অ’ মোৰ ধুনীয়া কপৌফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

অ’ মোৰ ধুনীয়া কপৌফুল

 



অ’ মোৰ ধুনীয়া কপৌফুল

                                    দীপ হেষ্টিংছ বৰি

 

কোনে হৰণ কৰিলে

চেনেহীৰ মুখৰ মাত


ৰূপ দিলেও নালাগে

সোণ দিলেও নামানে

মৰম দিলেও নাভাগে ঠেঁহ


ক’ত পাওঁ যুৰীয়া কপৌফুল


পাহৰ বগাব পৰাকৈ নহ’লো পালোৱান

হাবি ভাঙিব পৰাকৈ নহলো শক্তিমান

কেনেকৈ বিচাৰি আনোগৈ কপৌফুল


কেনেকৈ ফুচুলাওঁ তোক অ’ লাহৰি

এৰি গুচি নাযাবি

তেজকে দিম কাৰোবাক

আশা তোৰ মৰহিব নিদিওঁ

গুজি দিম লাহৰী খোপাত

ধুনীয়া কপৌফুল এপাহি..





ঠিকনাঃ

সম্পাদক, গোলাঘাট জিলা কবি সন্মিলন

ভ্ৰাম্যভাষঃ ৯৮৬৪০৯৪৬০০


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages