ভাল দিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

ভাল দিন

 


ভাল দিন

                    লক্ষী প্ৰসাদ ৰেগন


ভাল দিন ভাল সময়

ফুল ফল হৈ পকী সৰি গ'ল। এতিয়া আছে মাথোঁ

গছজোপা আলেঙে আলেঙে


তুমি মই পলমকৈ আহিলোঁ

পৃথিৱীৰ দুখবোৰ বুকু পাতি ল'বলৈ। এতিয়া কি কৰোঁ


সময়বোৰ একে আছে। দিনৰ পাছত ৰাতি

ৰাতিৰ পাছত দিন

মাজতে প্ৰৱেশ ঘটিছে সময়বোৰ আউল লগোৱা- সময়ৰ

সেয়ে সমস্ত সময়ৰ লঘু লাঞ্ছনা আজি


এতিয়া মোক ক'ব পাৰিবা না তোমাক ক'ব পাৰোঁ

আমিতো একেখন নাঁৱৰে সহযাত্ৰী


ইজনে সিজনক অনুভৱ কৰি

অপেক্ষা কৰোঁ আহা

এটা ভাল দিনৰ। য'ত নাথাকিব আতঙ্কৰ ঢৌ


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages