ব'হাগ
ৰেখা বৰকটকী
যোৰহাট
ব'হাগ আজিৰ
ব'হাগ কালিৰ.
আহিব লগা ব'হাগ
কিবা যেন আচহুৱা
অচিনাকী সুবাস!
পাহৰণিৰ গৰ্ভত ব'হাগ
আধুনিকতাৰ ধামখুমীয়াত
হাবু-ডুবু খোৱা ব'হাগ
আইতা- ককাহঁতৰ
স্মৃতিৰ ব'হাগ !
কুলিজনীয়ে নাপাহৰে
বিনাবৰ উচিত সময়
কপৌ - ভাটৌ ফুলে
নাপাহৰে ফুলাৰ সময়
সেউজৰঙী জেতুকাপাত
যন্ত্ৰনাৰে দগ্ধ!
দোকানে দোকানে
তেজৰঙী "টিউৱ" যে উপলব্ধ ...
আজিৰ প্ৰজন্মই মাখিয়তীক নাজানে
জানে জানো বৰহমথুৰিৰ মহত্ব?
দেউতাৰ পদূলিত গোন্ধাবনে মাধুৰী
কেতেকী মলমলাব?
ফোন- ৯৮৫৪৮২৪২৫৫


No comments:
Post a Comment