সংস্কৃতিৰ পটভূমি-নাহেন্দ্ৰ পাঃদুন

৩। মিচিং সংস্কৃতিৰ জিলিঙনি-পুৰ্ণানন্দ ভূঁঞা


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages