শূন্য আৰু সংখ্যা
পিংকুজিৎ
হয়-হুজুৰকৈ
কথা শুনি-মানি
অৱশেষত মই এটা
শূন্য হৈ পৰিলোঁ
মই কোৱা কথাবোৰো
এটা এটা শূন্য হৈ
হাইড্ৰ'জেন ভৰ্তি বেলুনৰ দৰে
উৰি থাকিল
অতদিনে এনেকৈ
যিবোৰ বেলুন উৰুৱাই আছোঁ
সঁচাকৈয়ে সেইবোৰক সকলোৱে শূন্য বুলি
শুদ্ধকৈয়ে বুজি আছে
শূন্যকথাৰ বেলুন উৰুৱাই উৰুৱাই
মই মানুহবোৰক
দেখিছোঁ---
ওপঙা একোটা
সংখ্যাৰ দৰে
তেওঁলোকে
বাৰে বাৰে মোক টানি নি
নিজৰ নিজৰ বুকুত
বহুৱাই ল'ব খোজে!


No comments:
Post a Comment